গুৱাহাটী, ৫ মে: ভূপালৰ এখন চিকিৎসালয়ত এজন ৪৫ বছৰীয়া ক'ভিড-১৯ ৰোগী অতিষ্ঠ হৈ পঞ্চম মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰে। ২৯ এপ্ৰিলত ক'ভিড-১৯ পৰীক্ষাত পজিটিভ হিচাপে চিনাক্ত হোৱা পিছতে দেৱেন্দ্ৰ মালৱীয় নামৰ মৃতব্যক্তিজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ভূপালৰ নগৰ আৰক্ষী মহাপৰিদৰ্শকে উক্ত ঘটনা সন্দৰ্ভত কয় যে, "দেৱেন্দ্ৰ যিহেতু এজন ক'ভিড ৰোগী আছিল সেইবাবে তেখেতৰ মৰণোত্তৰ পৰীক্ষা কৰিব পৰাটো সম্ভৱপৰ নাছিল।
আনহাতে মধ্য প্ৰদেশত ক'ভিড-১৯ আক্রান্তৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পাইছে।
২৪ এপ্ৰিলত আক্রান্তৰ হাৰ ২৩ শতাংশ আছিলে আৰু ক্ৰমান্বয়ে ৪ মে'ত আক্রান্তৰ হাৰ ১৯.১ শতাংশলৈ হ্ৰাস পাইছে। ৰাজ্যখনত সংক্ৰমণৰ হাৰ বৃদ্ধিৰ লগে লগে স্বাস্থ্যবিভাগে দৈনিক ক'ভিড পৰীক্ষা বৃদ্ধি কৰিছে। ৪ মে'ত ৰাজ্যখনত মুঠ ৬৪,০৫৪ টা পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰে ১২,২৩৬ টা পজিটিভ হিচাপে চিনাক্তকৰণ হৈছিল।
ভূপালত ১,৬৭৩ টা ক'ভিডৰ আক্রান্তৰ হাৰ হ্ৰাস হোৱাৰ লগতে ইন্দোৰে যোৱা ২৪ ঘণ্টাত ১,৮০৫ টা নতুন ক'ভিড আক্রান্তৰ ঘটনাৰে শীৰ্ষস্থানত আছিল।
আনহাতে গোৱালিয়ৰে একে সময়তে ১,০৯৩ টা নতুন সংক্ৰমণৰ ঘটনা পোৱা গৈছে। ৰাজ্যখনত যোৱা ২৪ ঘণ্টাত ক'ভিডত আক্রান্ত হৈ ৯৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে চৰকাৰী তথ্য অনুসৰি মুঠ ক'ভিড আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৬,০০০ ৰ সীমা অতিক্ৰম কৰিছে।
Comments