Classifieds
View All
মঙলদৈ ১৫ ফেব্ৰুৱাৰী : প্ৰায় এহাজাৰ কোটি টকা ব্যয়ৰে মঙলদৈত স্হাপন কৰিবলগীয়া পূব ভাৰতৰ প্ৰথম খন প্ৰস্তাবিত দক্ষতা বিকাশ বিশ্ববিদ্যালয় অসম দক্ষতা বিশ্ববিদ্যালয়ৰ সোমবাৰে বিয়লি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰ শিলা স্হাপন কৰে।
কেবাখনো বিদেশী ৰাষ্ট্ৰৰ কাৰিকৰী সহযোগত কাৰ্যক্ষম হবলগীয়া আৰু একেলগে দহ হাজাৰ শিক্ষাৰ্থীয়ে মুঠ বাৰটা পৃথক পৃথক বিভাগত শিক্ষা গ্ৰহণ কৰাৰ সুযোগ থকা এই বিশ্ববিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য্য ২০২৬ চনৰ চেপ্তেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ কথা ।
আধাৰ শিলা স্হাপন অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য, দক্ষতা বিকাশ, নিয়োগ , পৰিবহন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী , মঙলদৈৰ সাংসদ দিলীপ শইকীয়া , মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস, ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত হয় ।
Comments