নতুন দিল্লী, ২২ ফেব্রুৱাৰী ঃ ভাৰতীয় প্রফেশ্যনেল বক্সিং তাৰকা বিজেন্দৰ সিঙে অহা মাহত ৰিঙলৈ প্রত্যাৱর্তন ঘটাব৷ কভিড-১৯ৰ সংহাৰৰ বাবে এবছৰৰ অধিক বিৰতিত বিজেন্দৰে বক্সিঙলৈ উভতিব বুলি তেওঁৰ প্রমোটাৰে সোমবাৰে ঘোষণা কৰিছে৷
শীঘ্রেই বিজেন্দৰৰ প্রতিদ্বন্দ্বীৰ নাম প্রকাশ কৰিব বুলিও জানিবলৈ দিছে৷ যুঁজ ভাৰততে হ’ব যদিও তাৰিখ আৰু ভেনু্য এই পর্যন্ত স্থিৰ হোৱা নাই৷ এই পর্যন্ত অবিজিত হৈ ৰোৱা বিজেন্দৰৰ ভাৰতত এয়া পঞ্চম যুঁজ হ’ব৷ ইয়াৰ আগেয়ে নতুন দিল্লী, মুম্বাই আৰু জয়পুৰত সফলতা লাভ কৰিছিল বিজেন্দৰে৷
ডব্লিউ বি অ’ অৰিয়েণ্টেল আৰু ডব্লিউ বি এ এছিয়ান পেচিফিক ছুপাৰ মিডলৱেইটৰ ডিফেণ্ডিং চেম্পিয়ন বিজেন্দৰে ঘানাৰ প্রাক্তন কমনৱেলথ চেম্পিয়ন চার্লছ আডামুক পৰাজিত কৰাৰ পাছৰে পৰাই ৰিঙৰ পৰা আঁতৰি আছে৷ ২০১৯ চনৰ নৱেম্বৰত ডুবাইত হোৱা খেলত চার্লছক হৰুৱাই বিজেন্দৰে নিজৰ ক্রমশঃ দ্বাদশ জয় সাব্যস্ত কৰিছিল৷ ভাৰতীয় তাৰকাগৰাকীয়ে যোৱা এমাহ ধৰি কঠোৰ অনুশীলনত ব্যস্ত আছে৷
Comments