Classifieds
View All
গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী: ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই আজি শদিয়াত ১০০ খন বিচনাযুক্ত শদিয়া মহকুমা অসামৰিক চিকিৎসালয়ৰ শুভ উদ্বোধন কৰে ৷
মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত উল্লেখ কৰা অনুসৰি ১২৩৫দিন আগতে স্থাপন কৰা উক্ত চিকিৎসালয়খন ২০ কোটি ৫৩ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে ৷
মন্ত্ৰী হিমন্তই আগন্তুক কিছুদিনৰ ভিতৰতে সকলো আধুনিক সা-সজুলি শদিয়া মহকুমা অসামৰিক চিকিৎসালয় পাব আৰু কমদিনৰ ভিতৰতে অস্ত্ৰোপচাৰৰ সেৱা আৰম্ভ কৰা হ’ব বুলি উল্লেখ কৰে ৷
তদুপৰি মন্ত্ৰীজনে বোকাজান অসামৰিক চিকিৎসালয়ৰ ভূমি পূজন প্ৰক্ৰিয়া কৰে লগতে প্ৰায় ১০০ কোটি টকা ব্যয়ৰে নির্মাণ হোৱা মিনি ষ্টেডিয়াম, প্ৰেক্ষাগৃহ, বোকাজন খেলপথাৰত ইণ্ডৰ ষ্টেডিয়াম আৰু মুকলি মঞ্চ, আৰচিচি দলং আৰু বিভিন্ন প্ৰকল্প উদ্ধোধন কৰে ৷
Comments