ডিব্ৰুগড়, ১৫ ফেব্ৰুৱাৰী: ডিব্ৰুগড় পুলিচে যোৱাৰাতি সংঘটিত হোৱা মহিলাৰ গাত এচিড ঢলা অপৰাধৰ মূল অভিযুক্ত শান্তিপাৰা নিবাসী বুদ্ধদেৱ দাসক (৫০) গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
এই ঘটনা সংঘটিত হৈছে আজি ডিব্ৰুগড়ৰ চহৰৰ মাজমজিয়াত।চহৰখনৰ আমোলাপট্টী আৰক্ষী চকীৰ অধীনত থকা মিৰ্জ্জাবাগৰ সমীপত।
জানিব পৰা মতে যুৱতী গৰাকীয়ে লগৰীয়াৰ সতে আজি নিশা নিজ কৰ্তব্যস্থলী শ্ব'হামৰ পৰা যোৱাৰ সময়তে বাইকত অহা দুবৃৰ্ত্ যুৱতী গৰাকীক নিচেই কাষৰ পৰা এচিড ঢালি পলায়ন কৰে।চাইকেলেৰে নিজ বাসগৃহলৈ আহি থকাৰ সময়তে চহৰখনৰ আমোলাপট্টী নাট্য মন্দিৰৰ সন্মুখত এনে ঘটনা সংঘটিত হোৱাত যুৱতীগৰাকী মাটিত ধলি পৰে।লগে লগে যুৱতীগৰাকীক স্থানীয় ৰাইজৰ সহযোগত অসম মেডিকেল কলেজত অতি সংকটজনক অৱস্থাত ভৰ্তকৰোৱা হয়।
নাহৰকটীয়াৰ জয়পুৰৰ স্থায়ী নিৱাসী বিউতী হাজৰিকা নামৰ যুৱতী গৰাকীয়ে দীৰ্সময় মিজ্জাবাগত ভাড়াতীয়া হিচাপে বসবাস কৰি আছিল।
Comments
ডিব্ৰুগড়ৰ চল্টব্ৰুক স্কুলত কভিড- ১৯ সন্ত্ৰাস ; ক্লাছ ৱানৰ এগৰাকী ছাত্ৰ ক'ভিড পজিটিভৰ পিছত আতংকিত পৰিবেশ
Published on February 12, 2021|News Source : জাভেদ হুছেইন
ডিব্ৰুগড়, ১২ ফেব্ৰুৱাৰী: ডিব্ৰুগড়ৰ চল্টব্ৰুক স্কুলত কভিড- ১৯ আতংক I যোৱা ১০ তাৰিখে ৰেপিড টেষ্টত সোনোৱাল উপাধিৰ ছাত্ৰ জনৰ দেহত ধৰা পৰে কৰ'না ভাইৰাছ। ছাত্ৰ জনৰ পিতৃ মাতৃৰ দেহতো ধৰা পৰে কৰ'না ভাইৰাছ।
ৰূপনগৰৰ নিৱাসী ছাত্ৰ জন ক'ভিড পজিটিভ বুলি খবৰ বিয়পি পৰাত হুৱাদুৱা লাগে শিক্ষানুষ্ঠান খনত। ফলত বিদ্যালয় খনৰ সকলো ছাত্ৰ ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰীক কৰোৱা হয় ৰেপিড টেষ্ট।
সৌভাগ্যৰ বিষয় যে বিদ্যালয় খনৰ বাকী ১১৩ গৰাকী ছাত্ৰ ছাত্ৰী, শিক্ষক কৰ্মচাৰীৰ ৰেপিড টেষ্ট নিগেটিভ। যোৱা মংগলবাৰৰ পৰা ছাত্ৰ জন বিদ্যালয়ত উপস্থিত নাছিল বুলি জনাইছে ছল্ট ব্ৰুক স্কুলৰ শিক্ষকে। আনহাতে যোৱা সোমবাৰে কভিডত আক্ৰান্ত হৈছিল ৯জন। শেহতীয়াকৈ কভিডত প্ৰতিদিনে বৃদ্ধি পোৱা প্ৰতি লক্ষ্য কৰি আতংকিত হৈ পৰিছে ডিব্ৰুগড় চহৰ।