গুৱাহাটী, ৩ মে': বলীউড অভিনেতা ঋত্বিক ৰৌশনে শেহতীয়াকৈ মহামাৰী ক'ভিড-১৯ৰ দ্বিতীয় ঢৌৰ বিৰুদ্ধে ভাৰতক যুঁজ দিয়াত সহায় কৰিবলৈ আগবাঢ়ি আহিছে। ঋত্বিক ৰৌশনে আন্তৰ্জাতিক লেখক আৰু পডকাষ্টাৰ জে চেট্টীৰ দ্বাৰা আৰম্ভ কৰা এক পুঁজি সংগ্ৰহৰ বাবে ১৫০০০ হাজাৰ আমেৰিকান ডলাৰ (প্ৰায় ১১.১০ লাখ) দান কৰিছে। জয় নামৰ এজন ব্যক্তিৰ দ্বাৰা ক'ৰনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতক চিকিৎসা সামগ্ৰী ক্ৰয় কৰাত সহায় কৰিবলৈ ১ মিলিয়ন ডলাৰ সংগ্ৰহ কৰাৰ উদ্দেশ্যৰে 'হেল্প ইণ্ডিয়া ব্ৰেথ' নামৰ পুঁজি এটা মুকলি কৰে।
উক্ত পুঁজি সন্দৰ্ভত জয়ে ইনষ্টাগ্ৰামত প্ৰকাশ কৰে যে ঋত্বিক ৰৌশনে আন্তৰ্জাতিক তাৰকা উইল, জাডা স্মিথ, এলেন ডিজেনেৰেছ, ব্ৰেণ্ডন বুৰ্চাৰ্ড আৰু কেমিলা কেবেল'ৰ সৈতে ক'ভিড ৰোগীক সহায় কৰিবলৈ মুকলি কৰা এই পুঁজিত অৱদান আগবঢ়ায়। স্মিথ পৰিয়ালে ৫০,০০০ ডলাৰ, এলেনে ৫৯,০০০ ডলাৰ, শ্বন আৰু কেমিলাই ব্যক্তিগতভাৱে ক্ৰমান্বয়ে ৫০,০০০ ডলাৰ আৰু ৬০০০ ডলাৰ আৰ্থিক অনুদান আগবঢ়ায়।
ভাৰতত বৰ্তমান ব্যাপক হাৰত চিকিৎসা সামগ্ৰীৰ অভাৱে দেখা দিছে।বিগত ২৪ ঘণ্টাত ভাৰতত ক'ৰনা ভাইৰাছ ৰোগৰ ৩,৬৮,১৪৭ টা নতুন সংক্ৰমণৰ ঘটনা পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি পুৱা ৯:১৫ বজাত দেশৰ একত্ৰিত সংক্ৰমণৰ ঘটনা ১৯,৯২৫,৬০৪ত উপনীত হৈছে।
ইতিমধ্যে বলীউডৰ কেইবাজনো তাৰকাই তেওঁলোকৰ ছ'চিয়েল মিডিয়া একাউণ্টযোগে ক'ভিডৰ বাবে সহায় আগবঢ়োৱাৰ কথা উল্লেখ কৰিছে। উক্ত সামগ্রী সমূহৰ ভিতৰত আছে চিকিৎসালয়ৰ বিচনা আৰু অক্সিজেনৰ যোগান ইত্যাদি। আনহাতে সহায় আগবঢ়োৱা তাৰকাসকল হৈছে তাপসী পান্নু, ভূমি পেডনেকাৰ, আলিয়া ভাট্ট, আৰু চনু চুডে মহামাৰীৰ আৰম্ভণিৰ পৰাই সাহায্য প্ৰদান কৰি অহা পৰিলক্ষিত হৈছে।
কিছুদিন পূর্বে প্ৰিয়ংকা চোপ্ৰাই গিভ ইণ্ডিয়াৰ সৈতে এটা পুঁজি সংগ্ৰহকাৰী দল প্ৰতিষ্ঠা কৰিছিল। ছ'চিয়েল মিডিয়াত ভিডিঅ' আৰু পোষ্ট শ্বেয়াৰ কৰি তেওঁ অনুৰাগীসকলক পুঁজি সংগ্ৰহকাৰী দলটোক আৰ্থিক অনুদান আগবঢ়াবলৈ অনুৰোধ কৰে। লণ্ডনৰ পৰা এটা আৱেগিক ভিডিঅ' শ্বেয়াৰ কৰি প্ৰিয়ংকাই লিখিছিল যে, "মোৰ মাতৃভূমি ভাৰতে বৰ্তমান ক'ভিড পৰিস্থিতিত বিশ্বৰ ভিতৰত আটাইতকৈ বেয়া অৱস্থাৰ ফালে গতি কৰিছে।আমি অতি শীঘ্রে সংকটত ভুগি থকা লোকসকলক সহায়ৰ হাত আগবঢ়াব লাগে।"
Comments