তিনিচুকীয়া, ২২ ফেব্ৰুৱাৰী: তিনিচুকীয়া নগৰৰ মাজ মজিয়াত থকা গোলাপচন্দ্ৰ ৰবিচন্দ্ৰ নাট্য মন্দিৰত এক গ্ৰন্থ উন্মোচনী সভাত জনপ্ৰিয় গায়িকা , সুৰকাৰ তথা গীতিকাৰ ৰুমী গোস্বামীৰ '"দাপোনত নিজকে চাওঁ " গ্ৰন্থখন উন্মোচন কৰা হয় ।
গ্ৰন্থখন উন্মোচন কৰে প্ৰখ্যাত নাট্যকাৰ ,গীতিকাৰ তথা ঔপন্যাসিক অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি ডঃ অখিল চক্ৰৱৰ্তীয়ে ।চক্ৰৱৰ্তীয়ে তেখেতৰ ভাষণত ৰুমী গোস্বামীৰ গ্ৰন্থখনৰ বিভিন্ন দিশ আলোচনা কৰি লেখিকা গোস্বামীৰ কষ্ট কৰিব পৰা গুণটোৰ শলাগ লয় ।অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক তথা ভাৰপ্ৰাপ্ত উপাচাৰ্য ডঃ মদন শৰ্মাই বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰে ।
সভাত উপস্থিত থাকি ডিব্ৰুগড়ৰ বিশিষ্ট চাহ খেতিয়ক, বহু অসমীয়া গ্ৰন্থ হিন্দীলৈ অনুবাদ কৰোতা দেৱীপ্ৰসাদ বাগৰোডিয়া ,তামিলনাডুৰ জীয়ৰী অসমৰ বোৱাৰী মায়াচিন্নি দাস , শিক্ষাবিদ আব্দুল ৰৌফ ,দুন্দুভি ভট্টাচাৰ্য্যই বক্তব্য আগবঢ়ায়। সমজুৱাৰ ফালৰ পৰা বিশিষ্ট শিল্পী কামিনি কুমাৰ গোহাঁয়ে বক্তব্য দাঙি ধৰে । সভাৰ আৰম্ভণিতে আদৰণী ভাষণ দিয়ে গ্ৰন্থৰ লেখিকা ৰুমী গোস্বামীয়ে আৰু অনুষ্ঠান সঞ্চালনা কৰে জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰে । ডঃ অখিল চক্ৰৱৰ্তীয়ে ৰচনা কৰা আৰু ৰুমী গোস্বামীয়ে সুৰ দিয়া এটি সমবেত সংগীতেৰে অনুষ্ঠানৰ পাতনি মেলে। গ্ৰন্থ উন্মোচনী অনুষ্ঠানটো নাট্য শিল্পী শ্যাম সুন্দৰ খাউণ্ডে আঁত ধৰে ।
Comments