গুৱাহাটী,২৯ এপ্ৰিল: মেক্সিকোৰ কাৰ্লা জেচিণ্টোৰ নিৰ্যাতনৰ দুখজনক কাহিনী শুনিলে আপোনাৰো চকু সেমেকি উঠিব । এগৰাকী নাবালিকা যি ভুলক্ৰমে এজন মানৱ সৰবৰাহীৰ হাতত পৰিছিল আৰু তাৰ পিছত আৰম্ভ হ’ল যন্ত্ৰনাময় কাহিনী।
কাৰ্লাৰ নিজৰ অনুমান অনুসৰি, মানৱ সৰবৰাহকাৰীৰ হাতত পৰাৰ পিছত প্ৰায় ৪৩,২০০ বাৰ তাইক ধৰ্ষণ কৰা হৈছিল।
তাই কয় যে চাৰি বছৰত সপ্তাহত সাতদিনকৈ দৈনিক ৩০ জনকৈ পুৰুষে তাইক ধৰ্ষণ কৰিছিল ।
কাৰ্লাক ৫ বছৰ বয়সৰ পৰাই দুৰ্ব্যৱহাৰ কৰা হৈছিল । কাৰ্লাই কৈছিল যে তাই যিমান দিনৰ পৰা মনত পৰে সিমান দিনৰ পৰাই তাইক উৎপীড়ন চলোৱা হৈছিল । তাইক ৫ বছৰ বয়সৰ পৰাই আত্মীয়ই যৌন নিৰ্যাতন আৰু প্ৰচণ্ড দুৰ্ব্যৱহাৰ কৰিছিল ।
কাৰ্লাৰ তেতিয়া ১২ বছৰ, তাই মেক্সিকো চিটিৰ এটা ষ্টেচনৰ ওচৰত নিজৰ বন্ধুৰ বাবে অপেক্ষা কৰি বহি আছিল, তেনে সময়তে মিঠাই বিক্ৰী কৰা কিছুমান ল'ৰা তাইৰ ওচৰলৈ আহিছিল, তাইক কৈছিল যে কোনোবাই তাইক উপহাৰ হিচাপে চকলেট এটা পঠিয়াইছে। তাই জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল যে কোনে তাইৰ বাবে চকলেট উপহাৰ হিচাপে দিছে, সেয়াই যেন কাল হ'ল তাইৰ বাবে । তাইক সেই অচিনাকি পুৰুষজনে ফুচুলাই আৱদ্ধ কৰি পেলালে প্ৰেমৰ মায়াজালত। লাহে লাহে বাঢ়িব ধৰে তেওঁলোকৰ ঘনিষ্ঠতা, তেওঁ তাইক মেক্সিকোৰ ডাঙৰ চহৰ গুৱাদাজালা লৈ গৈছিল আৰু তাতেই দুয়ো একেলগে আছিল। অচিনাকি পুৰুষজন কাৰ্লাতকৈ ১০ বছৰে ডাঙৰ আছিল ।
কাৰ্লাই কৈছিল,"মই তেওঁৰ সৈতে তিনি মাহ বাস কৰিছিলো য'ত তেওঁ মোক খুব ভাল ব্যৱহাৰ কৰিছিল। তেওঁ মোক ভাল পাইছিল, তেওঁ মোক কাপোৰ কিনি দিছিল,মোক মনোযোগ দিছিল, মোক জোতা, ফুল, চকলেট সকলোবোৰ কিনি দিছিল, সকলো বোৰ ধুনীয়া আছিল" ।
কাৰ্লাই কয় যে, কেইদিনমান পিছত তাই লক্ষ্য কৰিলে যে তাইৰ প্ৰেমিকৰ সম্পৰ্কীয় সকলে প্ৰতি সপ্তাহত নতুন ছোৱালীৰ সৈতে নিজৰ কোঠাত প্ৰৱেশ কৰে। তাত যেন তাইৰ অলপ সন্দেহ হ'ল,অৱশেষত যেতিয়া তাই সাহস কৰি প্ৰেমিকক সুধিলে যে তেওঁলোক কি ব্যৱসায়ত সংযোজিত হৈ আছে, তেতিয়াহে তেওঁ তাইক সঁচা কথাটো কৈছিল। তেওঁ কৈছিল তেওঁলোক একোজন মানৱ দেহ সৰবৰাহী।
কাৰ্লাই কৈছিল "কেইদিনমানৰ পিছত তেওঁ মোক মই কৰিব লগা সকলো বোৰ কাম কৰিবলৈ ক'বলৈ আৰম্ভ কৰিলে; মোৰ অৱস্থা, মই কিমান মাচুল ল'ব লাগিব, গ্ৰাহকৰ সৈতে মই কি কৰিব লাগিব আৰু মই তেওঁলোকৰ সৈতে কেনে ব্যৱহাৰ কৰিব লাগিব বা মই তেওঁলোকৰ সৈতে কেনেদৰে কথা পাতিব লাগিব এই সকলোবোৰ কথা মোক জনাইছিল বা শিকাই দিছিল"।
চাৰি বছৰৰ নৰক যন্ত্ৰণাত তাইক পতিতালয়, পথৰ কাষৰ হোটেল, পতিতাবৃত্তিৰ বাবে জনাজাত ৰাস্তা আৰু আনকি ঘৰলৈও প্ৰেৰণ কৰা হৈছিল । কোনো বন্ধ বা বিৰতিৰ দিন ৰখা হোৱা নাছিল, আৰু প্ৰথম কেইদিনমানৰ পিছত, তাইক দিনত কমেও ৩০ জন গ্ৰাহকক সন্তুষ্ট কৰিবলৈ দিয়া হৈছিল, সপ্তাহত সাতদিন,কোনোধৰণৰ বন্ধ নাই।
কাৰ্লাই কৈছিল যে তাই কাম কৰিব নিবিচাৰিলে তেওঁলোকে তাইৰ গোটেই শৰীৰত চেইনৰে মাৰিছিল,ঘুছিয়াইছিলি,লাথি মাৰিছিল,চুলি টানিছিল,মুখত থু পেলাইছিল আৰু কেতিয়াবা তাইক ইস্ত্ৰীৰে জ্বলাই দিছিল।
সেইসময়ত তাইৰ বয়স আছিল মাত্ৰ ১৫ বছৰ যেতিয়া তাই এটা সন্তান জন্ম দিছিল । এবাৰ যেতিয়া তাই পতিতাবৃত্তিৰ বাবে জনাজাত এখন হোটেলত কাম কৰি আছিল,সেইখন হোটেললৈ পুলিচ আহিছিল। কিন্তু তেওঁলোকে ভুক্তভোগী সকলক বচাবৰ পৰিৱৰ্তে হোটেলখন বন্ধ কৰিবলৈ দি নিৰ্যাতন হে চলাইছিল। কেঁচুৱাটো জন্ম হোৱাৰ এমাহ পিছত বেশ্যালয়ৰ মানুহে কেঁচুৱাটোক তাইৰ পৰা আঁতৰাই লৈ গৈছিল, আৰু কেঁচুৱাটোক এবছৰতকৈ অধিক বয়সলৈকে তাইক পুনৰ লগ কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল।
অৱশেষত ২০০৮ চনত মেক্সিকোত সৰবৰাহ বিৰোধী অভিযানৰ সময়ত কাৰ্লা জেচিণ্টোক উদ্ধাৰ কৰা হৈছিল। এতিয়া সেই কাৰ্লা জেচিণ্টোই মেক্সিকোত মানৱ সৰবৰাহীৰ বিৰুদ্ধে সজাগতামূলক অভিযান চলাই আছে,বহু ঠাইত তাই অবৈধ পতিতালয়বোৰ উচ্ছেদো কৰিছিল ।
Comments