গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ২১ ফেব্রুৱাৰী ঃ লীগৰ অন্তিম খেলত নিউজ-১৮ক সাত উইকেটত হৰুৱাই দ্বিতীয় নর্থ-ইষ্ট মিডিয়া টি-২০ ক্রিকেট প্রতিযোগিতাৰ ছেমি ফাইনেলত প্রৱেশ কৰিছে দৈনিক জনমভূমিয়ে৷ গ্রুপত শীর্ষ স্থান দখলৰ লগতে নেট ৰান ৰেটৰ ভিত্তিত অন্তিম ৪ত প্রৱেশ কৰা দৈনিক জনমভূমিৰ দলটোৱে সোমবাৰে অৱতীর্ণ হ’ব এন ডি-২৪ৰ বিৰুদ্ধে৷ নিউজ-১৮ৰ দিগন্ত ডেকাৰ ৪২ ৰানৰ সহযোগত ন উইকেটত ১২৬ ৰান কৰে৷ বিমল ৰংপিয়ে পায় তিনিটা উইকেট৷
প্রত্যুত্তৰত ১১টা চাৰি আৰু চাৰিটা ছয়েৰে মাথোঁ ৩৯ বলত ৮৩ ৰান কৰা বিমল ৰংপিৰ অলৰাউণ্ড প্রদর্শনৰ জৰিয়তে ১১.৫ অ’ভাৰতে দৈনিক জনমভূমিয়ে তিনি উইকেটৰ বিনিময়ত লক্ষ্য অতিক্রম কৰে৷ যোগ্যভাৱেই বিমলে পায় মেন অব৲ দ্য মেচৰ সন্মান৷ শ্বিলং প্রেছ ক্লাবক ৮৮ ৰানত পৰাস্ত কৰি বৰাক মিডিয়া সন্থাই সন্তুষ্টিৰ জয় সাব্যস্ত কৰে৷ স্থানীয় জজ ফিল্ডত চলি থকা প্রতিযোগিতাত বৰাকে পাঁচ উইকেটত ১৭৮ ৰান কৰাৰ প্রত্যুত্তৰত শ্বিলঙে ৯০ ৰানতে ইনিংছ সামৰি পৰাজিত হয়৷ প্রতিযোগিতাৰ সোমবাৰৰ আনখন ছেমি ফাইনেলত প্রতিদিন টাইমে ডি ডি কেৰ বিৰুদ্ধে খেলিব৷
Comments