Choose Language

  • All  
  • English
  • অসমীয়া

১১মে'ৰ পৰা নহয় মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষা:'ছেবা'ৰ ঘোষণা 


Published on May 4, 2021 | News Source: প্ৰণৱজ্যোতি দত্ত
Share This Page
Related Stories

মুখ্যমন্ত্ৰী কোন হ'ব,চৰকাৰৰ শপত গ্ৰহণ কেতিয়া?উত্তৰ দিলে হিমন্ত বিশ্ব শৰ্মাই 


Published on May 4, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী, ৪ মে':অৱশেষত প্ৰত্যাশিত ভাবেই অসমত বিজেপিৰ নেতৃত্বত পৰৱৰ্তী চৰকাৰ গঠন হোৱাটো প্ৰায় নিশ্চিত হ'ল।পিছে কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? একাংশই সৰ্বানন্দ সোণোৱালেই পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব বুলি উল্লেখ কৰাৰ লগতে আন একাংশ বিজেপিৰ শীৰ্ষ নেতাই কিন্তু বিষয়টোক ৰাষ্ট্ৰীয় নেতৃত্বলৈ ঠেলি দি আহিছে।

চৰ্চা চলিছে যে, মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও হ'ব পাৰে ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী।ইয়াৰ মাজতেই আজি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমত হিমন্ত বিশ্ব শৰ্মাই কয় যে,‘‘মুখ্যমন্ত্ৰী সন্দৰ্ভত দিল্লীয়ে সকলো নিৰ্ণয় কৰিব।

দিল্লীয়ে সকলো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।পৰ্যবেক্ষণ কৰিবলৈ হয়তো সমিতিৰ শীৰ্ষ নেতা গুৱাহাটীলৈ আহিব পাৰে।দুই এদিনতে সকলো সিদ্ধান্ত হ’ব।

আনহাতে নতুন চৰকাৰৰ শপত গ্ৰহণ সন্দৰ্ভতো সকলো সিদ্ধান্ত দিল্লীয়ে ল'ব বুলি হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে।


Published on January 1, 1970|News Source :

শীঘ্ৰেই ঘোষণা হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম:আজি অসমলৈ আহিব দুজন কেন্দ্ৰীয় পৰ্যবেক্ষক


Published on May 4, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী, ৪ মে':ৰাজ্যত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হোৱাৰ পাছত এইবাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈ ব্যাপক চৰ্চা অব্যাহত থকাৰ সময়তে আজি অসমলৈ আহিব বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ।

আনহাতে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙো আজি অসমলৈ আহিব।দুয়ো গৰাকী কেন্দ্ৰীয় নেতাই অসমলৈ আহি নৱনিৰ্বাচিত বিধায়ক আৰু মিত্ৰজোঁটৰ বিধায়ক সকলৰ মতামত সংগ্ৰহ কৰিব।

মতামত সংগ্ৰহ কৰি দুয়োজন কেন্দ্ৰীয় পৰ্যবেক্ষক নতুন দিল্লীলৈ উভতি যাব আৰু এই সকলোবোৰ মতামতৰ প্ৰতিবেদন প্ৰস্তুত কৰি বিজেপিৰ সংসদীয় পৰিষদৰ ওচৰত  জমা দিব।

ইয়াৰ পাছতেই অতি সোনকালেই ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে।

 

Cartoon
View Older

 

May 6, 2021


Entertainment
View Older


From Our Archive

Create Account