Choose Language

  • All  
  • English
  • অসমীয়া

বাতিল কৰা হ'ল বহু চৰ্চিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ


Published on May 4, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

ৰাজ্যৰ ক'ভিড পৰিস্থিতি,লকডাউন সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা 


Published on May 4, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী, ৪ মে':ৰাজ্যৰ লগতে বিশেষকৈ গুৱাহাটীত ক্ৰমান্বয়ে  জটিল হৈ আহিছে ক'ভিডৰ পৰিৱেশ।গুৱাহাটীত পূৰ্বতকৈ বাঢ়িছে আক্ৰান্তৰ সংখ্যা আৰু মৃত্যুৰ সংখ্যা।আজি জি এম চি এইচত উপস্থিত হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,"জটিল হৈ আহিছে ক'ভিডৰ পৰিৱেশ।

পূৰ্বতকৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা।গুৱাহাটীৰ চৰকাৰী খণ্ডৰ চিকিৎসালয়ত বিচনা আৰু আই চি ইউ  হ্ৰাস পাইছে।গুৱাহাটী মহানগৰত বিশেষকৈ ৱাৰ্ড ভিত্তিত উপাযুক্তক আলোচনা কৰাৰ নিৰ্দেশ দিয়া হৈছে।কোনবোৰ ৱাৰ্ডত অধিক আক্ৰান্ত হৈছে তাৰ পৰিসংখ্যা আৰু বিশ্লেষণ হ’ব।

প্ৰয়োজনত সৰু সৰু কণ্টেইনমেণ্ট জ'ন কৰা হ’ব।"আনহাতে লকডাউন সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কয় যে,"সম্পূৰ্ণ লকডাউন এতিয়াই ভাবিব হোৱাৰ প্ৰয়োজন নাই।"


Published on January 1, 1970|News Source :

ক'ভিড-১৯ সহায়: এছ বি আইয়ে আৱন্টন দিব ৭১ কোটি টকা


Published on May 4, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী, ৪ মে:  ভাৰতীয় ষ্টেট বেংকে ক'ভিড-১৯ৰ সৈতে মোকাবিলা কৰিবলৈ ৭১ কোটি টকা আৱণ্টন দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে। উক্ত ধনৰাশিৰে ক'ভিড-১৯ ত অতি বেছি ক্ষতিগ্রস্ত হোৱা ৰাজ্যসমূহত ৰোগীৰ চিকিৎসাৰ বাবে  ১০০০ বিচনা যুক্ত অস্থায়ী চিকিৎসালয় স্থাপন কৰা হ'ব। এছবিআইৰ ৰাজ্যিক মূৰব্বী সকলে অস্থায়ী চিকিৎসালয়ৰ বাবে ৩০ কোটি টকা আৱণ্টন কৰিছে।

উক্ত ৩০ কোটি টকাৰ ক'ভিড-১৯ৰ চিকিৎসা সেৱাৰ বাবে উপযুক্ত চিকিৎসা সঁজুলি ক্ৰয়, চিকিৎসালয়লৈ অক্সিজেন যোগান, ক'ভিড পৰিচৰ্যা কেন্দ্ৰ স্থাপন, এম্বুলেন্স, পিপিই কিট, মাস্ক আৰু লগতে ৰোগীৰ খাদ্য সামগ্রী প্ৰদানৰ বাবদ ২১ কোটি টকা ব্ৱহাৰ কৰা হ'ব। ভাৰতীয় ষ্টেট বেংকে ২২,০০০ তকৈও অধিক শাখাৰ বিস্তৃত নেটৱৰ্কৰ জৰিয়তে নাগৰিকসকলক ক'ভিড চিকিৎসাসেৱা আগবঢ়াব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

এছবিআইৰ এই সুবিধাসমূহ চৰকাৰী চিকিৎসালয় আৰু দৰিদ্র চহৰসমূহৰ পৌৰ নিগমৰ সহযোগত স্থাপন কৰা হ'ব। সদ্যহতে ভাৰতীয় ষ্টেট বেংকে, বেংকৰ কৰ্মচাৰী আৰু পৰিয়ালৰ সদস্যসকলৰ টিকাকৰণৰ বাবে বিভিন্ন চিকিৎসালয়ৰ সৈতে চুক্তিবদ্ধ হৈছে।

Cartoon
View Older

 

May 6, 2021


Entertainment
View Older


From Our Archive

Create Account