Classifieds
View All
মুম্বাই, ২২ ফেব্রুৱাৰী ঃ ফিটনেছ পৰীক্ষাত উত্তীর্ণ হোৱাৰ পাছতেই পেছাৰ উমেশ যাদৱক ইংলেণ্ডৰ বিৰুদ্ধে অন্তিম দুখন টেষ্টৰ বাবে ভাৰতীয় দলত অন্তর্ভুক্ত কৰা হৈছে৷ আনহাতে, চলিত বিজয় হাজাৰে এদিনীয়া ট্রফীত ভাগ ল’বলৈ ছার্দুল ঠাকুৰক দলৰ পৰা অব্যাহতি দিয়া হৈছে৷
‘দেওবাৰে এক ফিটনেছ পৰীক্ষাত অৱতীর্ণ হয় উমেশ৷ মোটেৰাত হোৱা উক্ত পৰীক্ষাত উত্তীর্ণ হয় উমেশ৷ তাৰ পাছতেই তেওঁক ভাৰতীয় দলত অন্তর্ভুক্ত কৰা হয়৷ আনহাতে ছার্দুলক বিজয় হাজাৰে ট্রফীৰ বাবে দলৰ পৰা মুকলি কৰি দিয়া হৈছে৷’ বি চি চি আইৰ এক সূত্রত এই কথা প্রকাশ পাইছে
উল্লেখযোগ্য যে অষ্ট্রেলিয়াৰ মাটিত ডিচেম্বৰত হোৱা মেলব’র্ন টেষ্টত আঘাত পোৱাৰ বাবে ছিৰিজৰ অৱশিষ্ট খেলৰ পৰা বাদ পৰিছিল উমেশ৷ এতিয়া বুধবাৰে আহমেদাবাদত আৰম্ভ হ’বলগীয়া দিবা-নৈশ তৃতীয় টেষ্টত ভাৰতে তিনিগৰাকী পেচাৰক নমোৱাৰ সম্ভাৱনা আছে৷
Comments