গুৱাহাটী; ১ মে':ৰাজধানীত চলি থকা ক'ভিড-১৯ সংকটৰ বাবে আপৰ বিধায়ক ছোৱেইব ইকবালে দিল্লীত ৰাষ্ট্ৰপতি শাসনৰ দাবী জনায়। ৰাজধানী দিল্লীত অৱনতি হোৱা ক'ভিড-১৯ পৰিস্থিতিৰ বাবে, ইকবালে দিল্লী উচ্চ ন্যায়ালয়ক তাৎক্ষণিক ভাৱে দিল্লীত ৰাষ্ট্ৰপতি শাসন জাৰি কৰিবলৈ আৱেদন জনায়।
উক্ত আৱেদন সন্দৰ্ভত বিধায়ক গৰাকীয়ে কয় যে, "দিল্লীৰ সামগ্ৰিক পৰিস্থিতিত আমি অতি দুঃখিত, দিল্লীৰ বৰ্তমানৰ চিকিৎসালয়ৰ অৱস্থা অতিকৈ শোকাবহ। চিকিৎসালয়সমূহৰ অক্সিজেন আৰু ঔষধৰ নাটনিয়ে ক'ভিড ৰোগীসকলক জীয়াতু ভুগাইছে।" লগতে বিধায়ক ছোৱেইব ইকবালে গৰাকীয়ে কয় "বৰ্তমান বিধায়ক হোৱাৰ বাবে মই খুৱেই লজ্জিত কিয়নো এই দুখজনক পৰিস্থিতিত কোনো লোকক সহায় কৰিবলৈ পৰা নাই।"
ক'ভিড-১৯ ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে, ৰাজধানী চহৰখনৰ কেইবাখনো চিকিৎসালয়ে অক্সিজেন যোগান দিব নোৱাৰাত বিগত ৮ দিনত দিল্লীত ক'ভিড-১৯ৰ ফলত ৩০০ ৰো অধিক লোকৰ মৃত্যু হোৱা পৰিলক্ষিত হৈছে।
Comments
অৱনমিত হোৱা ক'ভিড পৰিস্থিতিত ভাৰতক সহায় কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰই
Published on April 25, 2021|News Source : অৰূপ ডেকা
গুৱাহাটী,২৫ এপ্ৰিল: আমেৰিকা যুক্তৰাষ্ট্ৰই ভয়ংকৰ ক'ভিড-১৯ পৰিস্থিতিৰ সময়ত ভাৰতৰ স্বাস্থ্য সেৱাত জড়িত নায়কসকলক অতি শীঘ্রে সকলো সমৰ্থন আগবঢ়াব। এই সন্দৰ্ভত বৈদেশিক সচিব এণ্টনি ব্লিঙ্কেনে কয়, আমেৰিকাৰ ভয়াবহ ক'ভিডৰ পৰিস্থিতিৰ সময়ত ভাৰতে কেইবাটাও জীৱন ৰক্ষাকাৰী চিকিৎসা সামগ্ৰীৰ লগতে কভিড-১৯ ভেকছিন আমেৰিকালৈ প্ৰেৰণ কৰিছিল। সেই উদ্দেশ্যে ভাৰতৰ বৰ্তমানৰ ভয়াবহ কভিড পৰিস্থিতি বাবে আমেৰিকাই ভাৰতীয় জনসাধাৰণক সহায় কৰিবলৈ মন কৰিছে।
"আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰত চৰকাৰৰ সৈতে জড়িত অংশীদাৰসকলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে, আৰু আমেৰিকাই ভাৰত আৰু ভাৰতৰ স্বাস্থ্য সেৱাত জড়িত নায়কসকলৰ বাবে অতি শীঘ্রে সহায়ৰ হাত আগবঢ়াব। বৰ্তমানৰ শেহতীয়া কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ৩,৪৯,৬৯১ টা নতুন ক'ৰনা ভাইৰাছ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। আৰু শেহতীয়াকৈ অভিলেখ সংখ্যক বৃদ্ধিৰে,ভাৰতৰ মুঠ ক'ভিড-১৯ ৰোগীৰ সংখ্যা ১,৬৯,৬০,১৭২ লৈ বৃদ্ধি পাইছে। আনহাতে ভাৰতৰ মৃত্যুৰ সংখ্যা ১,৯২,৩১১ লৈ বৃদ্ধি পাইছে আৰু দৈনিক অভিলেখ ২,৭৬৭ জন ক'ৰনা ৰোগীৰ মৃত্যু হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতৰ সংকট সমাধানৰ বাবে ভাৰতীয় ৰাজনৈতিক আৰু বিশেষজ্ঞ উভয় পৰ্যায়ৰ বিষয়াসকলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেইবাজনো আইন বিশেষজ্ঞ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেম্বাৰ অফ কমাৰ্চে ভাৰতৰ পৰিস্থিতিৰ ওপৰত তেওঁলোকৰ উদ্বেগ ব্যক্ত কৰে আৰু বিডেন প্ৰশাসনক ভাৰতৰ বাবে অতি শীঘ্রে ক'ডৰ ভেকছিন আৰু অন্যান্য কেঁচা সামগ্ৰী প্ৰদান কৰিবলৈ আহ্বান জনায়।
পৃথিৱীৰ সৰ্বোচ্চ উচ্চতালৈ বিয়পিল ক'ভিডৰ সংক্ৰমণ
Published on April 25, 2021|News Source : অৰূপ ডেকা
গুৱাহাটী,২৫ এপ্ৰিল: মাৰাত্মক কৰ’না ভাইৰাছৰ সংক্ৰমণেএতিয়া পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টকো স্পৰ্শ কৰিছে। নৰৱেৰ এজন পৰ্বতাৰোহী এৰিণ্ড নেছ শেহতীয়াকৈ ক'ৰনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয় আৰু তেওঁক এভাৰেষ্টৰ অস্থায়ী শিবিৰৰ পৰা হেলিকপ্টাৰেৰে ততাতৈয়াকৈ লৈ অনা হৈছে।
নেছৰ বাহিৰেও, তিৰ্ব্বতীয় জনগোষ্ঠীৰ পৰ্বতাৰোহীৰ সৈতে কাম কৰা এজন ব্যক্তিৰ দেহতো কৰ’নাৰ অৱস্থিতি ধৰা পৰে। নেছ এভাৰেষ্টৰ যাত্ৰা আৰম্ভ কৰাৰ পূর্বে কভিড পৰীক্ষাত নিগেটিভ হিচাপে চিনাক্ত হৈছিল। পৰৱৰ্তী পৰ্যায়ত নেছক হেলিকপ্টাৰেৰে অনাৰ সময়ত নেছে কয়, "আন কোনো যাতে এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত নহওক, যিহেতু ৮০০০ মিটাৰৰ সুউচ্চ পৰিৱেশত উশাহ-নিশাহ লোৱাত কষ্টকৰ হয় আৰু হেলিকপ্টাৰেৰে অনা নিয়াত কৰাত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়।"