Choose Language

  • All  
  • English
  • অসমীয়া

ৰাজ্যৰ ক'ভিড পৰিস্থিতি,লকডাউন সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা 


Published on May 4, 2021 | News Source: প্ৰণৱজ্যোতি দত্ত
Share This Page
Related Stories

বটদ্ৰৱাত কিয় হাৰিল আঙুৰলতা ডেকা?এইবাৰ ফেইচবুকত নিজে ক'লে আঙুৰলতাই


Published on May 4, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী, ৪ মে':বটদ্ৰৱাত কিয় হাৰিল আঙুৰলতা ডেকা?এইবাৰ ফেইচবুকত নিজে ক'লে আঙুৰলতাই৷ফেইচবুকত এটা পষ্ট দি আঙুৰলতাই কয় যে,"পোনপ্ৰথমেই বটদ্ৰৱা বাসী ৰাইজৰ জনাদেশক শ্ৰদ্ধা সহকাৰে গ্ৰহণ কৰিছোঁ আৰু ৰাইজে ৰাইজৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তই অনাগত দিনত বটদ্ৰৱা সমষ্টিক উন্নয়নমুখী কৰি তোলক তাৰেই কামনা কৰিলোঁ৷মোৰ ওপৰত বিশ্বাস ৰখা পঞ্চাশ হাজাৰৰো অধিক ৰাইজ আৰু বটদ্ৰৱাৰ প্ৰতিগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ অক্লান্ত কাৰ্যকৰ্তাৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম৷

বিগত ১৬ চনৰ নিৰ্বাচনত বটদ্ৰৱাত জয়ী হৈ প্ৰায় বিধ্বস্ত সমষ্টিটোৰ ৰাস্তা ঘাট আদি কৰি উন্নয়নৰ বহু কাম কৰাৰ চেষ্টা কৰিছিলোঁ আৰু লগতে এটা ক্ষেত্ৰত বিশেষ ভাৱে সৌভাগ্য লাভ কৰিছিলোঁ যে গুৰুজনাৰ ঐতিহ্য জড়িত বটদ্ৰৱা থানৰ ভূমি বেদখল মুক্ত কৰাৰ পৰা আৰম্ভ কৰি বিশ্ব সাংস্কৃতিক গৱেষণা কেন্দ্ৰ 'বটদ্ৰৱা-প্ৰকল্প'ৰ নিৰ্মাণৰ কামৰ প্ৰাৰম্ভিক সকলো খিনি প্ৰক্ৰিয়া সমাপ্ত কৰিবলৈ সক্ষম হ'লো৷ গুৰুজনাৰ স্মৃতি সংৰক্ষণৰ এই কাম ভাগ সম্পাদন কৰা সুযোগ তথা এই অনুপম অভিজ্ঞতাই মোক গোটেই জীৱন আহ্লাদিত কৰি ৰাখিব৷এই সকলো বোৰ সম্ভৱ হৈ উঠিছিল বটদ্ৰৱা বাসী ৰাইজৰ মৰম আৰু সহযোগিতাৰ বাবে৷এইবাৰৰ বিধান সভা নিৰ্বাচন কিছু ব্যতিক্ৰম আছিল৷

এইবাৰৰ নিৰ্বাচনত বটদ্ৰৱা সমষ্টিত নিৰ্ণায়কৰ ভূমিকা গ্ৰহণ কৰিছিল সংখ্যালঘু ভোটাৰে৷বটদ্ৰৱা সমষ্টিত জনগাঁথনিৰ প্ৰভাৱৰ ফলত সংখ্যালঘু ভোটাৰে একচেতীয়া ভাৱে কংগ্ৰেছৰ পক্ষত ভোটদান কৰাৰ বাবেই ভাৰতীয় জনতা পাৰ্টিয়ে পৰাজয় বৰণ কৰিব লগীয়া হ'ল সাম্প্ৰদায়িক মেৰুকৰণেৰে ইয়াক সম্পূৰ্ণ পৰিকল্পিত ভাৱে সম্পাদন কৰা হ'ল৷সংখ্যালঘুৰ দ্ৰুতগতিত জনসংখ্যা বৃদ্ধিয়ে খিলঞ্জীয়াক আজি বটদ্ৰৱাত সংখ্যালঘু কৰিলে৷

বটদ্ৰৱা সমষ্টিৰ দৰে এক সংখ্যালঘু বসতি প্ৰধান সমষ্টিত ভাৰতীয় জনতা পাৰ্টি পৰাজয় বৰণ কৰাতো একো অস্বাভাৱিক নহয় য'ত এ আই ইউ ডি এফৰ দৰে উগ্ৰ সাম্প্ৰদায়িক শক্তিৰ সহযোগত কংগ্ৰেছ দলে খিলঞ্জীয়াৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা আগবঢ়াইছিল৷

সদ্যঘোষিত নিৰ্বাচনী ফলাফলৰ বিশ্লেষণে এইটো তথ্যকেই আমাৰ দৃষ্টিগোচৰ কৰিছে যে এইবাৰৰ নিৰ্বাচনত সংখ্যালঘু সমাজ খনে উন্নয়নক একাষৰীয়া কৰি সম্পূৰ্ণ ধৰ্মৰ ভিত্তিত ভোটদান কৰিছিল৷সংখ্যালঘু অঞ্চলত উন্নয়ন মূলক কাম তথা সমবিকাশৰ চিন্তাধাৰা তেনেই ভিত্তিহীন বুলি প্ৰমাণিত হ'ল৷বটদ্ৰৱাৰ বাবে ই চৰম দুৰ্ভাগ্যজনক৷

Cartoon
View Older

 

May 6, 2021


Entertainment
View Older


From Our Archive

Create Account