Cartoon
View Older
দিখৌমুখ ,নিজাপ্ৰতিবেদক ২৩ ফেব্ৰুৱাৰী: দুষ্প্ৰাপ্য প্ৰজাতিৰ এটা শগুণৰ মৃত্যুত আজি দিখৌমুখত প্ৰকৃতিপ্ৰেমী সকলক মৃয়মান কৰি তুলিছে ।
উল্লেখযোগ্য যে দিখৌমুখ সেউজ পুৰ গাঁৱৰ পথাৰত এটি শগুণৰ মৃতদেহ প্ৰতক্ষ কৰি স্থানীয় লোকে পৰিৱেশ কৰ্মী হীৰেন দত্তক খবৰ দিয়াত দত্তই ঘটনাস্থলিলৈ আহি শগুণৰ মৃতদেহটো উদ্ধাৰ কৰি অনুসন্ধান কৰি জানিব পাৰে যে জকাইছুক পথাৰত অচিন ৰোগত মৃত্যু হোৱা এটা ম'হৰ মাংস ভক্ষণ কৰাৰ ফলতে শগুণটোৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ।
ইতিমধ্যে পৰিবেশ কৰ্মী হীৰেন দত্তৰ তৎপৰতাত মহটোৰ মৃতদেহ মাটিত পুতি পেলোৱাৰ ব্যৱস্থা কৰাৰ লগতে স্থানীয় গৰু মহ পালক সকলক অসুখত ভুগি মৃত্যু হোৱা পশুধন সমূহ মুকলি পথাৰত পেলাই নিদি নিদিৰ্ষ্ট গাত খান্দি পুতি পেলাবলৈ আহ্বান জনাইছে আৰু বিষয়টোৰ সন্দৰ্ভত শিৱসাগৰ জিলা বন বিভাগক অৱগত কৰিছে ।
Comments