Choose Language

  • All  
  • English
  • অসমীয়া

ভাৰতত অস্থায়ী ভাৱে বন্ধ কৰা হ'ল হ’ণ্ডা মটৰচাইকেল উৎপাদন


Published on April 29, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

প্ৰথম চন্দ্ৰ অভিযানৰ সদস্য মাইকেল কলিন্সৰ মৃত্যু


Published on April 29, 2021|News Source : ৰাহুল ডেকা

গুৱাহাটী,২৯ এপ্ৰিল: প্ৰথম চন্দ্ৰ অভিযান, এপোলো ১১ৰ সদস্য মহাকাশচাৰী মাইকেল কলিন্সৰ ফ্ল'ৰিডাত ৯০ বছৰ বয়সত মৃত্যু হয়।

মহাকাশচাৰীজনে নীল আৰ্মষ্ট্ৰং আৰু এল্ড্ৰিনৰ সৈতে চন্দ্ৰত গৈ আৰু ভৰি দি ইতিহাস সৃষ্টি কৰিছিল। কলিন্সে অৱশ্যে চন্দ্ৰত ভৰি দিয়া নাছিল,তেওঁ চন্দ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৬০ মাইল ওপৰেৰে ঘূৰি কামাণ্ড মডিউলটো পৰিচালনা কৰিছিল। অভিযানটোত নীল আৰ্মষ্ট্ৰঙ আৰু এডুইন এল্ড্ৰিনৰ সমানেই তেওঁৰ অৱদান সমানে অপৰিহাৰ্য আছিল। 

তেওঁ দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল।

 

কেন্দ্ৰই বৃদ্ধি কৰিলে দিল্লীৰ গভৰ্ণৰৰ ক্ষমতা


Published on April 29, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী,২৯ এপ্ৰিলঃ  কেন্দ্রই  ২৭ এপ্রিল,২০২১ তাৰিখে গভৰ্ণমেণ্ট অফ নেশ্বনেল কেপিটেল টেৰিটৰী অফ দিল্লী (সংশোধিত) এক্ট -২০২১ৰ তৎকালীন ভাৱে কাৰ্য্যকৰী কৰাৰ জাননী জাৰি কৰে যি আইনে দিল্লীৰ নিৰ্বাচিত চৰকাৰখনতকৈ দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰৰ ক্ষমাতে বৃদ্ধি কৰে। উক্ত আইন খনে দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰক ইমানেই ক্ষমতাশালী হিচাপে প্ৰতিষ্ঠিত কৰিছে যে তেওঁক ’দিল্লী চৰকাৰ’ হিচাপেই স্বীকৃতি দিছে। 
সম্প্ৰতি লেফটেনেণ্ট গভৰ্ণৰ অনিল বৈজালক দিল্লীৰ ’নতুন চৰকাৰ’ৰ দায়িত্ব অৰ্পণ কৰা হয়।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ২৮ মাৰ্চত দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (সংশোধনী) আইন, ২০২১ খনত সন্মতি প্ৰদান কৰি নতুন চৰকাৰৰ দায়িত্ব দিয়ে। বৰ্তমান দিল্লীত নিৰ্বাচিত চৰকাৰৰ ক্ষমতা সীমিত হোৱাৰ লগতে কোনো বিষয়ৰ দিল্লী চৰকাৰৰ কেবিনেট মন্ত্ৰী সভাত কাৰ্য্যকৰী কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে সেই বিষয়ত লেফটেনেণ্ট গভৰ্ণৰৰ মতামত গ্ৰহণযোগ্য হৈ থাকিব। 

Cartoon
View Older

 

May 13, 2021




From Our Archive

Create Account