Classifieds
View All
গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী: পৰিবেশ কৰ্মী দিশা ৰবিক দিল্লীৰ এখন আদালতে ১লাখ টকাৰ জামিন বণ্ডৰ বিনিময়ম জামিন প্ৰদান কৰিছে ৷
উল্লেখ্য যে যোৱা ১৩ ফেব্ৰুৱাৰীত পৰিবেশ কৰ্মী গৰাকীক বাংগালোৰৰ পৰা আটক কৰা হৈছিল। কৃষকৰ প্ৰতিবাদৰ সৈতে সম্পৰ্ক থকা ‘ট’লকিট’ সম্পাদন কৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰা বাবেই দিশাক গ্ৰেপ্তাৰ কৰা হৈছিল ৷
শুকুৰবাৰে দিল্লী আদালতে পৰিবেশ কৰ্মী দিশা ৰবিক তিনিদিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল আৰু যোৱাকালি দিল্লীৰ এজন দণ্ডাধীশে এদিনৰ বাবে আৰক্ষী জিম্মাত ৰখাৰ অনুমতি প্ৰদান কৰিছিল ৷
উক্ত ঘটনাত নিকিতা জেকব আৰু শান্তনু মুলুকৰ নামো সাঙোৰ খাই পৰিছে ৷
Comments