Choose Language

  • All  
  • English
  • অসমীয়া

অসম কৃষি বিশ্ববিদ্যালয়ত সমন্বিত পাম পদ্ধতিৰ অগ্ৰণী গৱেষণা কেন্দ্ৰ মুকলি


Published on February 22, 2021 | News Source: অভিজিত হাজৰিকা
Share This Page
Related Stories

খেতিয়কক সন্মান নকৰাৰ বাবেই কৃষি খণ্ড উজলি উঠা নাই- মুখ্যমন্ত্রী


Published on February 11, 2021|News Source : জনমভূমি

গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্টাৰ, ১০ ফেব্রুৱাৰী ঃ আমাৰ সমাজত খেতিয়কসকলক বহু লোকেই সন্মান নকৰে৷ যাৰ বাবে আজিও ৰাজ্যৰ কৃষি খণ্ড উজলি উঠা নাই৷  খেতিয়কসকলক সন্মান কৰিবৰ বাবে আহ্বান জনাই এই  মত ব্যক্ত কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷

গুৱাহাটীৰ পশুধন পাম খেলপথাৰত অনুষ্ঠিত পশুধন আৰু হাঁহ-কুকুৰা মেলা-২০২১ৰ সামৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি সোণোৱালে কয় যে কৃষকসকলৰ কর্মক মর্যাদাসহকাৰে মূল্যায়ন কৰিব লাগে৷ তেতিয়াহে কৃষকসকলে দুগুণ উৎসাহেৰে কাম কৰিবৰ বাবে আগ্রহী হয়৷

ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলক স্ব-নির্ভৰশীল হ’বলৈ আহ্বান জনাই তেওঁ লগতে কয় যে আত্মসন্মান ৰক্ষা কৰি জীয়াই থাকিবলৈ হ’লে স্ব-নির্ভৰশীল হ’বই লাগিব৷ এইক্ষেত্রত আত্মবিশ্বাসেৰে আগুৱাই গ’লেহে জয়লাভ কৰিব পাৰি৷

আনহাতে ৰাজ্য চৰকাৰখনে ৰাজ্যত ইখনৰ পাছত সিখনকৈ উচচ শিক্ষাৰ প্রতিষ্ঠান গঢ়ি তোলাৰ কথা উল্লেখ কৰি সোণোৱালে কয় যে আমাৰ ছাত্র-ছাত্রীসকল যাতে উচচ শিক্ষা গ্রহণ কৰিবৰ বাবে বাহিৰলৈ যাবলগীয়া নহয় তাৰ বাবেই চৰকাৰে উচচ শিক্ষাৰ প্রতিষ্ঠান প্রতিষ্ঠা কৰাত সর্বাধিক গুৰুত্ব দিছে৷ ৰাজ্যৰ কৃষি খণ্ডত হোৱা বিকাশৰ বাবে তেওঁ কৃষি মন্ত্রী অতুল বৰাকো ধন্যবাদ জ্ঞাপন কৰে৷

ইফালে অনুষ্ঠানত অংশগ্রহণ কৰি ৰাজ্যৰ কৃষি, পশুপালন আৰু উদ্যান শস্য বিভাগৰ মন্ত্রী অতুল বৰাই কয় যে কৰ’না মহামাৰীয়ে আমাক বহু কথা শিকালে৷ আত্মনির্ভৰশীল হ’বৰ বাবে নতুন নতুন বাটৰ সন্ধান দিলে৷ যাৰ বাবে আজি নতুন প্রজন্মৰ বহুসংখ্যক যুৱক-যুৱতীও হাঁহ কুকুৰা পালনৰ বাবে আগবাঢ়ি আহিছে৷

ৰাজ্য চৰকাৰখনে ৰাজ্যৰ যুৱক-যুৱতীসকল স্ব-নিয়োজিত হোৱাৰ ক্ষেত্রত সর্বাধিক গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰি তেওঁ লগতে কয় যে এইক্ষেত্রত আমি নতুন নতুন পৰিকল্পনাৰে বহুকেইখন আঁচনি হাতত লৈছোঁ৷ উক্ত আঁচনিসমূহ ৰূপায়িত হ’লে ৰাজ্যৰ হাঁহ- কুকুৰাকে ধৰি আন আন পশুধনসমূহ আন আন ৰাজ্যলৈ ৰপ্তানি সক্ষম হ’ব৷

পশুধন আৰু হাঁহ-কুকুৰা পালন কৰিয়েই অসমীয়াই অর্থনৈতিক বুনিয়াদ শক্তিশালী কৰিবলৈ সক্ষম হ’ব বুলিও দৃঢ়তাৰে মত ব্যক্ত কৰে মন্ত্রীজনে৷ আনহাতে অনুষ্ঠানত অংশগ্রহণ কৰি জলসম্পদ বিভাগৰ মন্ত্রী কেশৱ মহন্তই কয় যে ৰাজ্যখনত পশুধন আৰু হাঁহ-কুকুৰা নিগমে নতুনত্ব আনিবলৈ সক্ষম হৈছে৷

যাৰ বাবে আজি ৰাজ্যৰ হাজাৰ হাজাৰ লোকে স্ব-নিয়োজনৰ বাট বিচাৰি পাবলৈ সক্ষম হৈছে৷ কৰ’না কালত অসমৰ শাক-পাচলি তথা আন আন সামগ্রী বিদেশলৈকো ৰপ্তানি কৰা হৈছিল বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে অনাগত দিনত গাখীৰ, কণী আদি আন ৰাজ্যৰ পৰা আমদানি কৰাৰ পৰিৱর্তে ৰপ্তানি কৰিবলৈ সক্ষম হ’ব৷ অনুষ্ঠানত অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়ায়ো ভাষণ দিয়ে৷

 

নাবাৰ্ডৰ চেয়াৰমেনৰ সৈতে অসম কৃষি বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা


Published on February 3, 2021|News Source : জনমভূমি সংবাদ


যোৰহাট,৩ ফেব্ৰুৱাৰী: ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক( নাবাৰ্ড) আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ মাজত  এখন উচ্চস্তৰীয় পৰ্যালোচনা সভা অনুষ্ঠিত হয় । অসম কৃষি বিশ্ববিদ্যালয়ৰ খানাপাৰা চৌহদত  অনুষ্ঠিত এই উচ্চস্তৰীয়  সভাত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক(নাবাৰ্ড)ৰ  চেয়াৰমেন ড° জি আৰ ছিন্টালা উপস্থিত থাকে ।

 অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই  সভাত বক্তব্য ৰাখি নাবাৰ্ডৰ সহযোগত কৃষি বিজ্ঞান কেন্দ্ৰসমুহত ৰূপায়িত হৈ থকা আঁচনি সমুহৰ বিষয়ে সবিশেষ ব্যাখ্যা দাঙি ধৰে ।অসম কৃষি বিশ্ববিদ্যালয়ে ৰূপায়ন কৰিবলৈ লোৱা ' আমাৰ গাঁও- আমাৰ গৌৰৱ  শীৰ্ষক অভিলাসী কৰ্মসূচী সন্দৰ্ভতো  অৱগত কৰি কৃষিক্ষেত্ৰৰ উন্নয়নৰ ক্ষেত্ৰত নাবাৰ্ডৰ সহযোগিতা কামনা কৰে । নাবাৰ্ডৰ চেয়াৰমেন গৰাকীয়ে বক্তব্যত বৰ্তমানৰ জটিল সময়ৰ প্ৰেক্ষাপটে কৃষকক অধিক কৃষি উৎপাদনৰ বাবে আগুৱাই নিছে বুলি উল্লেখ কৰি কৃষকক তেওলোকৰ  মানসিকতা সলনি  কৰি দুতৰপীয়া বা তিনিতৰপীয়া কৃষি উৎপাদন কৰিব পৰাকৈ সক্ষম কৰাৰ দিশত পদক্ষেপ লবলৈ বিশ্ববিদ্যালয় আৰু কৃষি বিজ্ঞান কেন্দ্ৰসমুহক আহ্বান জনাই । কেৱল উৎপাদনেই প্ৰাথমিক কথা নহয় বুলি উল্লেখ কৰি  কয় যে উপভোক্তা আৰু বজাৰ কেন্দ্ৰিকতাৰ সৈতে কৃষকৰ সংযোগ ঘটোৱাৰ দিশত কেন্দ্ৰীভূত চিন্তা কৰিব লাগিব ।আমি প্ৰানৱন্ত কৃষক আৰু আত্মনিৰ্ভৰ  কৃষক সৃষ্টিত মনোনিবেশ কৰিব লাগিব । সভাত বক্তব্য ৰাখি নাবাৰ্ডৰ সহকাৰী পৰিচালন সঞ্চালক সূৰ্য্য কুমাৰে নাবাৰ্ডৰ বিষয়ে আলোকপাত কৰি ক্ষুদ্ৰ গৃহ প্ৰকল্পৰ জৰিয়তে এই দিশত অসম কৃষি বিশ্ববিদ্যালয়ক সহযোগ আগবঢ়াব বুলি প্ৰকাশ কৰে ।

এই আলোচনাত অসম কৃষি বিশ্ববিদ্যালয়স্থ  নীতিহাবৰ মুখ্য কাৰ্যবাহী বিষয়া কে কাৰ্টিকায়ন, বঙাইগাও কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড° চি কে শৰ্মা ই  অগ্ৰগতিৰ এক খতিয়ান ডাঙি ধৰে । অনুষ্ঠানত  নাবাৰ্ডৰ অসম ক্ষেত্ৰীয় কাৰ্যালয়ৰ চিফ জেনেৰেল মেনেজাৰ  এছ এছ সাহা, আটাৰী ( ভাৰতীয় কৃষি গৱেষণা পৰিষদ) গুৱাহাটী  জ' নৰ সঞ্চালক ড° এ কে ত্ৰিপাটী , অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠক আৰু খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বিজ্ঞানগুৰু ড° বি এন শইকীয়া উপস্থিত থাকে।

কৃষি কার্যই নিবনুৱা সমস্যা সমাধানৰ মূল উপায়


Published on February 10, 2021|News Source : জনমভূমি

লালপুলৰ পৰা টংলাৰ নিজা প্রতিবেদক, ৯ ফেব্রুৱাৰী ঃ ‘বিধানসভাৰ আগন্তুক নির্বাচনত আমি পূর্বতকৈ অধিক সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিম৷  পূর্বে আমাৰ দখলত নথকা সমষ্টিতো প্রার্থিত্ব দিম৷ কোন কোন সমষ্টিত প্রার্থিত্ব দিম সেয়া এই মুহূর্তলৈ থিৰাং কৰা নাই৷

আমি ৰাইজৰ ওচৰলৈ গৈ ৰাইজৰ সৈতে আলোচনা কৰি আছোঁ৷ ৰাইজৰ দিহা-পৰামর্শৰ পাছতহে আমি নির্বাচন খেলিব বিচৰা সমষ্টিসমূহৰ নাম ৰাজহুৱা কৰিম৷’ আজি ওদালগুৰি জিলাৰ লালপুলত জিলা কৃষি বিজ্ঞান কেন্দ্রৰ নৱনির্মিত প্রশাসনিক ভৱন উদ্বোধন কৰি এই মন্তব্য কৰে ৰাজ্যৰ কৃষি মন্ত্রী তথা অগপৰ সভাপতি অতুল বৰাই৷ অগপৰ দখলত থকা সমষ্টিতো বিজেপিয়ে ব্যাপক সাংগঠনিক তৎপৰতা বৃদ্ধি কৰাৰ বিপৰীতে আমিও বিজেপিৰ দখলত থকা সমষ্টিত সভা-সমিতি কৰি আছোঁ বুলি মন্তব্য কৰে মন্ত্রী বৰাই৷

বিজ্ঞান কেন্দ্রটোৰ ভৱন উদ্বোধন উপলক্ষে ভৱনটোৰ চৌহদত অনুষ্ঠিত সভাত অংশগ্রহণ কৰি মন্ত্রীজনে এই কেন্দ্রটোৰ পৰা জিলাখনৰ লগতে সমীপৱর্তী অঞ্চলৰ কৃষকসকল যথেষ্ট উপকৃত হ’ব বুলি আশা প্রকাশ কৰে৷ তেওঁ কয় যে ওদালগুৰিৰ মাটি অত্যন্ত সাৰুৱা৷ চেষ্টা কৰিলে এই অঞ্চলটোত শস্য নদন-বদন হ’ব৷

দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কৃষিক্ষেত্রৰ বাবে দেখা সপোন বাস্তৱত ৰূপায়িত হ’ব লাগিব৷ কৃষি কর্মক বাণিজ্যিক ভিত্তি হিচাপে লোৱাৰ প্রয়োজন আহি পৰিছে৷ পূর্বে ৰাজ্যখনত কৃষি বিভাগৰ বিষয়াসকলে ক্ষেত্র অধ্যয়নৰ পৰিৱর্তে কার্যালয়তে বহি আছিল৷ যাৰ ফলত কৃষি ক্ষেত্রখন তুলনামূলকভাৱে পিছ পৰি আছিল৷ কিন্তু এতিয়া সকলো পৰিৱর্তন হোৱা দেখা গৈছে৷

ৰাজ্যখন ক্রমান্বয়ে কৃষি বিপ্লৱৰ সূচনা হোৱাৰ দিশে আগবাঢ়িছে৷ বর্তমান কৃষি বিভাগটোৱে ক্ষুদ্র ক্ষুদ্র জলসিঞ্চনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ কৃষিকর্মত যান্ত্রিকতাৰ সংযোজন ঘটাই ইতিমধ্যে ৪৩ হাজাৰ কৃষকে টিউবৱেল, পাৱাৰ টিলাৰ লাভ কৰি কৃষিকার্যত ব্যৱহাৰ কৰিছে৷

ইতিমধ্যে ৰাজ্য চৰকাৰখনে কৃষকসকলক ট্রেক্টৰ প্রদানৰো ব্যৱস্থা হাতত লৈছে৷ দলগাঁও, ছয়গাঁৱত বৃহৎ বৃহৎ শীতলীকৰণ গৃহ নির্মাণৰ লগতে ৰাজ্যৰ ভিন্ন প্রান্তত শীতলীকৰণ কোঠা নির্মাণ সম্পূর্ণ হৈছে৷ ৰাজ্যখনত পশুপালনৰ দিশতে কেইবাটাও নতুন পদক্ষেপ গ্রহণ কৰা হৈছে৷

ইতিমধ্যে পশুৰ বাবে ৰাজ্যখনত পাঁচখনকৈ এম্বুলেঞ্চ মুকলি কৰা হৈছে৷ সমান্তৰালভাৱে এশতকৈ অধিক পশু চিকিৎসালয় গৃহ নির্মাণ কৰা হৈছে৷ ৰাজ্যত নিবনুৱা সমস্যা সমাধানৰ মূল উপায় হৈছে কৃষিকার্য৷ কৃষকসকলক সহায়ৰ বাবে প্রদান কৰা ধন একাংশ অকৃষকেও লাভ কৰিছে৷ তেওঁলোকে সেই ধন ঘূৰাই নিদিলে ৰেহাই নাপাব৷ আগন্তুক দুই-তিনি বছৰত ৰাজ্যৰ কৃষিক্ষেত্রখন অধিক উন্নয়নৰ দিশত আগবাঢ়ি যাব৷

কৃষিকার্যৰ উন্নয়নৰ বাবে কৃষকসকলক সকলো প্রকাৰে সহায় কৰা হ’ব৷ মন্ত্রীগৰাকীয়ে এইক্ষেত্রত ৰাজ্যবাসীৰ সহযোগিতা কামনা কৰে৷ ইফালে সাংবাদিকৰ সৈতে হোৱা বার্লাপত মন্ত্রী বৰাই ৰাজনৈতিক দিশ সন্দর্ভত কয় যে আগন্তুক নির্বাচনত অগপ দলে পূর্বতকৈয়ো ভাল ফলাফল লাভ কৰিব৷

পূর্বতকৈ অধিক আসনত প্রার্থী প্রদানৰ দাবী কৰি মন্ত্রীজনে কয় যে আগতে যিমান আসন পাইছিলোঁ, তাতকৈ এইবাৰৰ নির্বাচনত আৰু অধিক আসন লাভ কৰিম৷ বর্তমান বিভিন্ন সমষ্টিৰ ৰাইজৰ সৈতে আলোচনা কৰি থকাৰ কথা উল্লেখ কৰি পৰৱর্তী সময়ত কোন কোন সমষ্টিত নির্বাচন খেলা হ’ব সেয়া ৰাইজৰ মতামতৰ পাছতহে প্রকাশ কৰিব বুলি উল্লেখ কৰে৷

ইফালে আজমল আৰু শংকৰদেৱ বিতর্ক সন্দর্ভত সাংবাদিকৰ প্রশ্নৰ উত্তৰত তেওঁ কয় যে এয়া হয়তো নজনাৰ বাবে অর্থাৎ অজ্ঞাতে সংঘটিত হোৱা কার্য৷ যদিহে পৰিকল্পিতভাৱে এনে কার্য সংঘটিত হৈছে তেন্তে এয়া সাংঘাতিক ভুল হোৱা বুলিও তেওঁ মন্তব্য কৰে৷ সভাত উপস্থিত থাকি স্থানীয় বিধায়ক তথা মন্ত্রী ৰিহণ দৈমাৰীয়ে ভাষণ দি কেন্দ্রটোৰ পৰা জিলাবাসী উপকৃত হোৱাৰ কথা উল্লেখ কৰে৷

আজিৰ সভাত উপস্থিত থাকে জিলাৰ উপায়ুক্ত প্রকাশ ৰঞ্জন ঘৰফলীয়া, বি টি চিৰ ই এম নিলুট স্বর্গীয়াৰী, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ বিদ্যুৎ চন্দ্র ডেকা, আই চি এ আৰ গুৱাহাটী জ’নৰ সঞ্চালক ড০ এ কে ত্রিপাঠীকে ধৰি কেইবাগৰাকীও কৃষি বিজ্ঞানীসহ বহু বিশিষ্ট ব্যক্তি৷

 

Cartoon
View Older

 

December 7, 2021


Entertainment
View Older

North-East
View Older

From Our Archive

Create Account