Choose Language

  • All  
  • English
  • অসমীয়া
Breaking News
0
0
5250

মাজুলীবাসীৰ বুকুত নতুন দিগন্ত:প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে যোৰহাট-মাজুলী সংযোগী দলং


Published on February 18, 2021 | News Source: প্ৰণৱজ্যোতি দত্ত
Share This Page
Related Stories

২২ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোদীৰ ২০২১বর্ষৰ ৩য়টো অসম ভ্ৰমণ


Published on February 13, 2021|News Source : জনমভূমি সংবাদ

গুৱাহাটী, ১৩ ফেব্ৰুৱাৰী: ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ২২ ফেব্ৰুৱাৰীত পুনৰ এবাৰ অসমলৈ আহিব ৷ প্ৰাপ্ত খবৰ অনুসৰি উক্ত দিনা মাজুলী আৰু চিলাপথাৰত দুখনকৈ জনসভাত আৰু ভিডিঅ’ কনফৰেন্সিঙৰ জৰিয়তে এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ৷

উল্লেখ্য যে এমাহৰ ভিতৰতে প্ৰধানমন্ত্ৰী মোদীৰ এয়া ৩য়টো অসম ভ্ৰমণ হ’ব ৷ ইয়াৰ আগতে ২৩ জানুৱাৰীত শিৱসাগৰৰ জেৰেঙা পথাৰ, ৭ ফেব্ৰুৱাৰীত ঢেকিয়াজুলিত দুখন চিকিৎসালয়ৰ আধাৰশিলা স্থাপন আৰু অসমমালা কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ৷

 

কংগ্ৰেছে ৫৫ বছৰ কাল ৰাজত্ব চলালেও তেওঁলোকে কেতিয়াও অসমৰ সকলো জিলাৰ সমবিকাশৰ বাবে কাম কৰা নাছিল: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল


Published on February 16, 2021|News Source : প্ৰশান্ত ৰায় বঙাইগাঁও

বঙাইগাঁও,১৬ ফেব্ৰুৱাৰী: সমাগত অসম বিধান সভা নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে বঙাইগাঁৱত কেইবাটাও চৰকাৰী আঁচনিৰ উদ্বোধন কৰি এক নিৰ্বাচনী চমক প্ৰদৰ্শন কৰে৷

মুখ্যমন্ত্ৰী সোণোৱালে জিলাখনৰ উত্তৰ শালমাৰাত গোল্ডী ডায়েৰী নামৰ এটা দুগ্ধ উৎপাদন প্ৰকল্প ,  মৈত্ৰী আঁচনিৰ অধীনত বঙাইগাঁও আৰু মাণিকপুৰ আৰক্ষী থানাৰ নৱ নিৰ্মিত ভৱন উদ্বোধন কৰাৰ লগতে চিআইডিএফ আঁচনিৰ অধীনত উত্তৰ বঙাইগাঁওস্থিত 'বঙাইগাঁৱত ষ্টেডিয়াম'ৰ আধাৰশিলা স্থাপন ,সম্পূৰ্ণা প্ৰকল্পৰ অধীনত প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা আঁচনি আৰু যাযাবৰ প্ৰকল্পৰ শুভাৰম্ভ কৰে৷

ইয়াৰ পিছতে বঙাইগাঁও কলেজৰ খেলপথাৰত এক ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে বৰাক-ব্ৰহ্মপুত্ৰ ,পাহাৰ ভৈয়ামৰ সমবিকাশৰ বাবে দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আজি অসম ক্ষিপ্ৰতাৰে উন্নয়নৰ দিশত আগবাঢ়িছে বুলি অভিমত ব্যক্ত কৰে৷ মুখ্যমন্ত্ৰী সোণোৱালে অসমৰ অন্যান্য জিলাৰ লগতে বঙাইগাঁও জিলাও এইক্ষেত্ৰত প্ৰাণ পাই উঠিছে বুলি প্ৰকাশ কৰে৷ লক্ষ্যণীয়

কংগ্ৰেছে ৫৫ বছৰ কাল ৰাজত্ব চলালেও কিন্তু তেওঁলোকে কেতিয়াও অসমৰ সকলো জিলাৰ সমবিকাশৰ বাবে কাম কৰা নাছিল বুলি অভিযোগ কৰি তাৰে ফলশ্ৰুতিত ৰাইজে তেওঁলোকক প্ৰত্যাখ্যান কৰিছে বুলিও কয় ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কংগ্ৰেছে কাম কৰাৰ পৰিৱৰ্তে ৰাজহুৱা ধন আত্মসাত কৰিলে৷ ফলত অসমৰ জনগণ ক্ষতিগ্ৰস্ত হ’ল৷ কিন্তু বিজেপিয়ে সততা,নিষ্ঠাৰে কাম কৰাৰ বাবে আজি বহু উল্লেখযোগ্য পৰিৱৰ্তন অসমৰ ৰাইজক দিবলৈ সক্ষম হয়৷ ফলশ্ৰুতিত অসমৰ

বৰাক-ব্ৰহ্মপুত্ৰ ,পাহাৰ ভৈয়াম প্ৰাণ পাই উঠিছে,জাকত জিলিকা হৈ উঠিছে ৷  আগন্তুক দিনত এইখন অসমক ভাৰতৰ অন্যতম আত্মনিৰ্ভৰশীল ৰাজ্য হিচাপে গঢ় দিয়াৰ আমাৰ লক্ষ্য আছে আৰু সেই কাম আমি নিষ্ঠাৰে কৰি যাম বুলিও কয়৷

 

Cartoon
View Older

 

June 23, 2021


Entertainment
View Older


From Our Archive

Create Account