Classifieds
View All
তিনিচুকীয়া: ২০ ফেব্ৰুৱাৰী: তিনিচুকীয়া আঞ্চলিক ছাত্ৰসন্থাৰ অন্তৰ্গত বাহাদুৰ চাৰিআলি উপ শাখা ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ যায়। অধিৱেশনৰ উপলক্ষে আয়োজিত সভাৰ সভাপতিত্ব কৰে আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উদীপ বৰপাত্ৰগোহাইয়ে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আঞ্চলিক ছাত্ৰ সন্থাৰ উপ - সভাপতি দিকোছ মৰাণে৷
সভাখনত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সত্যজিৎ বৰগোহাঁই , তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নয়ন জ্যোতি বেজবৰুৱা আদি উপস্থিত আছিল। উক্ত অধিবেশনত ৰাজ তাঁতীক সভাপতি আৰু প্ৰাণজিৎ ফুকনক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰি এখন ৩০ জনীয়া শাখা সমিতি গঠন কৰি দিয়ে৷
Comments