Classifieds
View All
প্ৰণৱজ্যোতি দত্ত,২৩ফেব্ৰুৱাৰী:অসমত শেহতীয়াকৈ কৰ'নাৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি পোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।অসমত পুনৰ লকডাউন দিব বুলি সামাজিক মাধ্যমত এক ভুৱা খবৰ বিয়পিছে।
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,"কৰ'নাৰ সংক্ৰমণ হোৱাৰ খবৰ অলপ বেছিকৈ ওলাইছে।চিন্তাৰ কাৰণ নাই।প্ৰতিদিনে ৩৫০০ আক্ৰান্ত হোৱাৰ সময়ত আমি লকডাউন দিয়া নাই।
১৪ আৰু ৭জন আক্ৰান্ত হ’লে কি লকডাউন হ’ব।নতুন ক'ভিড প্ৰটকলৰ একো প্ৰয়োজন নাই।"
ইফালে সামাজিক ব্যৱধান আৰু মাস্ক পৰিধান কৰিবলৈ ৰাইজলৈ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ।ৰাইজক আতংকিত নহ’বলৈও আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে।কিবা প্ৰয়োজন থাকিলে জনাম বুলিও ক’লে হিমন্ত বিশ্ব শৰ্মাই।
Comments