গুৱাহাটী, ২২ ফেব্ৰুৱাৰী: অভিনেত্ৰী বৰষা বৰষা ৰাণী বিষয়াই আজি মৰিগাওঁ জিলাৰ মায়ঙৰ গৰাঙ মন্দিৰত যোৰহাটৰ ভাস্কৰ বৰুৱাৰ সৈতে বিবাহ পাশত আবদ্ধ হয় ৷
নিজৰ বিবাহ সম্পর্কে ২ ফেব্ৰুৱাৰীত সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি কৈছিল এয়া প্ৰকৃতিৰ নিয়ম ৷ প্ৰকৃতিৰ নিয়ম বুলিয়ে মই মানি লৈছোঁ ৷ সকলোকে এজন সংগীৰ প্ৰয়োজন ৷ মোৰ পিতৃ, মাতৃ, মোৰ প্ৰয়াত স্বামীৰ শাহু শহুৰ, মোৰ শুভাকাংশী সকল, সকলোৰে এটাই সদায় মোক কৈ থাকে যে জীৱনটো আকৌ ভাবিবলৈ কৈ থাকে ৷ গতিকে এতিয়া ভগৱানে এটা সুযোগ দিছে ৷ মোৰ পৰিয়ালৰ আশীৰ্বাদত আছে ৷ মই সামাজিক মাধ্যমত দেখিছোঁ যে ৰাইজে বৰ মৰম কৰে, আশীৰ্বাদ দিছে ৷ সকলোৰে আশীৰ্বাদ শিৰত লৈ পেলাই এই যাত্ৰাত আকৌ মই খোজ পেলাবলৈ সাহসেৰে আগবাঢ়িছোঁ ৷”
দৈনিক জনমভূমি পৰিয়ালৰ তৰফৰ পৰাও বৰষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাৰ নতুন জীৱনলৈ থাকিল অলেখ শুভকামনা।
Comments
সকলোৰে আশীৰ্বাদ শিৰত লৈ পেলাই এই যাত্ৰাত আকৌ মই খোজ পেলাবলৈ সাহসেৰে আগবাঢ়িছোঁ: বৰষাৰাণী বিষয়া
Published on February 2, 2021|News Source : জনমভূমি সংবাদ
গুৱাহাটী, ২ ফেব্ৰুৱাৰী: অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই নিজৰ বিবাহ সম্পৰ্কত সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে এয়া প্ৰকৃতিৰ নিয়ম ৷ অভিনেত্ৰী গৰাকীয়ে কয় -“প্ৰকৃতিৰ নিয়ম বুলিয়ে মই মানি লৈছোঁ ৷ সকলোকে এজন সংগীৰ প্ৰয়োজন ৷ মোৰ পিতৃ, মাতৃ, মোৰ প্ৰয়াত স্বামীৰ শাহু শহুৰ, মোৰ শুভাকাংশী সকল, সকলোৰে এটাই সদায় মোক কৈ থাকে যে জীৱনটো আকৌ ভাবিবলৈ কৈ থাকে ৷
গতিকে এতিয়া ভগৱানে এটা সুযোগ দিছে ৷ মোৰ পৰিয়ালৰ আশীৰ্বাদত আছে ৷ মই সামাজিক মাধ্যমত দেখিছোঁ যে ৰাইজে বৰ মৰম কৰে, আশীৰ্বাদ দিছে ৷ সকলোৰে আশীৰ্বাদ শিৰত লৈ পেলাই এই যাত্ৰাত আকৌ মই খোজ পেলাবলৈ সাহসেৰে আগবাঢ়িছোঁ ৷”
উল্লেখ্য যে অহা ২২ ফেব্ৰুৱাৰী তাৰিখে বৰষাৰাণী বিষয়াই কইনাৰ সাজ পুনৰ এবাৰ পিন্ধিব ৷ যোৰহাটৰ বাহনাৰ যুৱক ভাস্কৰ বৰুৱাৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব অসমৰ সকলোৰে মৰমৰ জনপ্ৰিয় অভিনেত্ৰী গৰাকী ৷ জানিব পৰা অনুসৰি বৰষাৰাণী বিষয়াৰ প্ৰথম স্বামী প্ৰয়াত অবিনাশ শইকীয়াৰ পিতৃয়ে কন্যাদান কৰিব নিজৰ বোৱাৰী বৰষাৰাণী বিষয়াক ৷
বৰষাৰ বিয়া:ভাবী স্বামী ভাস্কৰ বৰুৱাৰ প্ৰথমটো আৱেগসনা পোষ্ট
Published on February 5, 2021|News Source : প্ৰণৱজ্যোতি দত্ত
বৰষাই পাইছে ৰাইজৰ অফুৰন্ত আৰু পাৰ ভঙা আশীৰ্বাদ আৰু মৰম।ইয়াৰ মাজতে বৰষা ৰাণী বিষয়াৰ ভাবী স্বামী ভাস্কৰ বৰুৱাৰ ছচিয়েল মিডিয়াত প্ৰথমটো আৱেগসনা পোষ্ট।পোষ্ট কৰাৰ পিছতে ভাস্কৰৰ ৱালত ইতিমধ্যে হাজাৰ-হাজাৰ মানুহে দুয়োকে দিছে মৰম আৰু শুভেচ্ছা।
বৰষাৰ সৈতে উঠা এখন ফটোৰ সৈতে এটা আৱেগঘন পোষ্ট শ্বেয়াৰ কৰিছে ভাস্কৰে।ভাস্কৰে লিখিছে,"আমি শীঘ্ৰেই এক হ'বলৈ গৈ আছো।সকলোৰে আশীৰ্বাদ বিচাৰিলো।মৰম বিলাই যাওক, আনন্দ বিলাই যাওক।"
দুগৰাকী অভিনেত্ৰীক অশ্লীল মন্তব্য:আজি থানাত হাজিৰ জুবিন গাৰ্গ
Published on February 8, 2021|News Source : প্ৰণৱজ্যোতি দত্ত/ফটো:ৰেৱ কুমাৰ বৰা
প্ৰণৱজ্যোতি দত্ত,৮ ফেব্ৰুৱাৰী:দুগৰাকী অভিনেত্ৰীক উদ্দেশ্যি অশ্লীল মন্তব্য কৰাৰ অভিযোগত আজি পানবজাৰ মহিলা আৰক্ষী থানাত হাজিৰ হয় জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ।সোমবাৰে বিয়লি ৫বজাত পানবজাৰ মহিলা আৰক্ষী থানাত জুবিন গাৰ্গক হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছিল।
উল্লেখযোগ্য যে,এক ৰাজহুৱা অনুষ্ঠানত জুবিন গাৰ্গে অভিনেত্ৰী নিশিতা গোস্বামী আৰু প্ৰস্তুতি পৰাশৰক উদ্দেশ্যি আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছিল।এই অনুষ্ঠানত বলীউদৰ অভিনেত্ৰী মালাইকা আৰোৰাৰ লগতে প্ৰস্তুতি পৰাশৰ, বৰষাৰাণী বিষয়াকে ধৰি অসমীয়া ছবি জগতৰ প্ৰায় সকলো শিল্পী উপস্থিত আছিল।
জুবিনৰ এই মন্তব্যৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাছতে মহিলা আয়োগে নিজাববীয়াকৈ জুবিনৰ বিৰুদ্ধে তৰিছিল গোচৰ।