Choose Language

  • All  
  • English
  • অসমীয়া

দালাই লামাই ভাৰতক আগবঢ়ালে আৰ্থিক অনুদান


Published on April 27, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

ভাৰতক গুগলে দিয়া ১৩৫ কোটি টকা কোনে আৰু কেনেকৈ পাব?


Published on April 26, 2021|News Source : ৰাহুল ডেকা

গুৱাহাটী,২৫ এপ্ৰিল:ভাৰতত ক'ভিড-১৯ সংক্ৰমণ অভূতপূৰ্ব বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত গুগলে চিকিৎসা সামগ্ৰীৰ যোগানৰ বাবে আৰু আক্ৰান্ত সকলক সহায় কৰিবলৈ ১৩৫ কোটি টকাৰ পুঁজি প্ৰদান কৰিব । এই কথা জনাই গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইয়ে ।

পিচাইৰ ভাৰতৰ পুঁজি সন্দৰ্ভত দিয়া টুইটটোত এটা ব্লগৰ লিংক আছিল য'ত গুগলে অৱনতিশীল পৰিস্থিতিৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁলোকৰ প্ৰচেষ্টাত সহায় কৰাৰ উপায়বিলাকৰ বিতংভাৱে বিৱৰণ দিছিল ।

ব্লগত গুগল ইণ্ডিয়াৰ দেশৰ মুৰব্বী আৰু ভিপি সঞ্জয় গুপ্তাই লিখিছে, "আজি আমি ভাৰতৰ বাবে ১৩৫ কোটি টকা (১৮ নিযুত আমেৰিকান ডলাৰ) ঘোষণা কৰিছো। ইয়াত অন্তৰ্ভুক্ত আছে গুগলৰ জনহিতকৰ শাখা Google.org পৰা দুটা অনুদান, মুঠ ২০ কোটি টকা । প্ৰথমটো হ'ল গিভ ইণ্ডিয়াক তেওঁলোকৰ দৈনন্দিন ব্যয়ত সহায় কৰিবলৈ সংকটৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত পৰিয়ালবোৰক ধনেৰে সকাহ দিবলৈ দিয়া হৈছে আৰু দ্বিতীয়টো ইউনিচেফলৈ যাব যাতে তেওঁলোকে অক্সিজেন আৰু পৰীক্ষাৰ সঁজুলিৰ লগতে জৰুৰী চিকিৎসা সামগ্ৰী প্ৰাপ্ত কৰাত ভাৰত চৰকাৰক সহায় কৰিব পাৰে।"

এই সমগ্ৰ ৰাশিত গুগলৰ কৰ্মচাৰী আৰু সমৰ্থনকাৰী যাক গুগলাৰ বুলি কোৱা হয় তেওঁলোকেও ৩.৭ কোটি টকা প্ৰদান কৰিছে।  ইয়াৰ এটা অংশ চৰকাৰক দিয়া হ'ব যাতে তেওঁলোকে ক'ভিডৰ বিৰুদ্ধে জন সজাগতামূলক প্ৰচাৰ চলাব পাৰে ।

ভাৰতক ক'ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত ফ্ৰান্সে দিলে সকাহ


Published on April 27, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী,২৭ এপ্ৰিল: ভাৰতক মাৰাত্মক ক'ভিড-১৯ৰ দ্বিতীয় ঢৌৰ সৈতে যুঁজ দিয়াত বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ লগতে ফ্ৰান্সেও সদ্যহতে সহায়ৰ আগবঢ়োৱাৰ সিন্ধান্ত গ্ৰহণ কৰে। ফ্ৰান্স প্ৰশাসনে ভাৰতক অতি শীঘ্রে ক'ভিড সম্পর্কীয় চিকিৎসা সামগ্রী সমূহ উপলব্ধ কৰোৱাৰ ব্যৱস্থা হাতত লোৱাৰ আশ্বাস প্ৰদান কৰে। চৰকাৰী তথ্য অনুসৰি, ফ্ৰান্সে ভাৰতীয় লোকসকলৰ ক'ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাবলৈ ৮ টা উচ্চ ক্ষমতাসম্পন্ন অক্সিজেন জেনেৰেটৰ, তৰল অক্সিজেন আৰু ২৪ টা ভেণ্টিলেটৰ প্ৰেৰণ কৰিব।

উক্ত ব্যৱস্থা প্ৰণালী সন্দৰ্ভত ফ্ৰান্সৰ বৈদেশিক মন্ত্ৰালয়ে কয়, "ফ্ৰান্স আৰু ভাৰতে কঠিন সময়ত সদায় ইজনে সিজনৰ কাষত থিয় দি আহিছে।" লগতে মন্ত্ৰালয়ে কয়, অহা সপ্তাহৰ শেষৰ ফালে বিমান আৰু সাগৰীয় মালবাহী যানৰ ব্যৱস্থাৰে ভাৰতলৈ ফ্ৰান্সত নিৰ্মিত ৮ টা চিকিৎসা সেৱাত ব্যৱহাৰ কৰা অক্সিজেন জেনেৰেটৰ প্ৰেৰণ কৰিব।

উক্ত অক্সিজেন জেনেৰেটৰৰ ফলত অক্সিজেন উৎপাদন দীৰ্ঘম্যাদী হ'ব আৰু বছৰজোৰা চিকিৎসা সেৱাত বাবে অক্সিজেন উৎপাদন কৰিব পাৰিব আৰু ইয়াৰ প্ৰতিটো গোটে ৩৫০ খন পৰ্য্যন্ত বিচনাত অক্সিজেন যোগান ধৰিবলৈ সক্ষম হ'ব।" শেষত ফ্ৰান্সে কয় যে, "উক্ত অক্সিজেন জেনেৰেটৰবোৰত অক্সিজেন চিলিণ্ডাৰ ভৰ্তি কৰাৰ বাবে ৰেম্পো অন্তৰ্ভুক্ত থাকিব, ফলত চিকিৎসালয় সমূহে অতি সহজে চিকিৎসা সেৱা অব্যাহত ৰাখিব পাৰিব।"

 

Ad
Cartoon
View Older

 

December 1, 2022

most read news



    From Our Archive

    Create Account