Choose Language

  • All  
  • English
  • অসমীয়া

ক'ভিডত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিলে 'শ্বুটাৰ দাদী' চান্দ্ৰো টোমাৰে


Published on April 30, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

নমাডলেণ্ডে জয় কৰিলে তিনিটা বঁটা


Published on April 27, 2021|News Source : জনমভূমি

নতুন দিল্লী, ২৬ এপ্রিল ঃ ৯৩সংখ্যক অস্কাৰ বঁটা ঘোষণা কৰা হৈছে৷ এইবাৰ নমাডলেণ্ডে সর্বাধিক তিনিটা বঁটা লাভ কৰে৷ চিনেমাখনে শ্রেষ্ঠ বোলছবি, শ্রেষ্ঠা অভিনেত্রী আৰু শ্রেষ্ঠ পৰিচালকৰ অস্কাৰ বঁটা লাভ কৰে৷ চিনেমাখনৰ পৰিচালক ক্লৱি ঝাওক শ্রেষ্ঠ পৰিচালকৰ বঁটাৰে সন্মানিত কৰা হৈছে৷ তেওঁ অস্কাৰৰ ইতিহাসত এই বঁটা লাভ কৰা দ্বিতীয়গৰাকী মহিলা৷

ইয়াৰ আগতে ২০০৯ বর্ষত কেথৰিন  বিগেল’ই শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছিল৷ ইফালে চিনেমাখনত কৰা অভিনয়ৰ বাবে ফ্রান্সিছ মেকডর্মাণ্ডে শ্রেষ্ঠ অভিনেত্রীৰ অস্কাৰ লাভ কৰে৷ তেওঁ তৃতীয়বাৰলৈ এই বঁটা জয় কৰে৷  ইফালে, প্রবীণ অভিনেতা এন্থনী হপকিন্সে দ্য ফাদাৰত কৰা অভিনয়ৰ বাবে শ্রেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে৷ ৭৩ বছৰীয়া অভিনেতাজন অৱশ্যে বঁটা প্রদান অনুষ্ঠানত উপস্থিত নাছিল৷ ইফালে, দক্ষিণ কোৰিয়াৰ অভিনেত্রী য়ুহ-জুং য়ুনে শ্রেষ্ঠ সহযোগী অভিনেত্রীৰ বঁটা লাভ কৰি ইতিহাসৰ সৃষ্টি কৰে৷

শ্রেষ্ঠ সহযোগী অভিনেত্রীৰ অস্কাৰ লাভ কৰা তেওঁ হ’ল দক্ষিণ কোৰিয়াৰ প্রথমগৰাকী আৰু এছিয়াৰ দ্বিতীয়গৰাকী অভিনেত্রী৷ উল্লেখযোগ্য যে প্রিয়ংকা চোপ্রা, ৰাজকুমাৰ ৰাও আৰু আদর্শ গৌৰৱৰ চিনেমা দ্য হোৱাইট টাইগাৰে অস্কাৰৰ মনোনয়ন লাভ কৰে যদিও বঁটা জয় কৰিব নোৱাৰিলে৷ শ্রেষ্ঠ অৰিজিনেল ছঙৰ বঁটা দিয়া হয় ফাইট ফৰ ইউক৷ ইফালে, ডেনিয়েল কালুয়াই শ্রেষ্ঠ সহযোগী অভিনেতাৰ সন্মান লাভ কৰে৷ ইফালে,  ভাৰতীয় নির্মাতা স্বাতী তিয়াগিৰাজনে সহ-প্রযোজনা কৰা মাই অক্টোপাছ টিচাৰে শ্রেষ্ঠ তথ্যচিত্রৰ অস্কাৰ বঁটা লাভ কৰে৷ অভিনেতা ইৰফান খান আৰু কষ্টিউম ডিজাইনাৰ ভানুক সন্মানিত কৰা হয়৷ উল্লেখযোগ্য যে কৰ’নাৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি এইবাৰ অস্কাৰ বঁটা প্রদান অনুষ্ঠান অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হয়৷

 

 

আমেৰিকাৰ ৰাষ্ট্ৰপতিক সহায়ৰ বাবে আৱেদন জনালে প্ৰিয়ংকা চোপ্ৰাই


Published on April 28, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী,২৮ এপ্ৰিল: বলীউড তাৰকা তথা নিক জ'নাচৰ সহধর্মিনী প্ৰিয়ংকা চোপ্ৰাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বিডেন আৰু অন্যান্য চৰকাৰী বিষয়াসকলৰ ওচৰলৈ গৈ ভাৰতক ক'ভিড-১৯ ৰ সৈতে মোকাবিলা কৰিবলৈ অতিৰিক্ত সহায় বিচাৰে। লগতে অভিনেত্ৰী গৰাকীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰী বিষয়াসকলক ভাৰতৰ সংকটজনক পৰিস্থিতিৰ বাবে দেশখনলৈ ততাতৈয়াকৈ অতিৰিক্ত ভেকচিন প্ৰেৰণ কৰিবলৈ আহ্বান জনায়। 

আমেৰিকাই সদ্যহতে ক'ভিড পৰিস্থিতিৰ বাবে অতিৰিক্ত ৫০০ মিলিয়ন ভেকচিনৰ অৰ্ডাৰ দিয়ে। তাৰে প্ৰসংগক্ৰমে ভাৰতৰ জীয়ৰী প্ৰিয়ংকা চোপ্ৰাই ৫০০ মিলিয়ন ভেকচিনৰ কিছু অংশ ভাৰতলৈ প্ৰেৰণ কৰি দেশখনক অলপ সকাহ দিয়াৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি গৰাকীক সহায় বিচাৰি আৱেদন জনায়।
 

Cartoon
View Older

 

May 6, 2021


Entertainment
View Older


From Our Archive

Create Account