নলবাৰী: ১৮ ফেব্ৰুৱাৰীঃ নলবাৰী জিলাৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান অসম ভেলী একাডেমী জুনিয়ৰ কলেজৰ উদ্যোগত আৰু এডুকেশ্যন ডেভ'লপমেন্ট চোছাইটিৰ সহযোগত আজি 'ক'ভিড আৰু ইয়াৰ প্ৰাদূৰ্ভাৱ' শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়।
আলোচক্ৰখনত মুঠ তেৰ গৰাকী ছাত্ৰ ছাত্ৰীয়ে ক'ভিড আৰু শৈক্ষিক জগত,ক'ভিড আৰু আৰ্থ-সামাজিক অৱস্থা ,ক'ভিড আৰু মানৱ মনস্তত্ব বিষয়ত পাঠ আগবঢ়ায়।আলোচক্ৰখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ অনুপম বৰ্মা মজুমদাৰে।মজুমদাৰে ভাষণ প্ৰসংগত কয় যে,ক'ভিড-১৯ য়ে পৃথিৱীৰ বিশেষকৈ আৰ্থসামাজিক দিশটোত যথেষ্ট ক্ষতি কৰিছে।
ইয়াৰ লগে লগে শিক্ষাৰ ক্ষেত্ৰখনত প্ৰভাৱ পৰিছে।সমান্তৰালভাৱে মানুহৰ মনস্ত্বাত্বিক দিশটোৰ ওপৰতো গভীৰভাৱে প্ৰভাৱ পৰা বুলি তেওঁ উল্লেখ কৰে।আজিৰ অনুষ্ঠানত শিক্ষানুষ্ঠান খনৰ প্ৰৱক্তা শশাংক শৰ্মা,অৰবিন্দ চক্ৰৱৰ্তী,কাবেৰী শৰ্মা,ৰিজু শৰ্মা,দীপক ঠাকুৰীয়া,প্ৰসেনজিৎ ডেকা,ৰাজু শৰ্মা,ভৱানী কলিতাকে ধৰি কেবাগৰাকী প্ৰৱক্তা উপস্থিত থকাৰ উপৰিও ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।
Comments