Choose Language

  • All  
  • English
  • অসমীয়া

প্ৰথম চন্দ্ৰ অভিযানৰ সদস্য মাইকেল কলিন্সৰ মৃত্যু


Published on April 29, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

কৰ’নাৰ সংক্রমণে লৈছে মহামাৰীৰ ৰূপ


Published on April 29, 2021|News Source : জনমভূমি

গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ২৮ এপ্রিল ঃ ৰাজ্যত কৰ’নাৰ সংক্রমণে ক্রমাৎ মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ দিশে অগ্রসৰ হৈছে৷ আনহাতে, জিলাই জিলাই সংক্রমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ আনহাতে, এনে পৰিস্থিতি অহা ১৫ মে’লৈ অব্যাহত থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে স্বাস্থ্য মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ উল্লেখযোগ্য যে ৰাজ্যত সম্প্রতি দৈনিক তিনি সহস্রাধিক লোক কৰ’নাত আক্রান্ত হ’বলৈ ধৰিছে৷

ইফালে কামৰূপ মহানগৰ জিলাত যোৱা কেইবাটাও দিনত সহস্রাধিক লোক আক্রান্ত হোৱাৰ উপৰি কেইবাখনো জিলাত শতাধিক লোক দৈনিক কৰ’নাত আক্রান্ত হ’বলৈ আৰম্ভ কৰিছে৷ আজি ৰাজ্যৰ স্বাস্থ্য মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যত দ্রুতগতিত বৃদ্ধি পোৱা কৰ’নাৰ সংক্রমণক লৈ উদ্বিগ্নতা প্রকাশ কৰি এই সংক্রমণ ১৫ মে’লৈ বৃদ্ধি পাই থাকিব বুলি কয়৷ তাৰ পাছতহে অসমত সংক্রমণ ক্রমাৎ হ্রাস পাবলৈ আৰম্ভ কৰাৰ সম্ভাৱনা আছে বুলি তেওঁ সদৰী কৰে৷ তেওঁ পূর্বৰ অভিজ্ঞতাৰ  কথা প্রকাশ কৰি সংক্রমণৰ গ্রাফডাল নিম্নগামী হ’বলৈ এতিয়াও ১৫২০ দিন সময়ৰ প্রয়োজন হ’ব বুলি কয়৷

ইফালে ৰাজ্যত এইপর্যন্ত কৰ’নাৰ দ্বিতীয়টো ঢৌত ৮৭জন লোক মৃত্যুমুখত পৰিছে৷ কৰ’নাৰ ক্রমবর্ধমান সংক্রমণৰ প্রতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে সকলোধৰণৰ প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰা বুলি তেওঁ সদৰী কৰে৷ আনহাতে, অসম চৰকাৰে কেৱল কৰ’না পৰীক্ষাৰ বাবেই সম্প্রতি দৈনিক ৫ কোটিকৈ টকা ব্যয় কৰি থকা বুলি সদৰী কৰি চৰকাৰৰ বাবে সদায় এই ব্যয় কৰি থকাটো সম্ভৱ নহ’ব বুলি কয়৷ ইফালে সংক্রমণ বৃদ্ধিৰ পৰিপ্রেক্ষিতত লকডাউন দিয়াৰ সম্ভাৱনা সন্দর্ভত তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশত লকডাউন দিয়াৰ বিৰোধিতা কৰিছে৷

সেয়ে ৰাজ্য চৰকাৰসমূহে সংক্রমণ ৰোধ কৰাৰ বাবে নিজা নিজা ব্যৱস্থা গ্রহণ কৰা বুলি তেওঁ সদৰী কৰে৷ তেওঁ অহা ২ মে’ৰ পৰা কৰ’না প্রতিৰোধ কৰাৰ বাবে পৃথত ব্যৱস্থা লোৱাৰ কথা সদৰী কৰি কয় যে নৈশ সান্ধ্য আইনতকৈ কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ সম্ভাৱনা আছে৷

ইফালে, পূর্বে নির্ধাৰণ কৰা বিবাহ পিছুৱাই দিয়াত তেওঁ বিৰোধিতা কৰি কভিড প্রট’কল মানি আৰু সীমিত অতিথিৰে সময়মতেই বিবাহ সম্পন্ন কৰাৰ পক্ষ গ্রহণ কৰে৷ ইফালে, ৰাজ্য চৰকাৰে নতুনকৈ জাৰি কৰা এছ অ’ পি অনুসৰি এইপর্যন্ত ৰাজ্যৰ ১৯খন জিলাত সকলো শিক্ষানুষ্ঠান আৰু হোষ্টেল বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এই জিলাকেইখনত যোৱা ১০ দিনত ৩০০তকৈ অধিক লোক কৰ’নাত আক্রান্ত হৈছে৷ লক্ষণীয় যে যোৱা দহ দিনত ৰাজ্যৰ মাত্র ৭খন জিলাতহে কৰ’নাত আক্রান্ত লোকৰ সংখ্যা শতকৰ ঘৰৰ তলত আছে৷ কামৰূপ মহানগৰ জিলাত যোৱা দহদিনত সর্বাধিক ৮ সহস্রাধিক লোক আক্রান্ত হৈছে৷

ডিব্রুগড় আৰু কামৰূপ গ্রাম্য জিলাতো ইতিমধ্যে আক্রান্তৰ সংখ্যা হাজাৰৰ ঘৰ অতিক্রম কৰিছে৷ কেইবাখনো জিলাত সম্প্রতি দৈনিক শতাধিক লোক কৰ’নাত আক্রান্ত হ’বলৈ আৰম্ভ কৰিছে৷ আনহাতে আজি ৰাজ্যত মুঠ ৩০৪৫জন লোক নতুনকৈ কৰ’নাত আক্রান্ত হৈছে৷ কেৱল কামৰূপ মহানগৰ জিলাতে ১২০৬জন লোক আক্রান্ত হয়৷ তদুপৰি আজিৰ দিনটোত ৰাজ্যৰ বিভিন্ন স্থানত মুঠ ২২জন লোক কৰ’নাত আক্রান্ত হৈ মৃত্যুমুখত পৰে৷ লক্ষ্যণীয়ভাৱে ৰাজ্যত পজিটিভিটি ৰেট ক্রমাৎ বৃদ্ধি পাবলৈ ধৰিছে৷ আজি পজিটিভিটি ৰেট ৫.৪৯ শতাংশ স্পর্শ কৰে৷

 

ৰাছিয়াই প্ৰেৰণ কৰিলে অক্সিজেন কনচেণ্ট্ৰেইটৰ,ভেন্টিলে’টৰ আৰু ঔষধ


Published on April 29, 2021|News Source : ৰাহুল ডেকা

গুৱাহাটী,২৯ এপ্ৰিল: ৰাছিয়াই ক'ভিড-১৯ ৰ দ্বিতীয় ঢৌৰ সৈতে যুঁজিবলৈ ভাৰতলৈ ২২ টনতকৈও অধিক চিকিৎসা সামগ্ৰী প্ৰেৰণ কৰিছে। এই সামগ্ৰীবোৰত আছে ২০ টা অক্সিজেন কনচেণ্ট্ৰেইটৰ, ৭৫ টা ভেণ্টিলে’টৰ, আৰু ২ লাখ পেকেট এন্টি কভিড ঔষধ।

ভাৰতত ৰাছিয়াৰ ৰাষ্ট্ৰদূত নিকোলাই কুদাশ্বেভে কৰ'না ভাইৰাছ মহামাৰীৰ দৰে সংকটৰ সময়ত ৰাষ্ট্ৰসমূহৰ মাজত সামূহিক প্ৰচেষ্টা আৰু পাৰস্পৰিক সন্মানৰ ওপৰত গুৰুত্ব আৰোপ কৰে। 

কুদাশ্বেভে লগতে কয়, "আমাৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ বাবে আমি ভাৰতীয় জনসাধাৰণৰ প্ৰতি সহানুভূতি শীল, এনেদৰে আমাৰ মাজত বন্ধুত্ব অব্যাহত থাকিব।"

Ad
Cartoon
View Older

 

December 8, 2022


Entertainment
View Older

North-East
View Older

From Our Archive

Create Account