মাজুলী,২০,ফেব্ৰুৱাৰী: অসম ৰাজ্যিক ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ উদ্যোগত ২০১৬ চনৰ পৰা অসমত অনুষ্ঠিত হৈ আহিছে জাতি জনগোষ্ঠীৰ সমন্বয়ৰ উৎসৱ 'সহোদৰ'।অসমৰ বিভিন্ন জাতি, জনজাতি, খিলঞ্জীয়া অসমীয়া ,জনগোষ্ঠী তথা সাংস্কৃতিক সত্তাসমূহৰ বাৰেবৰনীয়া ৰূপক ঐক্যবদ্ধভাৱে প্ৰকাশ কৰা আৰু বিনন্দীয়া অসমৰ নান্দনিক সৌন্দৰ্যৰ সাৱলীল অভিবক্তিৰ জৰিয়তে "সমন্বয় আৰু ভাতৃত্ববোধক" সকলোৱে মিলি স্বচক্ষে সমাদৰ কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হৈ অহা 'সহোদৰ-২০২১ অনুষ্ঠানটি এইবাৰ মাজুলীৰ জেংৰাইমুখৰ মৰাসুতি পাৰত কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব।
এই লৈ মাজুলীত ইতিমধ্যে অসম বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জাতি,জনগোষ্ঠীৰ কৃষ্টি দল সমূহ আহি উপস্থিত হৈছেহি। আজি জেংৰাইমুখৰ 'সহোদৰ' উদযাপন স্থলীত ৰাজ্যিক ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব লক্ষ্য কোঁৱৰে ২০১৬ চনৰ পৰা বৰাক, ব্ৰহ্মপুত্ৰ আৰু পাহাৰ ভৈয়ামৰ বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি সমন্বয় আৰু ভাতৃত্ববোধৰ পৰিবেশ সৃষ্টিৰ লক্ষ্যৰে অনুষ্ঠিত কৰা অনুষ্ঠানটিৰ কাৰ্যসূচী সম্পৰ্কে দাঙি ধৰে।লক্ষ্য কোঁৱৰে জানিবলৈ দিয়া মতে কাইলৈ ৩.৩০ বজাত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল।
অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব শিক্ষা তথা বিত্ত আদি বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সাংস্কৃতিক পৰিক্ৰমা,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে।অনুষ্ঠানত অসমৰ সাংসদ,বিধায়ককে ধৰি সকলো স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য অতিথি সকলো উপস্থিত থাকিব।
কোঁৱৰে জানিবলৈ দিয়া মতে কাইলৈ উক্ত অনুষ্ঠানত মুখ্যবক্তা হিচাপে উপস্থিত থাকিব বলিউডৰ অভিনেতা বিবেক অ'বেৰয়।৪৭ টা জনগোষ্ঠীয়ে অংশগ্ৰহণ কৰিবলগীয়া অনুষ্ঠানটিত কাইলৈ সন্ধিয়া ৬ বজাত ১৪ টা জনগোষ্ঠীয় সাংস্কৃতিক দলে অনুষ্ঠান পৰিবেশন কৰিব।
সন্ধিয়া সাংস্কৃতিক সন্ধিয়াত অসমৰ বহুকেইগৰাকী শিল্পীয়ে অনুষ্ঠান পৰিবেশন কৰিব। ২২ ফেব্ৰুৱাৰীত অনুষ্ঠানৰ দ্বিতীয় দিনা বিয়লি ৩.৩০ বজাৰ পৰা 'দ্বীপৰ পৰা দিগন্তলৈ' শীৰ্ষক এক বিশেষ অনুষ্ঠানৰ লগতে অসমৰ বিভিন্ন জনজাতিৰ সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শিত হব।ইয়াৰ পিছতেই ৬.৩০ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হিচাপে 'ভইচ অফ ইণ্ডিয়া খ্যাত জনপ্ৰিয় সংগীত শিল্পী দেৱজিৎ সাহাই সংগীত পৰিৱেশন কৰিব বুলি কোঁৱৰে লগতে জানিবলৈ দিয়ে।দুয়োদিনৰ অনুষ্ঠানত মাজুলীৰ স্থানীয় শিল্পীৰ অনুষ্ঠানৰ লগতে এশ গৰাকী লোকৰ খোল বাদনৰ লগতে মুখা শিল্প বিশেষভাৱে প্ৰদৰ্শিত হব।
অনুষ্ঠানত আজলী নবৌ কথাছবিত অভিনয় কৰা ইলা কাকতিৰ সোঁৱৰণতো বিশেষ অনুষ্ঠান ৰাখিছে।অনুষ্ঠানত মিছিং,দেউৰী,নেপালী বিভিন্ন জাতি জনগোষ্ঠীৰ বিপনীয়ে অংশগ্ৰহণ কৰিব।ইফালে সংবাদ মেল খনত উপস্থিত থাকি কা' আন্দোলনৰ সময়ত বিজেপি এৰি পুনৰ শেহতীয়া বিজেপিত যোগদান কৰা ন বিজেপি সিমান্ত শেখৰে কয় যে-বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ থলী মাজুলীৰ নিচিনা ঠাইত অনুষ্ঠিত হোৱা এই অনুষ্ঠানে ভাগ ভাগ হোৱাৰ পৰিৱৰ্তে বৃহত্তৰ অসমীয়া জাতি গঢ়াত সহায় কৰিব।
সংবাদ মেলত উপস্থিত থাকি অভিনেতা যতীন বৰাই সকলো জাতি জনগোষ্ঠীৰ উপস্থিতিৰে অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানে সমন্বয়ৰ অসম গঢ়াত সহায় কৰিব বুলি উল্লেখ কৰে।সংবাদ মেলত অভিনেত্ৰী আশা বৰদলৈ শিল্পী জয়ন্ত ভাগৱতী,সমাজকৰ্মী ক্ৰমে লোকনাথ কুটুম,নীল দলে, দেৱজিৎ পাটিৰ,কিৰন মেধি উপস্থিত থাকে।
Comments