মানাহৰ পৰা ৰূপক দাস ঃ ২১ ফেব্রুৱাৰী ঃ প্রকৃতিপ্রেমীৰ বাবে আন এক সুখবৰ৷ মাগুৰী বিলত ১১২ বছৰৰ পাছত ‘মেণ্ডাৰিন ডাক’ৰ অৱস্থিতি প্রত্যক্ষ কৰাৰ পাছতে এই মাহতে অসমলৈ প্রথমবাৰৰ বাবে আগমন ঘটিল এযোৰ ‘ব্লেক নেক৲ড ক্রেন’ চৰাইৰ৷
মানাহ ৰাষ্ট্রীয় উদ্যানৰ পাণবাৰী ৰেঞ্জৰ সমীপত প্রথমে ‘ব্লেক নেক৲ড ক্রেন’ চৰাইযোৰ প্রত্যক্ষ কৰে বৰপেটাৰ ইমৰান আহমেদ নামৰ ফটোগ্রাফাৰ এগৰাকীয়ে৷ ইয়াৰ পাছতে স্বেচছাসেৱী সংগঠন ৱাইল্ডলাইফ ট্রাষ্ট অব৲ ইণ্ডিয়াৰ লগত সহযোগ কৰি থকা পাণবাৰীৰ সমীপৱর্তী চাউৰাং গাঁৱৰ প্রকৃতিপ্রেমী টিকেন ৰায়ে যোৱা ১৭ ফেব্রুৱাৰীত পাণবাৰীৰ এডৰা ধাননি পথাৰৰ নৰাণিত চৰাইযোৰ দেখা পোৱা বুলি সংগঠনটোৰ সূত্রৰ পৰা জানিব পৰা গৈছে৷
উল্লেখযোগ্য যে এই ‘ব্লেক নেক৲ড ক্রেন’ চৰাইৰ প্রজাতিটোক ইতিমধ্যে ‘সংকটাপন্ন’ চৰাইৰ তালিকাভুক্ত কৰিছে IUCN (International Union for Conservation of Nature)-এ৷ চীনত অধিকসংখ্যক বিস্তৃত হৈ থকা তথা সুউচচ তিববতৰ পাহাৰীয়া এলেকাৰ আৱাসী এই চৰাইবিধক ইয়াৰ পূর্বে অৰুণাচলৰ উপৰি চুবুৰীয়া ৰাষ্ট্র ভূটানতো দেখা পোৱাৰ নজিৰ আছে বুলি জনা গৈছে৷
ইফালে অসমত চৰাইযোৰৰ অৱস্থিতিৰ বাতৰি শুনি অলপতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্র নীলোৎপল মহন্তৰ নেতৃত্বত পল্লৱ প্রাঞ্জল শর্মা আৰু ইন্দ্রাণী অধ্যাপকসহ এটা প্রকৃতিপ্রেমী দল পাণবাৰীত উপস্থিত হৈ চৰাইযোৰ ‘ব্লেক নেক৲ড ক্রেন’ বুলি পুনৰবাৰ নিশ্চিত কৰে৷ তদুপৰি নীলোৎপল মহন্তৰ নেতৃত্বত যোৱা গোটটোৱে স্থানীয় লোক তথা আন প্রকৃতিপ্রেমীৰ সৈতে আলোচনাত মিলিত হৈ পূর্বে অসমীয়াত নামকৰণ নোহোৱা এই কর্চন চৰাইযোৰ ‘দেও কর্চন’ নামেৰে নামকৰণ কৰে৷
ৱাইল্ডলাইফ ট্রাষ্ট অব৲ ইণ্ডিয়াৰ মানাহত কর্মৰত প্রকল্প বিষয়া সনাতন ডেকাই এই প্রতিবেদকক জনোৱা অনুসৰি, চৰাইযোৰ প্রথমবাৰৰ বাবে দেখি পাণবাৰীবাসীয়ে উৎফুল্ল হৈ পৰাৰ উপৰি চৰাইযোৰক যাতে কোনোৱে আমনি বা কোনোধৰণৰ ক্ষতি কৰিব নোৱাৰে, সেই ক্ষেত্রতো সদায় সজাগ হৈ ৰৈছে৷ আনহাতে অসমত প্রথমবাৰৰ বাবে চৰাইযোৰৰ অৱস্থিতিৰ বতৰাই ৰাজ্যৰ বিভিন্ন প্রান্তৰ চৰাই পর্যবেক্ষক-প্রকৃতিপ্রেমীক স্বাভাৱিকতে উৎফুল্লিত কৰিছে৷
Comments