নগাঁও ঃ খেলৰ বাতৰি দিওঁতা, ২১ ফেব্রুৱাৰী ঃ নগাঁও ক্রীড়া সংস্থাৰ ইনড’ৰ ষ্টেডিয়ামত চলি থকা প্রথম বার্ষিক মধ্য অসম মণ্ডল টাইকোৱাণ্ডো প্রতিযোগিতাত আয়োজক নগাঁৱে সামগ্রিকভাৱে অগ্রগতি লাভ কৰিছে৷ প্রতিযোগিতাখনৰ উভয় শাখাৰ কেডেটৰ পৰা ছিনিয়ৰলৈকে ওজনৰ ভিত্তিত খেলসমূহ অনুষ্ঠিত হৈছে৷
আজি পুৰুষৰ ৫৮ কেজি শাখাত বজালীৰ ঋষিৰাজ কলিতাই সোণৰ আৰু নগাঁৱৰ অমিত কুমাৰ যাদৱে ৰূপৰ পদক অর্জন কৰাৰ বিপৰীতে মহিলাৰ ৫৩ কেজি শাখাত নলবাৰীৰ মেঘালী বর্মনে সোণৰ আৰু কামৰূপ (মেট্র’)ৰ ঈষা শিৱে ৰূপৰ পদক লাভ কৰে৷ আনহাতে, জুনিয়ৰ ল’ৰাৰ ৪৫ কেজি শাখাত কামৰূপ (মেট্র’)ৰ মহাজ্ঞানন ফংলুচাই সোণ আৰু ভাস্কৰ মেধিয়ে ৰূপ আৰু নগাঁৱৰ কংকন বড়োৱে ব্রঞ্জৰ পদক পায়৷
৪৮ কেজি শাখাত নগাঁৱৰ টাহামিম মাৰূফে সোণ আৰু কামৰূপ (মেট্র’)ৰ আকাশ সিঙে ৰূপৰ পদক লাভ কৰে৷ ৫১ কেজি শাখাত নগাঁৱৰ অৰিন্দম অয়ন ফুকনে সোণ, নলবাৰীৰ অনিশ বর্মনে ৰূপ আৰু বৰপেটাৰ বিভৱজ্যোতি নাথে ব্রঞ্জ আৰু ৫৯ কেজি শাখাত কামৰূপ (মেট্র’)ৰ জুৱেলদীপ নাথে সোণ আৰু নগাঁৱৰ দর্শনজ্যোতি হাজৰিকাই ৰূপৰ পদক পাবলৈ সক্ষম হয়৷ জুনিয়ৰ ছোৱালীৰ ৪২ কেজি শাখাত কামৰূপ (মেট্র’)ৰ সুস্মিতা ৰয়ে সোণ, বজালীৰ জুৰি বর্মনে ৰূপ আৰু নগাঁৱৰ কৰিস্মিতা বৰাই ব্রঞ্জৰ পদক আৰু ৫৫ কেজি শাখাত নগাঁৱৰ ঝিল অনুকৃতি শর্মাই সোণৰ পদক বুটলিবলৈ সক্ষম হয়৷
Comments