Cartoon
View Older
গুৱাহাটী,৩০ এপ্ৰিল: ভাৰতবৰ্ষৰ ক'ভিড বিপৰ্যয়ৰ সময়ত সকলোৱে নিজৰ সাধ্য অনুযায়ী সহায় আগবঢ়াইছে । বিভিন্ন ৰাষ্ট্ৰই ভাৰতবৰ্ষৰ বাবে প্ৰেৰণ কৰিছে অক্সিজেন কনচেণ্ট্ৰেইটৰ আৰু বিভিন্ন চিকিৎসা সামগ্ৰী ।
তেনে পৰিপ্ৰেক্ষিতত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ক'ভিড বিৰুদ্ধে সজাগতাৰ সৃষ্টিৰ বাবে এখন ভ্ৰাম্যমান বাহন উদ্বোধন কৰে।
আজি ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰভাৰী জিতেন্দ্ৰ সিং আৰু সভাপতি ৰিপুন বৰাৰ নেতৃত্বত বাহনখন উদ্বোধন কৰা হয় ।
বাহনখনৰ আগফালে কংগ্ৰেছৰ পতাকা এখন বান্ধি দিয়া হৈছে আৰু ওপৰত এটা মাইক্ৰ’ফ’ন গাঠি দিয়া হৈছে ।
Comments
নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী আৰু নিৰাপত্তাৰক্ষীক ক'ৰা হ'ল ক'ভিড পৰীক্ষা
Published on April 30, 2021|News Source : ৰাহুল ডেকা,ফটো: ৰেৱ কুমাৰ বৰা
গুৱাহাটী,৩০ এপ্ৰিল: আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ কেইদিনমান আগতে তৎপৰ হৈ পৰিছে অসমৰ স্বাস্থ্য বিভাগ । আজি আগন্তুক নিৰ্বাচনৰ ভোটগণনাৰ সমগ্ৰ প্ৰক্ৰিয়াত সহায় সহযোগ কৰিব লগীয়া সকলে ব্যধ্যতামূলক হিচাপে কৰিব লগা হৈছে ক'ভিড পৰীক্ষা ।
নিৰ্বাচন আয়োগে ধৰি দিয়া নিয়ম অনুসৰি স্বাস্থ্য বিভাগে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থী,কাউন্টিং এজেন্ট তথা আন সংযোজিত বিষয় ববীয়া সকলৰ ক'ভিড পৰীক্ষা বাধ্যতামূলক কৰি দিছে । লগতে নিৰাপত্তাৰক্ষী সকলৰো ক'ভিড পৰীক্ষা কৰা হৈছে ।
নিৰ্বাচনৰ বিষয়ববীয়া সকলক ৰবীন্দ্ৰ ভৱন আৰু প্ৰাৰ্থী সকলক লক্ষ্মীৰাম বৰুৱা সদনত ক'ভিড পৰীক্ষা কৰি থকা হৈছে ।
শাৰীৰিক দূৰত্ব বজাই নৰখাকৈয়ে কভিড টেষ্ট হৈছে ভোট গণনাত নিয়োজিত চৰকাৰী বিষয়া, আৰক্ষীৰ
Published on April 30, 2021|News Source : জনমভূমি নিউজ ডেস্ক, গুৱাহাটী, ফটোঃ ৰেৱ কুমাৰ বৰা
গুৱাহাটী, ৩০ এপ্ৰিলঃ অহা ২ মে’ ত হ’ব অসম বিধান সভা নিৰ্বাচনৰ ভোট গণনা। সেয়েহে, কভিড মহামাৰী সংক্ৰমণৰ প্ৰতিৰোধক হিচাপে ভাৰতৰ নিৰ্বাচন আয়োগে বাধ্যতা মূলক কৰিছে কভিড টেষ্ট ভোট গণনাত কৰ্তব্য পালন কৰিবলগীয়া সকলো কৰ্মচাৰী-বিষয়াৰ।
আজি জিলা পুথি ভড়ালত ভোট গণনা প্ৰক্ৰিয়াত নিযুক্ত আৰক্ষী কৰ্মী সকলৰ বাবে কভিড টেষ্ট শিৱিৰ আয়োজন কৰাৰ লগতে আন চৰকাৰী বিষয়া কৰ্ৰমচাৰীৰ বাবে ৰবীন্দ্ৰ ভৱনত আয়োজন কৰা হয় কভিড টেষ্ট শিৱিৰ।
ভোট গণনা প্ৰক্ৰিয়াৰ সৈতে জড়িত হ’ব লগীয়া লোক সকলৰ কভিড প্ৰট’কল অনুসৰি শাৰীৰিক দূৰত্ব বৰ্তাই নৰখাকৈয়ে কভিড টেষ্ট সম্পন্ন কৰা দেখা গ’ল, যিটো এই সময়ত অতি আপত্তিজনক। মহামাৰীৰ তাণ্ডৱৰ মাজত এনে অসজাগ আচৰণে সকলোৰে বাবে এক অসুস্থ উদাহৰণ দাঙি ধৰিছে।
Published on January 1, 1970|News Source :