Choose Language

  • All  
  • English
  • অসমীয়া

এনেকুৱা অমানৱীয় অপহৰণৰ উদেশ্য সহজে ধনঘটাৰ উপৰিও কিবা বেলেগ আছে নেকি ? 


Published on February 20, 2021 | News Source: বিজয় শংকৰ বৰা
Share This Page
Related Stories

ৰাম কুমাৰৰ পৰিয়ালত হাহাকাৰ:দেউতাকৰ জীৱন ভিক্ষা কৰিলে কেন্সাৰত আক্ৰান্ত কণমানি পুত্ৰই


Published on February 20, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

প্ৰণৱজ্যোতি দত্ত,২০ফেব্ৰুৱাৰী:আলফাই অপহৰণ কৰা কুইপৰ অভিযন্তা ৰাম কুমাৰৰ পত্নীয়ে স্বামীক বিচাৰি কৰিছে হাহাকাৰ।বিহাৰৰ পৰা ৰাম কুমাৰৰ পৰিয়ালৰ ভিডিঅ’ বার্তা প্ৰেৰণ।ৰাম কুমাৰক মুক্তি দিবলৈ কাতৰ আহ্বান পৰিয়ালৰ।

 

হাতযোৰ কৰি দেউতাকৰ জীৱন ভিক্ষা কৰিলে কণমানি পুত্ৰ-কন্যাই।উল্লেখযোগ্য যে,ৰাম কুমাৰৰ ৫ বছৰীয়া পুত্ৰ সন্তান ব্লাড কেন্সাৰত আক্ৰান্ত।পুত্ৰৰ চিকিৎসাৰ বাবে ৰাম কুমাৰে ১০ লাখ টকা ঋণ লৈছিল।কিন্তু অপহৰণৰ পিছৰে পৰা বন্ধ হৈ আছে পুত্ৰৰ চিকিৎসা।

 

কোনো অঘটন ঘটিলে আত্মহত্যাৰ বাহিৰে কোনো গত্যন্তৰ নাথাকিব বুলি ৰাম কুমাৰৰ পৰিয়ালে ব্যক্ত কৰিছে৷

পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য:কুইপ’ৰ দুই অপহৃত অভিযন্তাক ম্যানমাৰত ৰখাৰ সন্দেহ


Published on February 20, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

প্ৰণৱজ্যোতি দত্ত,২০ফেব্ৰুৱাৰী:পোহৰলৈ আহিছে আলফাই অপহৰণ কৰা কুইপ’ৰ দুই অভিযন্তাৰ চাঞ্চল্যকৰ তথ্য।এক বিশেষ সুত্ৰৰ পৰা জানিব পৰা মতে,কুইপ’ৰ দুই অপহৃত অভিযন্তাক ম্যানমাৰত ৰখা হৈছে।দুয়োকে ম্যানমাৰৰ থাওথ্ৰীৰ আলফাৰ শিবিৰত ৰখাৰ সন্দেহ কৰা হৈছে।

 

দুয়োকে অৰুণাচলৰ পৰা ম্যানমাৰলৈ খোজকঢ়াই লৈ যোৱা হৈছিল বুলিও জানিব পৰা গৈছে।ৰূপম অসমৰ নেতৃত্বত অপহৰণ কৰা হৈছিল কুইপ'ৰ দুগৰাকী বিষয়া প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক।

 

ইতিমধ্যে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে আলফা স্বাধীনে সোমবাৰ অৰ্থাৎ ২১ ফেব্ৰুৱাৰীত অপহৃত বিষয়া দুগৰাকীক শাস্তি দিয়া হ’ব বুলি জানিবলৈ দিছে।উল্লেখযোগ্য যে,২১ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ পৰা অপহৃত হৈছিল কুইপ'ৰ দুগৰাকী বিষয়া প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰ।

 

সেইদিনা সন্ধিয়া অপহৰণকাৰী দলটোৱে প্ৰথমে লগ পাইছিল কুইপ কোম্পানীত কেমিকেল ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত নাহৰকটীয়াৰ হুদুপাৰা নিৱাসী ৰিপুঞ্জয় চাৰিঙীয়া ফুকনক।তেওঁ জানিবলৈ দিয়া অনুসৰি "সন্ধিয়া অপহৰণকাৰী দলটোৱে  কুইপ' কোম্পানীৰ ৰিগ ৩ৰ বিষয়া কেশৱ বৰুৱাক বিচাৰি আহিছিল।

 

কিন্তু কেশৱ বৰুৱা বদলি হোৱাত অপহৰণকাৰী দলটো পি কে গগৈৰ মুখামুখি হয়।তাৰ পিছতই পি কে গগৈ আৰু ৰেডিঅ অপাৰেটৰ হিচাপে কৰ্মৰত ৰাম কুমাৰক দলটোৱে লৈ গৈছিল।দুই বিষয়াৰ লগতে অপহৰণকাৰী দলটোৱে লগত লৈ গৈছিল কেইবাটাও মোবাইল।

Ad
Cartoon
View Older

 

March 2, 2023

most read news



    From Our Archive

    Create Account