Choose Language

  • All  
  • English
  • অসমীয়া
Breaking News
0
0
5250

হিমাচল প্ৰদেশত নিৰ্মান হ'ব বিশ্বৰ সৰ্বোচ্চ উচ্চতাত থকা ক্ৰিকেট ষ্টেডিয়াম


Published on April 26, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

আৰ্চাৰী বিশ্বকাপত অতনু আৰু দীপিকাৰ স্বৰ্ণ পদক দখল


Published on April 26, 2021|News Source : ৰাহুল ডেকা

গুৱাহাটী,২৬ এপ্ৰিল: নতুনকৈ বিবাহিত দম্পতী অতনু দাস আৰু দীপিকা কুমাৰীয়ে গুৱাটেমালাৰ চলিত আৰ্চাৰী বিশ্বকাপ পৰ্যায় ১ত ক্ৰমান্বয়ে পুৰুষ আৰু মহিলাৰ প্ৰতিযোগিতাত ব্যক্তিগতভাৱে সোণৰ পদক অৰ্জন কৰে। 

যোৱা বছৰ ৩০ জুনত বিবাহপাশত আৱদ্ধ হোৱা দাস আৰু দীপিকাই জয়লাভ কৰাৰ পিছতেই আৰ্চাৰী বিশ্বকাপৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে।

বিশ্বৰ প্ৰাক্তন এক নম্বৰ দীপিকাই মেক্সিকোৰ আলেজান্দ্ৰা ভেলেন্সিয়াক ৭-৩ ব্যৱধানত পৰাস্ত কৰি তেওঁৰ তৃতীয় ব্যক্তিগত বিশ্বকাপৰ স্বৰ্ণ দখল কৰে। ইফালে, অতনু দাসে স্পেনিছ বিশ্বকাপৰ নবাগত ডেনিয়েল কাষ্ট্ৰক ৬-৪ গ'লত পৰাস্ত কৰি তেওঁৰ প্ৰথম ব্যক্তিগত বিশ্বকাপ পদক দখল কৰে।

পেট কামিন্সে ভাৰতক আগবঢ়ালে ৩৮ লাখ টকা


Published on April 26, 2021|News Source : ৰাহুল ডেকা

গুৱাহাটী,২৬ এপ্ৰিল:কলকাতা নাইট ৰাইডাৰ্ছৰ তাৰকা বলাৰ পেট কামিন্সে ক'ভিড-১৯ৰ বিৰুদ্ধে ভাৰতৰ যুঁজৰ অংশীদাৰ হিচাপে ৫০,০০০ ডলাৰ(প্ৰায় ৩৮ লাখ টকা) অনুদান আগবঢ়ায় ।  

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২১ ত অংশগ্ৰহণ কৰা তেওঁৰ সহযোগী খেলুৱৈসকলক তেওঁলোকৰ সহায় আগবঢ়াবলৈ আহ্বান জনায়। 

কামিন্সে টুইটাৰত ইয়াক নিশ্চিত কৰে আৰু কয় যে যদিও তেওঁৰ পৰিমাণ পৰ্যাপ্ত নহ'ব পাৰে, ই প্ৰয়োজনীয় কাৰোবাক হয়তো সহায় কৰিব ।

"ভাৰত হৈছে এনে এখন দেশ যাক মই বহুত ভাল পাওঁ । এই সময়ত বহুতে ইমান কষ্ট পাইছে বুলি জানি মই বহুত দুখ পাইছোঁ । 

আই পি এল ২০২০ ৰ নিলামত কে কে আৰ-এ ১৫ কোটি টকাত ক্ৰয় কৰা কামিন্সে কয় যে আনক সহায় কৰাৰ বাবে আৱেগক কাৰ্যকৰী কৰাৰ সময় আহি পৰিল।

"মই মোৰ সহযোগী আই পি এল খেলুৱৈসকলক - আৰু সমগ্ৰ বিশ্বৰ আন যিকোনো খেলুৱৈক, যিসকলে ভাৰতৰ আবেগ আৰু উদাৰতাৰ দ্বাৰা অনুপ্ৰাণিত হৈছে তেওঁলোকক মই অৱদান আগবঢ়াবলৈ অনুৰোধ কৰিছো। মই ইয়াক ৫০,০০০ ডলাৰেৰে আৰম্ভ কৰিম। এনে ধৰণৰ সময়ত, অসহায় অনুভৱ কৰাটো সহজ। মই নিশ্চিতভাৱে পলমকৈ অনুভৱ কৰিছো। মই জানো যে মোৰ এই দান বেছি নহয়, কিন্তু মই আশা কৰো যে ই কাৰোবাৰ বাবে এক পৰিৱৰ্তন আনিব,"।

Cartoon
View Older

 

June 23, 2021


Entertainment
View Older


From Our Archive

Create Account