Classifieds
View All
গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী: সোমবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুগৰাকী শিক্ষাৰ্থীৰ দেহত ক’ভিড ১৯ৰ সংক্ৰমণ ধৰা পৰাৰ পিছত বিশ্ববিদ্যালয়ৰ উপাচার্যই ড° ভূপেন হাজৰিকা পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰটো সাত দিনৰ বাবে কন্টেইনমেন্ট জ’ন ঘোষণা কৰে ৷
নিৰ্দেশ অনুসৰি ড° ভূপেন হাজৰিকা পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ সকলো শিক্ষাৰ্থী,শিক্ষক,বিষয়া,কৰ্মচাৰীক সাত দিনৰ বাবে নিজ গৃহত কোৱাৰেন্টাইন হোৱা আৰু ক’ভিড ১৯ৰ পৰীক্ষা কৰিবলৈ কোৱা হৈছে।
উল্লেখ্য যে ডিব্ৰুগড় জিলা চার্ভিলেঞ্চ বিষয়া ড. নৱজ্যোত গগৈয়ে ডিব্ৰুগড় জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণে বিশ্ববিদ্যালয়ত কন্টেইনমেন্ট জ’ন ঘোষণা কৰা নাই বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷
Comments