গুৱাহাটী,৩ মে': কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰণালয়ে ভাৰতৰ চিকিৎসা ব্যৱস্থাৰ উত্তৰণ আৰু ঔষধৰ দ্ৰুত অনুমোদন নিশ্চিত কৰাৰ বাবে সকলো বিভাগৰ সৈতে সন্মিলিত হৈ কাম কৰি আছে।
ইতিমধ্যে ভাৰতৰ ক'ভিড পৰিস্থিতিক সহযোগ কৰি বিভিন্ন খন দেশে আগবঢ়াইছে নিজৰ নিজৰ সহায় ।
ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ হৰ্ষ বৰ্ধন শৃংলাই কয় যে,"৪০ খনতকৈও অধিক দেশে আমাক জৰুৰীকালীনভাৱে চিকিৎসাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰিছে।"
ফ্ৰান্স, জাৰ্মানী, আয়াৰলেণ্ড, চুইজাৰলেণ্ড, বাহৰেইন, কাটাৰ, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, মৰিচাছ, বাংলাদেশ আৰু ভূটান,জাপানৰ দৰে দেশে ইতিমধ্যে ভাৰতক সহায় আগবঢ়াইছে ।
ৰাছিয়াই এতিয়ালৈকে পঠিয়াইছে ২০ টা অক্সিজেন উৎপাদন সঁজুলি,ভেণ্টিলেটৰ আৰু ফাভিপিৰাভিৰৰ,আমেৰিকা যুক্তৰাষ্ট্ৰই অক্সিজেন উৎপাদক সঁজুলি আৰু অক্সিজেন কনচেণ্ট্ৰেটৰ,চৌদি আৰৱে ১৪০ মেট্ৰিক টন তৰল অক্সিজেন,বাহৰেইনৰ দৰে দেশে ৪০ মেট্ৰিক টন তৰল অক্সিজেন ভাৰতক প্ৰেৰণ কৰিছে ।
Comments
ছিকিম ক'ভিড আপডেট: ২৭ জন নতুনকৈ সংক্ৰমিত, ১জনৰ মৃত্যু
Published on May 4, 2021|News Source : অৰূপ ডেকা
গুৱাহাটী, ৪ মে: ছিকিম স্বাস্থ্য বিভাগৰ ক'ভিড পজিটিভৰ তালিকা অনুসৰি ৰাজ্যখনত ক'ভিড-১৯ত আক্রান্তৰ ৮,৪৬৮ জনলৈ বৃদ্ধি পাইছে। ২৭ জন লোক নতুনকৈ ক'ৰনা ভাইৰাছত পজিটিভ হিচাপে চিনাক্ত হৈছে। সম্প্ৰতি এজন লোকৰ ক'ভিডত মৃত্যু হোৱাত বাবে ৰাজ্যখনত মৃত্যুৰ সংখ্যা ১৫০ লৈ বৃদ্ধি পাইছে।
নতুনকৈ ক'ভিড-১৯ ত আক্রান্ত হোৱা ব্যক্তিসমূহ ক্ৰমে পূৱ ছিকিমৰ পৰা ১৩ জন, পশ্চিম ছিকিমৰ পৰা ১০ জন আৰু দক্ষিণ ছিকিম জিলাৰ পৰা ৪ জন লোক ক'ভিড পৰীক্ষাত পজিটিভ হিচাপে চিনাক্তকৰণ হৈছে। বৰ্তমান ৰাজ্যখনত ৯৬,২৫৪ টা ক'ভিড পৰীক্ষা সম্পন্ন হৈছে, ইয়াৰে ২৪ ঘন্টাৰ ভিতৰত ১১১ টা ক'ভিড পৰীক্ষা সম্পন্ন হৈছে।
Published on January 1, 1970|News Source :
ক'ভিড-১৯ সহায়: এছ বি আইয়ে আৱন্টন দিব ৭১ কোটি টকা
Published on May 4, 2021|News Source : অৰূপ ডেকা
গুৱাহাটী, ৪ মে: ভাৰতীয় ষ্টেট বেংকে ক'ভিড-১৯ৰ সৈতে মোকাবিলা কৰিবলৈ ৭১ কোটি টকা আৱণ্টন দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে। উক্ত ধনৰাশিৰে ক'ভিড-১৯ ত অতি বেছি ক্ষতিগ্রস্ত হোৱা ৰাজ্যসমূহত ৰোগীৰ চিকিৎসাৰ বাবে ১০০০ বিচনা যুক্ত অস্থায়ী চিকিৎসালয় স্থাপন কৰা হ'ব। এছবিআইৰ ৰাজ্যিক মূৰব্বী সকলে অস্থায়ী চিকিৎসালয়ৰ বাবে ৩০ কোটি টকা আৱণ্টন কৰিছে।
উক্ত ৩০ কোটি টকাৰ ক'ভিড-১৯ৰ চিকিৎসা সেৱাৰ বাবে উপযুক্ত চিকিৎসা সঁজুলি ক্ৰয়, চিকিৎসালয়লৈ অক্সিজেন যোগান, ক'ভিড পৰিচৰ্যা কেন্দ্ৰ স্থাপন, এম্বুলেন্স, পিপিই কিট, মাস্ক আৰু লগতে ৰোগীৰ খাদ্য সামগ্রী প্ৰদানৰ বাবদ ২১ কোটি টকা ব্ৱহাৰ কৰা হ'ব। ভাৰতীয় ষ্টেট বেংকে ২২,০০০ তকৈও অধিক শাখাৰ বিস্তৃত নেটৱৰ্কৰ জৰিয়তে নাগৰিকসকলক ক'ভিড চিকিৎসাসেৱা আগবঢ়াব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
এছবিআইৰ এই সুবিধাসমূহ চৰকাৰী চিকিৎসালয় আৰু দৰিদ্র চহৰসমূহৰ পৌৰ নিগমৰ সহযোগত স্থাপন কৰা হ'ব। সদ্যহতে ভাৰতীয় ষ্টেট বেংকে, বেংকৰ কৰ্মচাৰী আৰু পৰিয়ালৰ সদস্যসকলৰ টিকাকৰণৰ বাবে বিভিন্ন চিকিৎসালয়ৰ সৈতে চুক্তিবদ্ধ হৈছে।