Cartoon
View Older
গুৱাহাটী, ১ মে': পৰ্য্যাপ্ত পৰিমাণৰ ক'ভিড ভেকছিনৰ নাটনিৰ বাবে ভাৰতত আজি ১৮ বছৰৰ উৰ্ধৰ নাগৰিক সকলৰ বাবে তৃতীয় পৰ্যায়ৰ ভেকছিন অভিযান প্ৰতীকি ভাৱেহে আৰম্ভ কৰিব পৰা যায়।
অভিযানটো আজি মাত্ৰ ছয় খন ৰাজ্যৰ কেইখনমান জিলাতহে আৰম্ভ কৰিব পৰা যায়। এই ৰাজ্য কেইখন হৈছে মহাৰাষ্ট্ৰ, ৰাজস্থান, উত্তৰ প্ৰদেশ,চত্তীশগড়, গুজৰাট আৰু উৰিষ্যা।
তৃতীয় পৰ্য্যায়ৰ ভেকছিন অভিযানৰ বাবে ইতিমধ্যে প্ৰায় তিনি কোটি লোকে CoWIN portalৰ যোগেদি পঞ্জীয়ণ কৰিছে।
Comments
১ মে' ৰ পৰা আৰম্ভ হ'ব লগা তৃতীয় পৰ্যায়ৰ ক'ভিড ১৯ টিকাকৰণ বাবে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশাৱলী
Published on April 24, 2021|News Source : বিজয় শংকৰ বৰা
গুৱাহাটী, ২৪ এপ্ৰিলঃ কেন্দ্ৰীয় চৰকাৰে আজি ১ মে' ৰ পৰা আৰম্ভ হ'ব লগা তৃতীয় পৰ্যায়ৰ ক'ভিড১৯ টিকাকৰণ বাবে নিৰ্দেশাৱলী ঘোষণা কৰিছে।
সেই অনুসৰি কেন্দ্ৰীয় চৰকাৰে ৰাজ্য সমুহক তাৎক্ষণিক ভাৱে ব্যক্তিগত খণ্ডত অতিৰিক্ত ক'ভিড টিকাকৰণ কেন্দ্ৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে সমগ্ৰ প্ৰক্ৰিয়াটোত ব্যক্তিগত খণ্ডৰ হস্পিতাল, উদ্যোগিক খণ্ডৰ হস্পিতাল সমুহক জড়িত কৰিবলৈ উপদেশ দিছে।
ৰাজ্য চৰকাৰ সমুহক সেইবোৰ ব্যক্তিগত খণ্ডৰ হস্পিতালৰ ওপৰত নিৰীক্ষণ কৰিবলৈ কৰিবলৈ কৈছে যিবোৰে ক'ভিড ভেকছিন ক্ৰয় কৰিছে আৰু সেইবোৰৰ মূল্য, ভাণ্ডাৰ আদি CoWIN.comত ঘোষণা কৰিছে ।
কেন্দ্ৰীয় চৰকাৰে ৰাজ্য সমূহক পোনপটিয়া ভাৱে ভেকছিন ক্ৰয় কৰাত অগ্ৰাধিকাৰ দিবলৈ উপদেশ দিছে।
কেন্দ্ৰীয় চৰকাৰে ৰাজ্য সমূহক ক'ভিড পৰিচৰ্যা কেন্দ্ৰ আৰু হস্পিতাল সমূহত উপলদ্ধ সুবিধা সমূহৰ উন্নতি কৰিবলৈ ব্যৱস্থা কৰিবলৈ উপদেশ দিছে।
ৰাজ্য সমূহক অতিৰিক্ত ক'ভিড হস্পিতাল, আই চি ইউ বিচনা আৰু অক্সিজেনৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
কেন্দ্ৰীয় চৰকাৰে ৰাজ্য সমূহক লক্ষণবিহীন আৰু মৃদু লক্ষণযুক্ত ক'ভিড ৰোগী সকলৰ নিলগীকৰনৰ ব্যৱস্থা ক'ভিড পৰিচৰ্যা কেন্দ্ৰ সমূহত কৰিবলৈ নিৰ্দেেশ দিয়ে।
অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত আৰম্ভ নহয় তৃতীয় পৰ্যায়ৰ ভেকছিন প্ৰক্ৰিয়া
Published on April 29, 2021|News Source : ৰাহুল ডেকা
গুৱাহাটী,২৯ এপ্ৰিল:ভাৰতত অহা ১ মে'ৰ পৰা ক'ভিডৰ বিৰুদ্ধে টীকাকৰণ অভিযানৰ তৃতীয় পৰ্যায় আৰম্ভ হ'লেও মেঘালয় আৰু অৰুণাচল প্রদেশে জনাইছে যে ৰাজ্যদুখনে শনিবাৰৰ পৰা টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিব নোৱাৰিব।
দুয়োখন চৰকাৰে এক চৰকাৰী বিজ্ঞপ্তিৰ জৰিয়তে কৈছিল যে তেওঁলোকে ইয়াৰ নিৰ্মাতা চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ পৰা কভিশ্বিল্ড ভেকছিনৰ বাবে এতিয়াও অপেক্ষা কৰি আছে।
প্ৰতিবেদন অনুসৰি, অৰুণাচল প্ৰদেশ স্বাস্থ্য বিভাগে ৪.৫ লাখ কভিশ্বিল্ড ভেকছিনৰ ফৰ্মাছ দিছিল আৰু এতিয়াও এছ.আই.আই.-ৰ পৰা সেয়া পাবলৈ বাকী আছে।
ইফালে, মেঘালয়ৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব সম্পত কুমাৰে কয়,
"ৰাজ্যখনে চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ ওচৰত পৰ্যাপ্ত সংখ্যক ভেকছিনৰ বাবে ফৰ্মাছ দিছে কিন্তু এতিয়াও সেই ভেকছিন আহি পোৱা নাই। বেছিভাগ ৰাজ্যৰ ক্ষেত্ৰতেই এনেকুৱা হৈছে । সেয়েহে, মেঘালয়ত ১৮-৪৪ বছৰ বয়সৰ বাবে টীকাকৰণ ১ মে'ত আৰম্ভ কৰিব পৰা নাযাব । ইয়াৰ সঠিক তাৰিখ সময়ত জনাই দিয়া হ'ব"।