Choose Language

  • All  
  • English
  • অসমীয়া

ক'ভিড সন্ত্ৰাসৰ ফলত বাতিল হ'ব নেকি আই.পি.এল?


Published on May 3, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

প্ৰাক্তন বিজেপি সাংসদে উদ্ভাৱন কৰিলে 'নেমু থেৰাপি'


Published on May 3, 2021|News Source : ৰাহুল ডেকা

গুৱাহাটী,৩ মে':ভাৰতত অক্সিজেনৰ সংগ্ৰাম অব্যাহত থকাৰ মাজতেই দেওবাৰে এজন বিজেপি নেতা আৰু প্ৰাক্তন সাংসদে এই সমস্যাটো সমাধান কৰিবলৈ এটা নতুন পদ্ধতি অৱলম্বন কৰিবলৈ ৰাইজক আহ্বান জনায় । এই পদ্ধতিক তেওঁ "নেমু থেৰাপী" বুলি অভিহিত কৰিছিল।

কৰ্ণাটকৰ প্ৰাক্তন বিধায়ক জনৰ নাম বিজয় শংকেশ্বৰ,তেওঁ কৈছিল "নাকত মাত্ৰ দুই টোপাল নেমুৰ ৰস দিলেই শৰীৰত অক্সিজেন সংপৃক্ততাৰ স্তৰ বৃদ্ধি কৰিব আৰু এনেদৰেই ক'ভিড-১৯ সংক্ৰমণ প্ৰতিহত কৰিব পাৰে"।তেওঁ আনকি ভাল ফলাফল দেখুৱা ৰোগীসকলৰ ওপৰত এইটো চেষ্টা নিজেও কৰা বুলি দাবী কৰিছিল।

অৱশ্যে, বিজ্ঞানীসকলে এনে স্ব-উদ্ভাৱিত ঔষধৰ বিৰুদ্ধে মানুহক সতৰ্ক কৰি দিছে যিবোৰ কোনোধৰণৰ অভিজ্ঞতামূলক পৰীক্ষাৰ ওপৰত আধাৰিত নহয়। বেলাগাভিৰ আইচিএমআৰ-নেচনেল ইনষ্টিটিউট অৱ ট্ৰেডিশ্যনেল মেডিচিনৰ সঞ্চালক ডি. চট্টোপাধ্যায় আৰু এজন ভাইৰাছ বিজ্ঞানীয়ে কৈছিল যে এনে দাবীৰ কোনো বৈজ্ঞানিক ভিত্তি নাই কিয়নো ইয়াৰ ওপৰত কোনোধৰণৰ অধ্যয়ন কৰা হোৱা নাই। 

ঋত্বিক ৰৌশন,শ্বন মেণ্ডেছ আৰু কেমিলা কেবেল'ৰ ভাৰতলৈ ১৫০০০ হাজাৰ ডলাৰৰ আৰ্থিক অনুদান


Published on May 3, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ৩ মে': বলীউড অভিনেতা ঋত্বিক ৰৌশনে শেহতীয়াকৈ মহামাৰী ক'ভিড-১৯ৰ দ্বিতীয় ঢৌৰ বিৰুদ্ধে ভাৰতক যুঁজ দিয়াত সহায় কৰিবলৈ আগবাঢ়ি আহিছে। ঋত্বিক ৰৌশনে আন্তৰ্জাতিক লেখক আৰু পডকাষ্টাৰ জে চেট্টীৰ দ্বাৰা আৰম্ভ কৰা এক পুঁজি সংগ্ৰহৰ বাবে ১৫০০০ হাজাৰ আমেৰিকান ডলাৰ (প্ৰায় ১১.১০ লাখ) দান কৰিছে। জয় নামৰ এজন ব্যক্তিৰ দ্বাৰা ক'ৰনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতক চিকিৎসা সামগ্ৰী ক্ৰয় কৰাত সহায় কৰিবলৈ ১ মিলিয়ন ডলাৰ সংগ্ৰহ কৰাৰ উদ্দেশ্যৰে 'হেল্প ইণ্ডিয়া ব্ৰেথ' নামৰ পুঁজি এটা মুকলি কৰে। 

 

উক্ত পুঁজি সন্দৰ্ভত জয়ে ইনষ্টাগ্ৰামত প্ৰকাশ কৰে যে ঋত্বিক ৰৌশনে আন্তৰ্জাতিক তাৰকা উইল, জাডা স্মিথ, এলেন ডিজেনেৰেছ, ব্ৰেণ্ডন বুৰ্চাৰ্ড আৰু কেমিলা কেবেল'ৰ সৈতে ক'ভিড ৰোগীক সহায় কৰিবলৈ মুকলি কৰা এই পুঁজিত অৱদান আগবঢ়ায়। স্মিথ পৰিয়ালে ৫০,০০০ ডলাৰ, এলেনে ৫৯,০০০ ডলাৰ, শ্বন আৰু কেমিলাই ব্যক্তিগতভাৱে ক্ৰমান্বয়ে ৫০,০০০ ডলাৰ আৰু ৬০০০ ডলাৰ আৰ্থিক অনুদান আগবঢ়ায়। 

ভাৰতত বৰ্তমান ব্যাপক হাৰত চিকিৎসা সামগ্ৰীৰ অভাৱে দেখা দিছে।বিগত ২৪ ঘণ্টাত ভাৰতত ক'ৰনা ভাইৰাছ ৰোগৰ ৩,৬৮,১৪৭ টা নতুন সংক্ৰমণৰ ঘটনা পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি পুৱা ৯:১৫ বজাত দেশৰ একত্ৰিত সংক্ৰমণৰ ঘটনা ১৯,৯২৫,৬০৪ত উপনীত হৈছে।

 

ইতিমধ্যে বলীউডৰ কেইবাজনো তাৰকাই তেওঁলোকৰ ছ'চিয়েল মিডিয়া একাউণ্টযোগে ক'ভিডৰ বাবে সহায় আগবঢ়োৱাৰ কথা উল্লেখ কৰিছে। উক্ত সামগ্রী সমূহৰ ভিতৰত আছে চিকিৎসালয়ৰ বিচনা আৰু অক্সিজেনৰ যোগান ইত্যাদি। আনহাতে সহায় আগবঢ়োৱা তাৰকাসকল হৈছে তাপসী পান্নু, ভূমি পেডনেকাৰ, আলিয়া ভাট্ট, আৰু চনু চুডে মহামাৰীৰ আৰম্ভণিৰ পৰাই সাহায্য প্ৰদান কৰি অহা পৰিলক্ষিত হৈছে। 

 

কিছুদিন পূর্বে প্ৰিয়ংকা চোপ্ৰাই গিভ ইণ্ডিয়াৰ সৈতে এটা পুঁজি সংগ্ৰহকাৰী দল প্ৰতিষ্ঠা কৰিছিল। ছ'চিয়েল মিডিয়াত ভিডিঅ' আৰু পোষ্ট শ্বেয়াৰ কৰি তেওঁ অনুৰাগীসকলক পুঁজি সংগ্ৰহকাৰী দলটোক আৰ্থিক অনুদান আগবঢ়াবলৈ অনুৰোধ কৰে। লণ্ডনৰ পৰা এটা আৱেগিক ভিডিঅ' শ্বেয়াৰ কৰি প্ৰিয়ংকাই লিখিছিল যে, "মোৰ মাতৃভূমি ভাৰতে বৰ্তমান ক'ভিড পৰিস্থিতিত বিশ্বৰ ভিতৰত আটাইতকৈ বেয়া অৱস্থাৰ ফালে গতি কৰিছে।আমি অতি শীঘ্রে সংকটত ভুগি থকা লোকসকলক সহায়ৰ হাত আগবঢ়াব লাগে।"

 

 

Cartoon
View Older

 

May 6, 2021


Entertainment
View Older


From Our Archive

Create Account