গুৱাহাটী, ২ মে': মুম্বাইৰ হিন্দুজা চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত থকা হিন্দী চিনেমাৰ কিংবদন্তী অভিনেতা দিলীপ কুমাৰক সম্প্ৰতি সুস্থ হৈ উঠাত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ অনুমতি দিয়া হৈছে। ৯৮ বছৰীয়া অভিনেতাজন কিছুদিন পূর্বে স্বাস্থ্যৰ অৱনতি হোৱাত ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
দিলীপ কুমাৰৰ পত্নী আৰু প্ৰাক্তন অভিনেত্ৰী ছাইৰা বানুৱে স্বামীৰ স্বাস্থ্য সন্দৰ্ভত কয় যে, "দিলীপ চাহাবৰ স্বাস্থ্যৰ কিছু অৱনতি হোৱাত আৰু কিছু স্বাস্থ্য পৰীক্ষা কৰিবলৈ ডক্টৰে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বাবে পৰামৰ্শ আগবঢ়াইছিল। সম্প্রতি অনুৰাগীসকলৰ প্ৰাৰ্থনাৰ ফলত অভিনেতা গৰাকীৰ স্বাস্থ্য সম্পূৰ্ণ সুস্থ হোৱাত চিকিৎসকে ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে আৰু লগতে পত্নী ছাইৰাই কয় যে, "চিকিৎসালয়ৰ সকলো কাৰ্য্য শেষ কৰি ক্ষন্তেক সময় পিছতে ঘৰলৈ ৰাওনা হ'ব। অনুৰাগীসকলৰ প্ৰাৰ্থনাই দিলীপ কুমাৰক দীর্ঘায়ু প্ৰদান কৰিব।
কিংবদন্তি অভিনেতা দিলীপ কুমাৰ, যাৰ প্ৰকৃত নাম মহম্মদ ইউছুফ খানক ভাৰতীয় চলচ্চিত্ৰৰ শ্ৰেষ্ঠ অভিনেতাসকলৰ ভিতৰত এজন বুলি গণ্য কৰা হয়।
ইতিমধ্যে দিলীপ কুমাৰে একেটা কালত সৰ্বাধিক সংখ্যক বঁটা লাভ কৰা অভিনেতা হিচাপে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ তালিকাত নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হৈছে। দিলীপ কুমাৰক ভাৰতৰ প্ৰথম স্তৰৰ অভিনেতা হিচাপেও কৃতিত্ব প্ৰদান কৰা হয়।
Comments