Classifieds
View All
প্ৰণৱজ্যোতি দত্ত,২৫ ফেব্ৰুৱাৰী:কাইলৈ দেশজুৰি বন্ধ হৈ পৰিব ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ।পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ভাৰত পৰিবহন কৰ্মী কল্যাণ সংঘই ২৬ ফেব্ৰুৱাৰিত দেশজুৰি চকা বন্ধৰ আহ্বান জনাইছে।
কনফেডাৰশ্যন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছেও ভাৰত বন্ধৰ আহ্বান জনাইছে।চকা বন্ধৰ সময়ত ২৬ ফেব্ৰুৱাৰিত দেশত সামগ্ৰী পৰিবহনকাৰী ট্ৰাক সমূহৰ চলাচল সম্পুৰ্ণৰূপে বন্ধ হৈ পৰিব।
আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ বজাৰত চাহিদা আৰু মূল্য বৃদ্ধি নোহোৱাৰ পাছতো ভাৰতত পেট্ৰ’ল-ডিজেলৰ ক্ৰমবৰ্দ্ধমান মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিয়ে ভাৰত পৰিবহন কৰ্মী কল্যাণ সংঘই চকা বন্ধৰ আহ্বান জনাইছে।
অসমতো পৰিব এই বন্ধৰ প্ৰভাৱ।ব্যৱসায়ীসকলক বন্ধ পালন কৰিবলৈ আহ্বান জনাইছে কামৰূপ চেম্বাৰ অব কমাৰ্চে।
Comments