Classifieds
View All
গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী: তথ্য জনাৰ অধিকাৰ আইনৰ ব্যৱহাৰ কৰি আজমল ফাউণ্ডেচনক ব্লেকমেইলিং কৰাৰ অভিযোগত হোজাইৰ মোৰাঝাৰত আৰক্ষীয়ে আৰটিআাই কর্মী জমিৰ উদ্দিন ওৰফে কালা জমিৰক গ্ৰেপ্তাৰ কৰিছে ৷
প্ৰাপ্ত খবৰ অনুসৰি জমিৰ উদ্দিনে সোমবাৰে ভুৱা আজমল ফাউণ্ডেচনৰ কাৰ্যালয়ত আহি সঞ্চালক ড০ খচৰুল ইছলামক ভাবুকি দি ধন বিচাৰে৷ আজমল ফাউণ্ডেচনে লগে লগে হোজাই আৰক্ষীক খবৰ দিয়াত হোজাই আৰক্ষীয়ে আটক কৰে জমিৰ উদ্দিনক ৷
জানিব পৰা অনুসৰি ইয়াৰ পূর্বেও আৰটিআইৰ নামত ব্লেকমেইলিং কৰি ধন দাবী কৰাৰ অভিযোগত আৰক্ষীয়ে জে’ল হাজোতলৈ প্ৰেৰণ কৰিছিল জমিৰ উদ্দিনক ৷
আৰটিআাইৰ নামত ধন বিচৰাৰ তথ্যসহ আজমল ফাউণ্ডেচনে হোজাই থানাত এটা গোচৰ দাখিল কৰিছে আৰু ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
Comments