Classifieds
View All
গুৱাহাটী,২৮ এপ্ৰিল: বৰ্তমানৰ ভাৰতৰ ভয়ংকৰ ক'ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভূটানে ভাৰতক যোগান ধৰিব তৰল অক্সিজেন।
প্ৰতিদিনে ভূটানৰ চামদ্ৰুপ ঝংখাৰ অক্সিজেন প্ৰকল্পৰ দ্বাৰা উৎপাদিত চল্লিশ মেট্ৰিক টন তৰল অক্সিজেন ক্ৰায়'জেনিক টেংকাৰ ব্যৱহাৰ কৰি অসমলৈ ৰপ্তানি কৰা হ'ব।
ভূটানৰ দ্বাৰা প্ৰেৰণ ক'ৰা এই অক্সিজেনৰ ফলত ক'ভিড-১৯ৰ বিৰুদ্ধে ভাৰতে যুঁজি থকা যুঁজৰ সমভাগী হ'ল ভূটান ।
ভূটান চৰকাৰৰমতে এয়া ভাৰত আৰু ভূটানৰ মাজত থকা ঘনিষ্ঠ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ এক ব্যৱহাৰিক প্ৰকাশ।
Comments
নগাঁৱত আতংক:ভূমিকম্পত হেলনীয়া হৈ পৰিল এটা নৱনিৰ্মিত অট্টালিকা
Published on April 28, 2021|News Source : প্ৰণৱজ্যোতি দত্ত
অট্টালিকাটো চহৰখনৰ ফৌজদাৰীপট্টিৰ কাঠমিল চাৰিআলিস্থিত জগদীশ প্ৰসাদ নামৰ এগৰাকী ঠিকাদাৰৰ আছিল।
ভূমিকম্পৰ সময়ত অট্টালিকাটোত দুটা পৰিয়ালৰ ৫ জন সদস্য আছিল যদিও সৌভাগ্যক্ৰমে তেওঁলোক ৰক্ষা পৰে।
ডুবাই আৰু ছিংগাপুৰৰ পৰা আহি পালে ক্ৰায়'জেনিক অক্সিজেন কণ্টেইনাৰ
Published on April 28, 2021|News Source : ৰাহুল ডেকা
গুৱাহাটী,২৮ এপ্ৰিল: ভাৰতীয় বায়ু সেনাই ডুবাই আৰু ছিংগাপুৰৰ পৰা ৯ টা ক্ৰায়'জেনিক অক্সিজেন কণ্টেইনাৰ বিমানেৰে কঢ়িয়াই পশ্চিম বংগৰ পানাগড় বিমান বন্দৰলৈ লৈ আহে ।
তদুপৰি, ২৭ এপ্ৰিলত ভাৰতীয় বায়ু সেনাৰ বিমানে ইন্দ'ৰৰ পৰা জামনগৰলৈ দুটা ক্ৰায়'জেনিক অক্সিজেন কণ্টেইনাৰ, উদয়পুৰ আৰু যোধপুৰৰ পৰা জামনগৰলৈ দুটা আৰু হিন্দনৰ পৰা ৰাঁচীলৈ দুটা ক্ৰায়'জেনিক অক্সিজেন কণ্টেইনাৰ বিমানযোগে প্ৰেৰণ কৰিছে ।
ভাৰতীয় বায়ু সেনাই হায়দৰাবাদৰ পৰা ভূৱনেশ্বৰলৈ আঠটা ক্ৰায়'জেনিক অক্সিজেন কণ্টেইনাৰ, ভূপালৰ পৰা ৰাঁচীলৈ দুটা আৰু চণ্ডীগড়ৰ পৰা আকৌ ৰাঁচীলৈ দুটা কণ্টেইনাৰ বিমানযোগে প্ৰেৰণ কৰে ।
চিকিৎসাৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয় চিকিৎসা সামগ্ৰী অক্সিজেনৰ বিতৰণ ত্বৰান্বিত কৰিবলৈ ভাৰতীয় বায়ু সেনাই দেশৰ বিভিন্ন ফিলিং ষ্টেচনলৈ খালী অক্সিজেন টেংকাৰ আৰু কণ্টেইনাৰবোৰ বিমানেৰে লৈ আহিছে ।