গুৱাহাটী,২৭ এপ্ৰিল: ভাৰতক মাৰাত্মক ক'ভিড-১৯ৰ দ্বিতীয় ঢৌৰ সৈতে যুঁজ দিয়াত বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ লগতে ফ্ৰান্সেও সদ্যহতে সহায়ৰ আগবঢ়োৱাৰ সিন্ধান্ত গ্ৰহণ কৰে। ফ্ৰান্স প্ৰশাসনে ভাৰতক অতি শীঘ্রে ক'ভিড সম্পর্কীয় চিকিৎসা সামগ্রী সমূহ উপলব্ধ কৰোৱাৰ ব্যৱস্থা হাতত লোৱাৰ আশ্বাস প্ৰদান কৰে। চৰকাৰী তথ্য অনুসৰি, ফ্ৰান্সে ভাৰতীয় লোকসকলৰ ক'ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাবলৈ ৮ টা উচ্চ ক্ষমতাসম্পন্ন অক্সিজেন জেনেৰেটৰ, তৰল অক্সিজেন আৰু ২৪ টা ভেণ্টিলেটৰ প্ৰেৰণ কৰিব।
উক্ত ব্যৱস্থা প্ৰণালী সন্দৰ্ভত ফ্ৰান্সৰ বৈদেশিক মন্ত্ৰালয়ে কয়, "ফ্ৰান্স আৰু ভাৰতে কঠিন সময়ত সদায় ইজনে সিজনৰ কাষত থিয় দি আহিছে।" লগতে মন্ত্ৰালয়ে কয়, অহা সপ্তাহৰ শেষৰ ফালে বিমান আৰু সাগৰীয় মালবাহী যানৰ ব্যৱস্থাৰে ভাৰতলৈ ফ্ৰান্সত নিৰ্মিত ৮ টা চিকিৎসা সেৱাত ব্যৱহাৰ কৰা অক্সিজেন জেনেৰেটৰ প্ৰেৰণ কৰিব।
উক্ত অক্সিজেন জেনেৰেটৰৰ ফলত অক্সিজেন উৎপাদন দীৰ্ঘম্যাদী হ'ব আৰু বছৰজোৰা চিকিৎসা সেৱাত বাবে অক্সিজেন উৎপাদন কৰিব পাৰিব আৰু ইয়াৰ প্ৰতিটো গোটে ৩৫০ খন পৰ্য্যন্ত বিচনাত অক্সিজেন যোগান ধৰিবলৈ সক্ষম হ'ব।" শেষত ফ্ৰান্সে কয় যে, "উক্ত অক্সিজেন জেনেৰেটৰবোৰত অক্সিজেন চিলিণ্ডাৰ ভৰ্তি কৰাৰ বাবে ৰেম্পো অন্তৰ্ভুক্ত থাকিব, ফলত চিকিৎসালয় সমূহে অতি সহজে চিকিৎসা সেৱা অব্যাহত ৰাখিব পাৰিব।"
Comments