Classifieds
View All
গুৱাহাটী, ২ মে': মহাৰাষ্ট্ৰৰ থানে জিলাৰ নিকটবর্তী অঞ্চলত ৰখা কেইটামান চিলিণ্ডাৰৰ পৰা ভয়াবহ বিষাক্ত গেছ লিক হৈ সমগ্ৰ অঞ্চলত বিয়পি পৰে। ঘটনা সন্দৰ্ভত থানে পৌৰ নিগমৰ আঞ্চলিক দুৰ্যোগ ব্যৱস্থাপনা কোষৰ মুৰব্বী সন্তোষ কদমে কয়, "গেছ লিকৰ ঘটনাটি শনিবাৰে নিশা প্ৰায় ১০ বজাত ভিৱান্দি টাউনশ্বিপত সংঘটিত হয়, কিন্তু উক্ত ঘটনাত কোনো লোক হতাহত হোৱাৰ সঠিক তথ্য আহি পৰা নাই।"
লগতে বিষয়া গৰাকীয়ে কয়, "ভিৱান্দিৰ খুনি গাঁৱৰ চিকনিপাডা অঞ্চলৰ মাটিত ছালফাৰ ডাই অক্সাইড গেছৰ ১৬ টা চিলিণ্ডাৰ মজুত ৰখা হৈছিল। পৰৱৰ্তী সময়ত মজুত কৰি ৰখা গেছ চিলিণ্ডাৰৰ ২ দুটা চিলিণ্ডাৰৰ পৰা সুৰঙাৰে অহৰহ গেছ নিৰ্গত হৈ আছিল।" পৰৱৰ্তী পৰ্যায়ত স্থানীয় অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰায় দুই ঘণ্টাৰ অন্তত গেছৰ সুৰুঙাটো বন্ধ কৰিবলৈ সক্ষম হয়।
Comments