গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী: কৰ্ণাটকত চিক্কাবল্লাপুৰ জিলাৰ এটা কোৱেৰিত ব্যৱহাৰ হোৱা জিলেটিন ষ্টিকৰ বিস্ফোৰণত ৬জন ব্যক্তি নিহত হোৱাৰ খবৰ পোৱা গৈছে। প্ৰাপ্ত খবৰ অনুসৰি অবৈধভাৱে মজুত কৰি ৰখা জিলেটিন আৰক্ষীৰ অভিযানৰ পৰা বচাবলৈ বাৰসমূহ নষ্ট কৰিবলৈ যাওঁতে হঠাতে বিস্ফোৰণ ঘটা বুলি অভিযোগ উত্থাপন কৰা হৈছে ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত শোক প্ৰকাশ কৰি সামাজিক মাধ্যমত লিখে –“কৰ্ণাটকৰ বিস্ফোৰণত প্ৰাণ হেৰোৱাত মই মৰ্মাহত হৈছো। মৃতকসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ। আহতসকল শীঘ্ৰে সুস্থ হৈ উঠক তাৰেই প্ৰাৰ্থনা কৰিছো।‘’
কর্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়াডুৰাপ্পাই এই ঘটনাত শোক প্ৰকাশ কৰি ঘটনাৰ শীঘ্ৰে আৰু অভিযুক্তসকলৰ বিৰুদ্ধ কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে নির্দেশ প্ৰদান কৰিছে ৷ উল্লেখ্য যে যোৱা ২২ জানুৱাৰীত কৰ্ণাটকৰ শিভমোগা জিলাৰ এটা শিলৰ খনিৰ উদ্যোগত হোৱা ডিনামাইট বিস্ফোৰণৰ ফলত ৮জন ব্যক্তিৰ মৃত্যু হৈছিল৷ খবৰ অনুসৰি দুৰ্ঘটনাত মৃত্যু হোৱা ব্যক্তি কেইজনে এখন ট্ৰাকত এক ঔদ্যোগিক ব্যৱহাৰৰ বাবে প্ৰয়োজনীয় বিস্ফোৰক কঢ়িয়াই নিছিল ৷ বিস্ফোৰণত ট্ৰাকখনো সম্পূৰ্ণৰূপে ধ্বংস হৈছিল৷
Comments