বঙালমৰা: ২০ ফেব্ৰুৱাৰী:- একেধাৰে কবি, লেখক, প্ৰবন্ধকাৰ,অসম সাহিত্য সভাৰ আজীৱন সদস্য লখিমপুৰ জিলাৰ বঙালমৰাৰ সু সন্তান শিক্ষক ইছমাইল হুছেইনে আজি চাকৰি জীৱনৰ পৰা আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে। প্ৰধান শিক্ষক শ্বহীদ উল্লাহ আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিদ্যালয়ৰ শিক্ষকগোট আৰু ছাত্ৰ ছাত্ৰী সকলে অৱসৰপ্ৰাপ্ত বিদায়ী শিক্ষক ইছমাইল হুছেইনক জাপি,ছাতি, ফুলাম গামোচা, চেলেং চাদৰ, সফুৰা, কিতাপ,কলমেৰে সম্বৰ্ধনা জ্ঞাপন কৰে।
সভাত ইছমাইল হুছেইনে অশ্ৰুহিক্ত নয়নৰে বিদায়ী ভাষণ আগবঢ়ায়। তেওঁৰ স্বৰচিত এফাঁকি কবিতাৰে ভাষণ আৰম্ভ কৰি ছাত্ৰ ছাত্ৰীসকলক দেশৰ ভৱিষ্যত কাণ্ডাৰী বুলি আখ্যায়িত কৰি সুদীৰ্ঘ ৩১ বছৰীয়া চাকৰি জীৱনৰ বহু তিতা কেহা কথা ব্যক্ত কৰি আৱেগিক হৈ পৰা পৰিলক্ষিত হয়। সভাত বিভিন্ন জনে সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক ইছমাইল হুছেইনক সম্বৰ্ধনা জনায়।
Comments