Classifieds
View All
গুৱাহাটী, ২২ ফেব্ৰুৱাৰী: শিল্পী জুবিন গাৰ্গ অভিনীত নতুন অসমীয়া চিনেমা ৰাজনীতিৰ টিজাৰ আজি ইউটিউবত মুকলি কৰা হৈছে ৷
জুবিন গার্গে নিজৰ জন্মদিনত চিনেমাখন সম্পৰ্কে মন্তব্য কৰি কৈছিল যে ড০ বেজবৰুৱাৰ শ্বুটিং শেষ হৈছে আৰু ৰাজনীতি নামৰ এক নতুন চিনেমাও ঘোষণা কৰা হৈছে ৷ মানুহে চাই ভাল পাব ৷
উল্লেখ্য যে মঞ্জিত শর্মাৰ উক্ত চিনেমাত অভিনয় কৰিছে জুবিন গার্গ , তপন দাস আৰু বৰষা ৰাণী বিষয়া, গীতাৱলি ৰাজকুমাৰি, সঞ্জিৱ শর্মা, সিদ্ধার্থ শর্মা ৷ সংগীত জুবিন গার্গ, তৰালী শর্মা, জয়ন্ত কাকতি, অজয় ফুকন আৰু দর্শন ৷ চিনেমাৰ কাহিনী কাহিনী অভিজিত ভট্টাচাৰ্যৰ ৷
চিনেমাখনত এজন সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰিছে জুবিন গার্গে ৷
টিজাৰত উল্লেখ থকা অনুসৰি চিনেমাখন চকচিত্ৰ গৃহত অহা ২৬ মাৰ্চ তাৰিখে মুক্তি পাব ৷
Comments