Choose Language

  • All  
  • English
  • অসমীয়া
0
0
5136

ক'ভিড ১৯ সংকট: দিল্লীত মৃতকৰ সৎকাৰৰ বাবে কাঠ-খৰিৰ অভাৱ


Published on April 29, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

প্রবল ভূমিকম্পই জোকাৰিলে ৰাজ্য


Published on April 29, 2021|News Source : জনমভূমি

গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্টাৰ, ২৮ এপ্রিলঃ পুৱাই আজি কঁপি উঠিল ধৰিত্রী৷ এটাৰ পাছত এটাকৈ অহা কেইবাটাও ভূমিকম্পত কঁপি উঠিল সমগ্র অসম৷ পূৱা ৭-৫১ মিনিট ২৫ ছেকেণ্ডত অনুভূত হয় প্রথমটো ভূমিকম্পৰ জোকাৰণি৷ ৰিখটাৰ স্কেলত ৬.৪ প্রাবল্যৰ এই ভূমিকম্পটোৰ অভিকেন্দ্র আছিল শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ হুগ্রাজুলি অঞ্চল৷ ভূগর্ভৰ ১৭ কিল’মিটাৰ অভ্যন্তৰত উৎপত্তি হৈছিল ভূমিকম্পটোৰ৷

পূৱা ৭-৫১ বজাত অহা প্রথমটো ভূমিকম্পৰ পাছতেই ৮-০৩ বজাত ৪.৭ প্রাবল্যৰ দ্বিতীয়টো আৰু ৮-১৩ বজাত ৪.০ প্রাবল্যৰ তৃতীয়টো ভূমিকম্পৰ জোকাৰণি অনুভূত হয়৷ আনহাতে ইয়াৰ পাছতো বিয়লি পাঁচ বজালৈকে সৰু সৰু ৭টা ভূমিকম্পই ৰাজ্যখনক জোকাৰি যায়৷ ইয়াৰে ভিতৰত ৫টা ভূমিকম্পৰ অভিকেন্দ্র শোণিতপুৰ জিলাত, এটা ভূমিকম্পৰ অভিকেন্দ্র নগাঁৱত আৰু আন ভূমিকম্পৰ অভিকেন্দ্র আছিল মৰিগাঁও জিলাত৷ ভূমিকম্পৰ সময়ত আতংকিত হৈ বহু লোক ঘৰৰ বাহিৰলৈ ওলাই অহাও পৰিলক্ষিত হয়়৷

ইফালে, পুৱা ৭-৫১ বজাত অহা  ভূমিকম্পটোৰ ফলত ৰাজ্যখনত বিভিন্ন স্থানত বিস্তৰ ক্ষয়-ক্ষতি হোৱাৰ লগতে তিনিজনকৈ লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে৷ সর্বাধিক ক্ষতি হৈছে গুৱাহাটী মহানগৰীত৷ মহানগৰীখনৰ বিভিন্ন স্থানত থকা বহুতো অট্টালিকাত ফাট মেলিছে৷ ইফালে, প্রথমটো ভূমিকম্পৰ অভিকেন্দ্র ঢেকীয়াজুলিৰ বিভিন্ন স্থানত মাটি ফুটি পানী ওলাই আহে৷ আনকি এখন শুকান নদীও পানীৰে ভৰি পৰে৷ একেদৰে মিছামাৰীৰ পথাৰতো পানী ওলাই থকা দেখিবলৈ পোৱা গৈছে৷

ভূমিকম্পৰ জোকাৰণিত পুৰণিগুদামৰ মহা মৃত্যুঞ্জয় মন্দিৰৰ উপৰি গুৱাহাটীৰ উমানন্দ মন্দিৰ আৰু বটদ্রৱা থানৰো ক্ষতিসাধন হয়৷ ৰঙিয়া বঙালীকুছিৰ ৰে’ল দলঙত ভূমিকম্পৰ ফলত বৃহৎ ফাট মেলাত ৰে’ল যাতায়াত সাময়িকভাৱে ব্যাহত হৈ পৰে যদিও পাছত পুনৰ ৰে’ল চলোৱাৰ দিহা কৰা হয়৷ ভূমিকম্পৰ ফলত ভৈৰৱকুণ্ড পাহাৰৰ মাটিও ভয়ংকৰ ৰূপত খহি পৰে৷ গুৱাহাটী মহানগৰীৰ গণেশগুৰি, উলুবাৰী, ভেটাপাৰা, কালাপাহাৰ আদি স্থানত বহুকেইটা অট্টালিকাত বৃহৎ ফাট মেলে৷ উলুবাৰীৰ ইনফিনিটী 

ছিগনেছাৰ এপার্টমেণ্টৰ পানীৰ পাইপ ফাটি যোৱাৰ ফলত বহুকেইটা কোঠা জলমগ্ন হৈ পৰে৷ গুৱাহাটীৰ এপল’ হস্পিটেল, তাজ ভিভান্তা আদিটো ফাট মেলিছে৷ আনহাতে বেলতলাৰ লক্ষ্মী এপার্টমেণ্টত ভূমিকম্পৰ ফলত ইমানেই ক্ষতি হ’ল যে এপার্টমেণ্টটোত বাস কৰা পৰিয়ালসমূহে এতিয়া নিজা ঘৰ এৰিবলৈ বাধ্য হৈ পৰিছে৷ আমিনগাঁৱত আকৌ এটা কুৱা চাৰি-পাঁচ ফুট ওপৰলৈ উঠি আহে৷ ইফালে, গুৱাহাটী দূৰদর্শন কেন্দ্রত থকা গেছৰ চিলিণ্ডাৰৰ পৰা গেছ নির্গত হোৱাত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ পাছত অগ্নিনির্বাপক বাহিনীৰ লোক আহি পৰিস্থিতি নিয়ন্ত্রণ কৰে৷

আনহাতে, গুৱাহাটীত আতংকিত হৈ বহুকেইজন লোক আহত হোৱাৰো তথ্য পোৱা গৈছে৷ বিহুৰাণী মাধুৰিমা চৌধুৰীয়ে আতংকিত হৈ ঘৰৰ ওপৰৰ পৰা তললৈ নানি আহেঁাতেই পিছলি পৰাত তেওঁৰ হাত ভাগি আহত হয়৷ কালাপাহাৰৰ খনীন্দ্র ডেকা নামৰ লোকজনো আতংকিত হৈ তিনি মহলীয়া ঘৰৰ পৰা জাঁপ মাৰি দিয়াত  গুৰুতৰভাৱে আহত হয়৷ একেদৰে ভেটাপাৰাত ঘৰৰ ছাদ ভাঙি ছাহিৰুল ইছলাম নামৰ এজন লোক আহত হয়৷ভূমিকম্পৰ পাছতেই  ৰাজ্যিক দুযোর্গ প্রশমন বিভাগে ট’লফ্রী নম্বৰ মুকলি কৰিছে৷ জিলা কণ্ট্র’ল ৰূমৰ নম্বৰ ১০৭৭ আৰু ৰাজ্যিক কণ্ট্র’ল ৰূমৰ নম্বৰ হৈছে ১০৭০১০৭৯৷ 

মন কৰিব লগীয়া কথা যে ভূমিকম্পৰ সময়ত  গুৱাহাটীৰ চন্দ্রপুৰত প্রসন্ন কলিতা নামৰ ৭০ বছৰীয়া লোকজনৰ হূদযন্ত্রৰ ক্রিয়া বন্ধ হোৱাত মৃত্যু ঘটে৷ একেদৰে নগাঁৱত লাৱণ্য শইকীয়া আৰু  ব্রজেন দাস নামৰ দুজন লোকৰো মৃত্যু ঘটে৷ ইফালে গুৱাহাটীত থকা অসম অইলৰ কার্যালয়ৰো বিস্তৰ ক্ষতিসাধন হোৱা পৰিলক্ষিত হয়৷ নগাঁও, কোকৰাঝাৰ, বঙাইগাঁও আদিটো ভূমিকম্পৰ ফলত ক্ষতিসাধন হয়৷ প্রধানমন্ত্রী, গৃহ মন্ত্রীৰ ফ’ন ঃ পুৱা ভূমিকম্পই জোকাৰি যোৱাৰ পাছতেই প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে টেলিফ’ন কৰি পৰিস্থিতিৰ বুজ লয়৷

প্রধানমন্ত্রীজনে প্রয়োজনত ৰাজ্য চৰকাৰখনক সকলো ধৰণৰ সহায় কৰাৰো প্রতিশ্রুতি দিয়ে৷ আনহাতে, প্রধানমন্ত্রীৰ ফ’নৰ পাছতেই কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহেও সোণোৱালৰ সৈতে বার্লাপত মিলিত হৈ পৰিস্থিতিৰ বুজ লয়৷ একেদৰে ড’নাৰ মন্ত্রী ড০ জিতেন্দ্র সিং আৰু কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণেও মুখ্যমন্ত্রী সোণোৱাললৈ ফ’ন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ কথা জানিব পৰা গৈছে৷ বিহাৰ, গুজৰাট, বাংলাদেশ, ভূটানটো জোকাৰণি ঃ সংবাদ প্রতিষ্ঠানৰ বাতৰি মতে, উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যকেইখনৰ উপৰি পশ্চিম বংগ, বিহাৰৰ লগতে চুবুৰীয়া ৰাষ্ট্র বাংলাদেশ, ভূটানটো ভূমিকম্পৰ জোকাৰণি অনুভূত হয়৷ বাংলাদেশৰ ঢাকা, চিলেট আদি অঞ্চলৰ লোক আতংকিত হৈ ঘৰৰ বাহিৰলৈ ওলাই অহা পৰিলক্ষিত হয়৷ আজি গুজৰাটকো ৫.৮ প্রাবল্যৰ আন এটা ভূমিকম্পই জোকাৰি যায়৷

ৰঙিয়াত  ভূমিকম্পৰ ফলত ৰে’লৰ দলঙত ফাট ঃ ৰঙিয়াৰ নিজা বাতৰি দিওঁতা ঃ ৰাজ্য কঁপাই যোৱা প্রবল ভঁূইকঁপৰ ফলত ৰঙিয়াতো আজি বিস্তৰ ক্ষতিসাধন হোৱাৰ বাতৰি পোৱা গৈছে৷ ভূমিকম্পৰ ফলত ৰঙিয়া আৰু গুৱাহাটীৰ মাজৰ ৰে’লপথৰ হাতীশিলা দলঙৰ (নং-৫১৬) তল অংশত ফাট মেলা পৰিলক্ষিত হয়৷ স্থানীয় ৰাইজে লগে লগে ৰে’ল কর্তৃপক্ষক খবৰ দিয়াত ৰঙিয়া আৰু চাংসাৰি ৰে’ল ষ্টেছনত কেইবাখনো ৰে’লগাড়ী নিয়ন্ত্রণ কৰা হয়৷

ৰে’ল বিভাগৰ উচচপদস্থ বিষয়াই পাছত দলংখন পর্যবেক্ষণ কৰি মেৰামতিৰ ব্যৱস্থা গ্রহণ কৰে৷ ইফালে, ভূমিকম্পৰ ফলত ৰঙিয়াৰ কাউৰবাহাত মাটিত ফাট মেলে৷ স্থানীয় ৰাইজ এই ঘটনাত আতংকিত হৈ পৰে৷ ভূমিকম্পৰ ফলত ৰঙিয়া চহৰৰ ব্রীকফিল্ড ৰে’লৱে কলনিৰ কেইবাটাও আৱাসগৃহৰ দেৱালতো ফাট মেলে৷ আনহাতে, ৰঙিয়াৰ শান্তিপুৰ, মূৰাৰা, এন টি ৰ’ডৰ কেইবাটাও অট্টালিকাতো ভূমিকম্পৰ ফলত ফাট মেলা বুলি খবৰ পোৱা গৈছে৷

 

Cartoon
View Older

 

June 15, 2021


Entertainment
View Older


From Our Archive

Create Account