বঙাইগাঁও, ,২৩ ফেব্ৰুৱাৰী: কমতাপুৰ স্বায়ত্ব শাসন পৰিষদ গঠন আৰু এই পৰিষদৰ মুখ্য কাৰ্যনিৰ্বাহক পদবীক লৈ কোচৰাজবংশী জনগোষ্ঠীৰ লোক সকলৰ মাজত তীব্ৰ উৎকন্ঠা অব্যাহত আছে৷
ৰাজ্য চৰকাৰে কমতাপুৰ স্বায়ত্বশাসন পৰিষদৰ ঘোষণা কৰিছে যদিও আজিলৈকে পৰিষদ খনৰ অন্তৱৰ্তীকালিন পৰিষদখন গঠন নকৰাত আক্ৰাছুয়ে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে৷ আক্ৰাছুয়ে অতি শীঘ্ৰে পৰিষদখন গঠন কৰিবলৈ দাবী কৰাৰ লগতে আক্ৰাছুক সম্পাদক গোকুল বৰ্মনক পৰিষদৰ মুখ্য সদস্য পদ প্ৰদান ককিবলৈ দাবী উত্থাপন কৰে ৷
আজি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ নেতা কৰ্মী সকলে বঙাইগাঁও চহৰত বিশাল বাইক ৰেলী উলিয়াই পৰিষদ গঠন আৰু মুখ্য কাৰ্যনিৰ্বাক পদ টো গোকুল বৰ্মনক দিবলৈ দাবী জনাই চহৰত বাইক ৰেলী উলিয়ায়৷ আক্ৰাছুৰ মুখ্য কাৰ্যালয় বৰপাৰাৰ পৰা আৰম্ভ হোৱা বাইক ৰেলী চহৰৰ মায়াপুৰী, চাপাগুৰী হৈ চহৰৰ গান্ধী ময়দানত উপস্থিত হয়৷ ইপিনে কমতাপুৰ স্বায়ত্বশাসন পৰিষদৰ মুখ্য কাৰ্যনিৰ্বাহক সদস্য পদটো পৰিষদৰ ভিতৰৰ লোকক নিয়োগ কৰাৰ আইনত উল্লেখ আছে যদিও পৰিষদৰ বাহিৰৰ লোকক দিব খোজাত জনগোষ্ঠীটোৰ মাজত তীব্ৰ প্ৰতিক্ৰিাৰ সৃষ্টি হয়৷
একাংশ জনগোষ্ঠীয় সংগঠনৰ নেতা কৰ্মীয়ে এই লৈ বিৰুপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পৰিষদৰ ভিতৰৰ উচ্চ শিক্ষিত আৰু সংগ্ৰামী লোকক প্ৰদান কৰিবলৈ দাবী কৰে৷ এক প্ৰকাৰ কমতাপুৰ স্বায়ত্বৃশাসন পৰিয়দৰ পদক লৈ জনগোষ্টীটোৰ মাজত টনা আজোৰা সৃষ্টি হৈছে আৰু নিজৰ মাজতে মতানক্যৰ সৃষ্টি হৈছে৷
Comments