Choose Language

  • All  
  • English
  • অসমীয়া

অষ্ট্ৰেলিয়াত ভাৰতীয় বিমানৰ অৱতৰণত নিষেধাজ্ঞা


Published on April 27, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

আয়াৰলেণ্ডে ভাৰতবৰ্ষলৈ আগবঢ়ালে ৭০০ অক্সিজেন কনচেণ্ট্ৰেইটৰ


Published on April 27, 2021|News Source : ৰাহুল ডেকা

গুৱাহাটী,২৭ এপ্ৰিল:ভাৰতৰ ক'ভিড-১৯ৰ বিপৰ্যয়ৰ প্ৰতি সাহায্য হিচাপে আয়াৰলেণ্ডে ৭০০ টা অক্সিজেন কনচেণ্ট্ৰেইটৰ প্ৰেৰণ কৰিছে ।

বায়ুৰ পৰা অক্সিজেন আহৰণ কৰা আৰু ৰোগীসকলক প্ৰদান কৰা কনচেণ্ট্ৰেইটৰবোৰ সোনকালে ভাৰতত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।

আয়াৰলেণ্ডে বন্ধুত্বৰ চিন হিচাপে ভাৰতলৈ ভেণ্টিলেটৰ প্ৰেৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছে যিটো ইউৰোপীয় ইউনিয়নৰ সমন্বিত সঁহাৰিৰ অংশ, যাতে দেশখনক ক'ভিড-১৯ ৰ বৃহৎ সংক্ৰমণৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব পাৰে।

আইৰিছ ৰাষ্ট্ৰদূত ব্ৰেণ্ডন ৱাৰ্ডে এইদৰে কৈছিল: "আয়াৰলেণ্ডত ভাৰতৰ পৰিস্থিতি সূক্ষ্মভাৱে অনুসৰণ কৰি থকা হৈছে,আয়াৰলেণ্ডত বৃহৎ সংখ্যক ভাৰতীয় সম্প্ৰদায়ৰ লোক আছে। ভাৰতীয় চিকিৎসকসকল আমাৰ স্বাস্থ্য ব্যৱস্থাৰ বাবে অতি গুৰুত্বপূৰ্ণ অংশ।

সংবাদকৰ্মীয়ে বহন কৰিব লাগিব বৈধ পৰিচয়পত্ৰ,আৰু কি কি আছে নিৰ্দেশাৱলীত?


Published on April 27, 2021|News Source : ৰাহুল ডেকা

গুৱাহাটী,২৭ এপ্ৰিল:দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ অধীনত অসমৰ ক'ভিড পৰিস্থিতি অধিক গুৰুতৰ হোৱাৰ পৰিপ্ৰেক্ষিতত অহা ২৭ এপ্ৰিলৰ পৰা ১ মে'লৈ অসমত বলৱত কৰা হল নৈশ সান্ধ্য আইন ।

দৈনিক সন্ধিয়া ৮ বজাৰ পৰা ৰাতিপুৱা ৫ বজালৈ বলৱত হৈ থাকিব এই সান্ধ্য আইন ।

নিম্নলিখিত ধৰণে অসম চৰকাৰে বিভিন্ন ক্ষেত্ৰৰ ৰেহাই দিছে,

১. ভাৰত চৰকাৰৰ বিষয়া তথা অসম চৰকাৰৰ বিষয়া, ইয়াৰ স্বায়ত্তশাসিত/অধীনস্থ কাৰ্যালয় আৰু জৰুৰীকালীন সেৱাত জড়িত ৰাজহুৱা নিগমসমূহ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু সকলো সম্পৰ্কিত চিকিৎসাৰ দৰে সেৱা
প্ৰতিষ্ঠান, আৰক্ষী,জে'লকৰ্মী,গৃহৰক্ষী, অসামৰিক,প্ৰতিৰক্ষা,অগ্নিনিৰ্বাপক আৰু একাউণ্টৰ কাৰ্যালয়,বিদ্যুত
পানী আৰু অনাময়, ৰাজহুৱা পৰিবহন (এয়াৰ/ৰে'লৱে/বাছ) সকলোবোৰক প্ৰয়োজন সাপেক্ষে বৈধ প্ৰমানপত্ৰৰ জৰিয়তে ৰেহাই দিয়া হৈছে ।

২. সকলো ন্যায়িক বিষয়াই আদালতৰ পৰা বৈধ প্ৰমানপত্ৰ তৈয়াৰ কৰিব লাগিব ।


৩. সকলো প্ৰাইভেট মেডিকেল পাৰ্চনেল যেনে চিকিৎসক,নাৰ্চিং ষ্টাফ, পেৰামেডিকেল কৰ্মচাৰী ইত্যাদি আৰু চিকিৎসালয়ৰ অন্যান্য সেৱা (যেনে ডায়গনষ্টিক চেণ্টাৰ,ক্লিনিক,
ফাৰ্মাচী,ফাৰ্মাচিউটিকেল কোম্পানী বা আন স্বাস্থ্য সেৱাসমূহ)ক ৰেহাই দিয়া হৈছে ।

৪.গৰ্ভৱতী মহিলা আৰু স্বাস্থ্য জনিত ৰোগীক ৰেহাই দিয়া হৈছে ।

৫.বিমানবন্দৰ/ৰে'লৱে ষ্টেচন/আই.এছ.বি.টি.-ৰ পৰা অহা/যোৱা কৰা ব্যক্তিয়ে ভ্ৰমণ কৰিব পাৰিব কিন্তু বৈধ টিকট লগত থাকিব লাগিব ।

৬. যিকোনো সাংবিধানিক পদত অধিষ্ঠিত ব্যক্তিসকল আৰু বিভিন্ন ৰাষ্ট্ৰৰ অধিকাৰী সকলৰ লগতে ইয়াৰ কৰ্মচাৰী সকলৰ ওপৰত কোনোধৰণৰ বাধা নাথাকিব ।

 ৭. ইলেক্ট্ৰনিক আৰু প্ৰিণ্ট মিডিয়াই বৈধ প্ৰমাণ পত্ৰ লগত ৰাখিব লাগিব ।

৮. আন্তঃৰাজ্যিক চলাচলৰ ওপৰত কোনো প্ৰতিবন্ধকতা নাথাকিব ।

৯. বাণিজ্যিক আৰু ব্যক্তিগত প্ৰতিষ্ঠানক অত্যাৱশ্যকীয় সেৱা/সামগ্ৰী প্ৰদান কৰাৰ অনুমতি দিয়া হ'ব:

ক) খাদ্য, সামগ্ৰী, ফল আৰু পাচলি, দুগ্ধজাত আৰু গাখীৰ সৈতে লেনদেন কৰা দোকানবোৰ,
মাংস আৰু মাছ, পশু খাদ্য, ফাৰ্মাচিউটিকেল, ঔষধ আৰু চিকিৎসা সঁজুলি ৰখা দোকান সমূহক ৰেহাই দিয়া হ'ব।

খ) বেঙ্ক, বীমা কাৰ্যালয় আৰু এটি.এম সমূহক ৰেহাই দিয়া হ'ব।

গ) যোগাযোগ, ইণ্টাৰনেট সেৱা, সম্প্ৰচাৰ আৰু কেবল সেৱা,আই.টি সংক্ৰান্তীয় সেৱাসমূহৰ গাড়ী বা মানুহক ৰেহাই দিয়া হ'ব ।

ঘ) ই-কমাৰ্চৰ জৰিয়তে খাদ্য, ফাৰ্মাচিউটিকেল, চিকিৎসাকে ধৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰাটো বৈধ ঘোষণা কৰা হৈছে।

ঙ) পেট্ৰ'ল পাম্প, এলপিজি, চিএনজি,পেট্ৰ'লিয়াম আৰু গেছ ৰিটেইল আৰু ষ্ট'ৰেজ আউটলেটৰ সমূহক ৰেহাই দিয়া হৈছে ।


চ) বিদ্যুৎ উৎপাদন, ট্ৰেন্সমিচন আৰু ডিষ্ট্ৰিবিউচন একক আৰু সেৱাসমূহক ৰেহাই দিয়া হৈছে ।

ছ) কোল্ড ষ্ট'ৰেজ আৰু ৱেৰহাউচিং সেৱাসমূহক ৰেহাই দিয়া হৈছে ।

জ) ব্যক্তিগত সুৰক্ষা সেৱাসমূহকো ৰেহাই দিয়া হৈছে ।


১০. ক'ভিড-১৯ ৰ  টিকাকৰণৰ গ্ৰহণ কৰিবলৈ যোৱা ব্যক্তি সকলক ৰেহাই দিয়া হ'ব।

Cartoon
View Older

 

September 20, 2021


Entertainment
View Older


From Our Archive

Create Account