Choose Language

  • All  
  • English
  • অসমীয়া

ফাইজাৰে ভাৰতক দিলে ৫১৩ কোটি টকাৰ ঔষধৰ অনুদান


Published on May 3, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

আমেৰিকা যুক্তৰাষ্ট্ৰই নিষিদ্ধ কৰিলে ভাৰতীয় নাগৰিকৰ প্ৰৱেশ


Published on May 3, 2021|News Source : ৰাহুল ডেকা

গুৱাহাটী,৩ মে':আমেৰিকা যুক্তৰাজ্যই নিষিদ্ধ কৰিলে ভাৰতৰ যাত্ৰীৰ আমেৰিকা ভ্ৰমণ । শেহতীয়া প্ৰতিবেদন অনুসৰি, ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই (চিডিচি) ভাৰতৰ ক'ভিড পৰিস্থিতিৰ অধিক অৱনতি হোৱাৰ বাবে এই পৰামৰ্শ দিছে আমেৰিকা যুক্তৰাষ্ট্ৰক । 

ভাৰতৰ পৰা ভ্ৰমণৰ ওপৰত এই নিষেধাজ্ঞা ৪ মে'ৰ পৰা কাৰ্যকৰী হ'ব । ৰাষ্ট্ৰপতি জ' বিডেনে ২৬ খন ইউৰোপীয় দেশৰ লগতে ইউকে, আয়াৰলেণ্ড আৰু ব্ৰাজিলৰ নাগৰিকৰ ওপৰত আমেৰিকাত প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিছে।

অৱশ্যে, আমেৰিকা যুক্তৰাষ্ট্ৰই কিছুমান শ্ৰেণীৰ লোকক এই নিয়মৰ পৰিবেষ্টনীৰ পৰা ৰেহাই দিছে, যেনে শিক্ষাৰ্থী, শিক্ষাবিদ আৰু সাংবাদিক।

আই পি এল ২০২১: কলকাতাৰ দুজন খেলুৱৈ ক'ভিড পজিটিভ


Published on May 3, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী, ৩ মে:  কলকাতা নাইট ৰাইডাৰ্ছৰ দুই খেলুৱৈ বৰুণ চক্ৰৱৰ্তী আৰু সন্দীপ ৱাৰিয়াৰ ক'ভিড পজিটিভ হিচাপে চিনাক্ত হৈছে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগে ঘোষণা কৰা অনুসৰি কলকাতা নাইট ৰাইডাৰ্ছৰ দুজন খেলুৱৈ ক'ভিড-১৯ পৰীক্ষাত পজিটিভ হিচাপে চিনাক্তকৰণ হৈছে।ইয়াৰ ফলত আহমেদাবাদত অনুষ্ঠিত হ'বলগীয়া ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে দলটোৰ খেলখন পুনৰ নিৰ্ধাৰণ কৰা হৈছে।

যোৱা চাৰি দিনত তৃতীয় পৰ্যায়ৰ ক'ভিড-১৯ পৰীক্ষাত বৰুণ চক্ৰৱৰ্তী আৰু সন্দীপ ৱাৰিয়াৰ ক'ৰনা ভাইৰাছত সংক্ৰমিত হোৱাৰ তথ্য পোৱা গৈছিল। আনহাতে দলৰ আন সকলো সদস্যই ক'ভিড-১৯ পৰীক্ষাত নিগেটিভ হিচাপে বিবেচিত হয়। ক'ভিড পৰীক্ষা কৰা সদস্যসকলৰ মাজৰ ৩০ বছৰীয়া বৰুণ আৰু ৱাৰিয়া  শেহতীয়াকৈ এখন চিকিৎসালয়ত উপস্থিত হৈছিল।

আই পি এলৰ ক'ভিড-১৯ পৰ্যবেক্ষণ  ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰক্ৰিয়া অনুসৰি, সংক্ৰমিত খেলুৱৈ দুজনে ৬ দিনৰ বাবে পৃথককৈ থাকিব লাগিব আৰু পৰৱৰ্তী পৰীক্ষাত নিগেটিভ নোলোৱা পৰ্যন্ত কোৱৰেন্টিন অৱস্থাত থকাটো আৱশ্যক বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে। চেন্নাই চুপাৰ কিংছ বৰ্তমান দিল্লীত বাহৰ পাতি আছে আনহাতে মুম্বাইৰ কে কে আৰ শিবিৰত অন্তৰ্ভুক্ত বৰুণৰ সংস্পৰ্শলৈ অহা আন খেলুৱৈসকলৰ প্ৰতিবেদনৰ বাবে বৰ্তমান কৰ্তৃপক্ষই অপেক্ষা কৰি আছে।

Cartoon
View Older

 

May 6, 2021


Entertainment
View Older


From Our Archive

Create Account