গুৱাহাটী; ১ মে': আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ক্ৰিকেট ষ্টেডিয়ামত কিংছ ইলেভেন পঞ্জাৱৰ কিংবদন্তী ক্ৰিকেট খেলুৱৈ ক্ৰিছ গেইলে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে হোৱা খেলত অতি সৰ্বনিম্ন পৰিসৰৰ ৬ মৰা পৰিলক্ষিত হ'ল। ৰয়েল চেলেঞ্জ বাংগালোৰৰ খেলুৱৈ যুজবেন্দ্ৰ চাহালৰ বলত উক্ত খেলপথাৰ খনত সৰ্বনিম্ন পৰিসৰৰ ৬ মাৰি এক অভাৰত সৰ্বমুঠ ১৫ ৰাণ সম্পূৰ্ণ কৰে।
ৰয়েল চেলেঞ্জ বাংগালোৰৰ বলাৰ চাহালৰ এটা অত্যন্ত ব্যয়বহুল অভাৰত গেইলে অন্তিম বলটোত এটা ছয় মাৰে। মাত্ৰ ১৩ টা বলত ৩৬ ৰাণ সম্পূৰ্ণ কৰে। প্ৰাক্তন ক্ৰিকেটাৰ আৰু টিভি উপস্থাপক মাইকেল স্লেটাৰৰ মতে, উক্ত খেলখনত গেইলৰ ৭৭ মিটাৰৰ ৬ ৰাণটো 'ভিভো আই পি এল' ৰ ইতিহাসত সৰ্বনিম্ন পৰিসৰৰ ৬ হিচাপে পৰিগণিত হৈছে। প্ৰাসংগিকভাৱে, ৱেষ্ট ইণ্ডিজৰ কিংবদন্তী খেলুৱৈ ক্ৰীছ গেইলে জেমিছনৰ অভাৰৰ বিৰুদ্ধে ৫ টা ৪ ৰাণৰ বাউণ্ডেৰী পাৰ কৰে।
পৰৱৰ্তী পৰ্যায়ত কিংছ ইলেভন পঞ্জাৱে পাৱাৰ প্লে’ত দ্ৰুত আৰু মসৃণভাৱে ৰাণ সংগ্রহ কৰিবলৈ সক্ষম হয়। ক্ৰিছ গেইলে অধিনায়ক কে এল ৰাহুলৰ সৈতে দ্ৰুত অৰ্ধশতকৰ সৈতে পঞ্জাৱক ৮ অভাৰত ৭০/১ ৰাণত উপনীত কৰায়।
Comments
কৰ’নাৰ ভেকচিন লোৱাৰ পাছত কিমান লোক আক্ৰান্ত হৈছে?কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে তথ্য
Published on April 22, 2021|News Source : প্ৰণৱজ্যোতি দত্ত
কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি "বৰ্তমানলৈ দেশত ৯,৩৫৬,৪৩৬জনক কোভাক্সিনৰ ড’জ দিয়া হৈছে।ইয়াৰ পাছত কৰ’নাত ৪,২০৮জন আক্ৰান্ত হৈছে।অৰ্থাৎ এই হাৰ ০.০৪শতাংশ। দেশত ১,৭৩৭,১৭৮জন লোকে দ্বিতীয় ড’জ লাভ কৰিছে।তাৰ পাছত ৬৯৫জন কৰ’নাত আক্ৰান্ত হৈছে।
বৰ্তমানলৈকে কোভিশ্বিল্ডৰ মুঠ ১১.৬কোটি ড’জ দিয়া হৈছে।ভেকচিন লোৱাৰ পাছত ১৭,১৪৫ জন লোক কৰ’নাত আক্ৰান্ত হৈছে।অৰ্থাৎ০.০২শতাংশ লোক।"
উল্লেখযোগ্য যে, ভেকচিন লোৱাৰ পাছত ১০,০০০জনৰ ভিতৰত দুই-চাৰিজন লোক আক্ৰান্ত হৈছে।ইয়াৰ ভিতৰত অধিকাংশ স্বাস্থ্যকৰ্মী।
'সন্দিকৈ মহাবিদ্যালয়’ৰ ছাত্ৰীবাসত এগৰাকী ছাত্ৰীৰ আত্মহত্যা:ছুইচাইট নোট উদ্ধাৰ
Published on April 22, 2021|News Source : প্ৰণৱজ্যোতি দত্ত
বিচিএ পাঠ্যক্ৰমৰ ছাত্ৰী সাবিত্ৰী বৰ্মনৰ ঘৰ ধেমাজিৰ চিলাপথাৰত।উল্লেখযোগ্য যে ঘটনাস্থলীত আৰক্ষীয়ে এখন ছুইচাইট নোট উদ্ধাৰ কৰিছে।
অৱশ্যে ছুইচাইট নোটত ছাত্ৰী গৰাকীয়ে মৃত্যুৰ ক্ষেত্ৰত কাকো জগৰীয়া কৰা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিছে।